আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ?
আই চি চিয়ে প্ৰকাশ কৰিছে টেষ্ট বলাৰৰ শেহতীয়া ৰেংকিং । এই তালিকাত প্ৰথম স্থানত আছে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ । আই চি চি টেষ্ট বলাৰৰ শীৰ্ষ ৫ ৰেংকিঙত বুমৰাহ একমাত্ৰ ভাৰতীয় বলাৰ । শীৰ্ষ ৫ৰ তালিকাত আছে অষ্ট্ৰেলিয়াৰ দুজন বলাৰ । একে সময়তে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান দলৰ এজন বলাৰ এই তালিকাত আছে । এইবাৰ ৰেংকিঙত এটা পৰিৱৰ্তনহে দেখা গৈছে ।
আই চি চি টেষ্ট ৰেংকিং শীৰ্ষ-৫ বলাৰ
যশপ্ৰীত বুমৰাহঃ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ । বৰ্তমান বুমৰাহ ৯০৭ ৰেটিংৰে প্ৰথম স্থানত আছে । শেহতীয়াকৈ ২০২৪-২৫ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচত ৩২টা উইকেট দখল কৰিছিল বুমৰাহে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত প্ৰথমখন টেষ্টত পাঁচ উইকেট দখল কৰে তেওঁ ।
কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ ৰাবাডা এই তালিকাত ৮৫৯ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাই শক্তিশালী বলিং প্ৰদৰ্শন আগবঢ়াইছিল । যাৰ বাবে দক্ষিণ আফ্ৰিকাই এই খিতাপ দখল কৰে । ফাইনেলত ৰাবাডাই ৯টা উইকেট দখল কৰে ।
পেট কামিন্সঃ অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ৮৪৬ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ তৃতীয় স্থানত আছে । ভাৰতৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত কামিন্সে ২৫টা উইকেট দখল কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো তেওঁ ভাল বলিং প্ৰদৰ্শন আগবঢ়াইছিল । ফাইনেলত তেওঁ ৭টা উইকেট দখল কৰে ।
জোছ হেজলউডঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ হেজলউডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ভাল বলিং কৰিছে । প্ৰথমখন মেচত ৫ উইকেটৰ হল লয় তেওঁ । প্ৰথমখন মেচত তেওঁ মুঠ ৭টা উইকেট দখল কৰিছিল, যাৰ বাবে তেওঁ এটা স্থান আগুৱাইছে । এতিয়া তেওঁ ৮১৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত উপনীত হৈছে ।
নোমান আলীঃ পাকিস্তানী বলাৰ নোমান আলী শীৰ্ষ ৫ তালিকাৰ একমাত্ৰ স্পীন বলাৰ । ৮০৬ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নোমান । তেওঁ এটা স্থান অৱনমিত হৈছে ।
লগতে পঢ়ক : সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!