দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি
ভাৰতত দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিস্থিতিৰ লগে লগে চাকৰিৰ বজাৰখনো অহৰহ বিকশিত হৈ আছে । বহুতো নতুন চাকৰি আহি আছে, আনহাতে কিছুমান পুৰণি চাকৰি ক্ৰমান্বয়ে কমি আহিছে । কৃত্ৰিম বুদ্ধিমত্তা আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰা দুটা ধাৰা যিয়ে চাকৰিৰ বজাৰখনক গঢ় দি থাকিব । এই প্ৰতিবেদনত এনে চাকৰিৰ তালিকা দিয়া হৈছে যাৰ চাহিদা যোৱা তিনি বছৰত বৃদ্ধি পাইছে । লিংকডইনৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । জানক দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰিৰ বিষয়ে ।
এয়াৰক্রাফ্ট মেইণ্টেইনেন্স ইঞ্জিনীয়াৰ–
এই পদৰ বাবে কৰ্মচাৰীজনৰ বিমান পৰিদৰ্শন, মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ জ্ঞান আৰু দক্ষতা থাকিব লাগিব । এনে ভূমিকাৰ বাবে সাধাৰণ উদ্যোগসমূহ হ’ল বিমান সংস্থা আৰু বিমান পৰিবহণ, পৰিবহণ সঁজুলি নিৰ্মাণ, আৰু যন্ত্ৰপাতি নিৰ্মাণ ।
ৰবটিক্স টেকনিচিয়ান-
এই ধৰণৰ কাৰিকৰী বিদ্যাধাৰীসকলে ৰবটিক ব্যৱস্থা আৰু সঁজুলি নিৰ্মাণ, একত্ৰিত, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণত সহায় কৰে । প্ৰাৰ্থীসকলৰ Arduino IDE, Internet of Things (IoT) আৰু Python ৰ জ্ঞান থাকিব লাগে ।
ক্লজিং মেনেজাৰ-
এই মেনেজাৰসকলৰ কাম হ’ল ৰিয়েল এষ্টেট প্ৰজেক্টৰ প্ৰতি আগ্ৰহী ক্লায়েণ্টসকলৰ যত্ন লোৱা । প্ৰতিবেদন অনুসৰি তেওঁলোকৰ কামৰ ভিতৰত আছে ছাইট ভিজিট, ফ’ল’-আপ, নথিপত্ৰ আৰু চুক্তি চূড়ান্ত কৰা ।
BIM টেকনিচিয়ান-
বিল্ডিং ইনফৰ্মেশ্যন মডেলিং (BIM) টেকনিচিয়ান হৈছে এনে লোক যিয়ে এটা বিল্ডিং নিৰ্মাণৰ পূৰ্বে কম্পিউটাৰত ডিজিটেল মডেল তৈয়াৰ কৰে । এই মডেলটো দেখাত প্ৰকৃত অট্টালিকাৰ দৰেই, কিন্তু ই কম্পিউটাৰত থাকে ।
চাচটেইনিবিলিটি মেনেজাৰ-
বহনক্ষমতা বিশ্লেষক বা পৰিচালক হ’ল এনে লোক যিয়ে কোম্পানীসমূহক কয় যে তেওঁলোকে কেনেকৈ পৰিৱেশৰ কম ক্ষতি কৰিব পাৰে আৰু তেওঁলোকৰ কোম্পানীক অধিক বহনক্ষম কৰি তুলিব পাৰে । এই লোকসকলে কোম্পানীটোৰ কাম-কাজৰ সৈতে জড়িত সকলো তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰে ।
বিহেভিয়াৰেল থেৰাপিষ্ট-
যিসকল লোকে নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা পায় তেওঁলোকক সহায় কৰে এই সকল বিশেষজ্ঞই । তেওঁলোকে এই লোকসকলৰ লগত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰে আৰু তেওঁলোকক সহায় আগবঢ়ায় ।
ভ্ৰমণ বিশেষজ্ঞ
ভ্ৰমণ বিশেষজ্ঞ হ’ল আপোনাৰ যাত্ৰাৰ সম্পূৰ্ণ পৰিকল্পনা কৰা লোক । ধৰি লওক আপুনি ক’ৰবালৈ যাব বিচাৰে, তেতিয়া এই সকলে আপোনাৰ বাবে সকলো ব্যৱস্থা কৰে ।
মেকানিকেল ইঞ্জিনিয়াৰ-
এই লোকসকলে এনেকুৱা সামগ্ৰী নিৰ্মাণ কৰে আৰু পৰীক্ষা কৰে যিবোৰে আমাৰ জীৱনটো সহজ কৰি তোলে । তেওঁলোকে এয়াৰ কণ্ডিচনাৰ, ইলেক্ট্ৰিক জেনেৰেটৰ, বাহন আৰু লিফ্টকে ধৰি বিভিন্ন যন্ত্ৰ আৰু ব্যৱস্থাৰ ডিজাইন, বিকাশ আৰু পৰীক্ষা কৰে ।
ফউড এণ্ড বেভাৰেজ মেনেজাৰ-
এই ধৰণৰ মেনেজাৰে যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত খাদ্য আৰু পানীয় সেৱাৰ দৈনন্দিন কাম-কাজ চোৱাচিতা কৰে । তেওঁলোকৰ কামৰ ভিতৰত আছে কৰ্মচাৰী ব্যৱস্থাপনা, গুণগত নিয়ন্ত্ৰণ, মেনু প্ৰস্তুত কৰা আৰু গ্ৰাহকক সেৱা আগবঢ়োৱা ।
ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং মেনেজাৰ-
ছ’চিয়েল মিডিয়াত অতি বিখ্যাত লোক (প্ৰভাৱশালী)ৰ সৈতে কাম কৰি কোনো সামগ্ৰী বা সেৱাৰ প্ৰচাৰ কৰা লোকক ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং মেনেজাৰ বা বিশেষজ্ঞ বোলা হয় ।
লিংকডইনৰ প্ৰতিবেদন অনুসৰি এইকেইটাই হৈছে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি ।
লগতে পঢ়ক : AI ৰ বাবে চাকৰিক লৈ চিন্তিত নেকি ? এই চাকৰিবোৰৰ ঠাই ল’ব নোৱাৰে এ আইয়ে !