উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ;গৌতম গম্ভীৰ
RCB এ আই পি এল ২০২৫ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুত কেইবাজনো লোক নিহত আৰু আহত হোৱাৰ মৰ্মান্তিক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে।
এখন সংবাদমেলত তেওঁ কয় যে উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ।উল্লেখযোগ্য যে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আয়োজন কৰা বিজয় পেৰেডৰ পূৰ্বেই ষ্টেডিয়ামৰ বাহিৰত প্ৰায় ২.৫ লাখ অনুৰাগী সমবেত হৈছিল।
হঠাতে ৰাইজ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ ফলত ১১জন লোকে প্ৰাণ হেৰুৱাইছিল।
ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ বেংগালুৰুত আৰ চি বিৰ উদযাপনৰ সময়ত হোৱা হুলস্থুলৰ সন্দৰ্ভত কয় যে তেওঁ কেতিয়াও বিজয় উদযাপনৰ বাবে ৰোড শ্ব’ আয়োজন কৰাৰ পক্ষত নাছিল কাৰণ এনে অনুষ্ঠানে জীৱন বিপন্ন কৰিব পাৰে।
ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মুম্বাইত টেষ্টৰ নতুন অধিনায়ক শুভমান গীল আৰু গৌতম গম্ভীৰে এক সংবাদমেল অনুষ্ঠিত কৰে।এই সময়ছোৱাত গম্ভীৰে বেংগালুৰু দুৰ্ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জীৱনটো বেছি গুৰুত্বপূৰ্ণ
গম্ভীয়ে কয়, ‘জীৱনটো অধিক গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতেও এই কথা কৈ থাকিম। ভৱিষ্যতে আমি এই ৰোড শ্ব’বোৰৰ প্ৰতি অলপ সচেতন হোৱা উচিত’।
‘আমি হয়তো এই ৰোড শ্ব’বোৰ নকৰাৰ বাবে অলপ বেছি সচেতন হ’ব পাৰিলোঁহেঁতেন৷আমি এই কাম (উদযাপন) বন্ধ দুৱাৰৰ আঁৰত বা ষ্টেডিয়ামত কৰিব পাৰো। এইটো বৰ দুখৰ কথা’।
‘নিহতসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।আগলৈ এনেকুৱা একো নহ’ব বুলি আশা কৰিলো। আমি এই কাম কৰা উচিত নাছিল।যিকোনো সময়তে ১১ জন লোকক হেৰুৱাব নোৱাৰি। মোৰ বিশ্বাস ৰোড শ্ব’টো হ’ব নালাগিছিল’।
গম্ভিৰে আয়োজকসকলক অধিক সাৱধান হ’বলৈ আহ্বান জনায়।তেওঁ কয়, ‘অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈছে নে নাই ক’ব নোৱাৰো।মই মাত্ৰ ক’ব পাৰো যে আমি দায়িত্বশীল নাগৰিক হোৱাটো প্ৰয়োজন’।
‘আমি প্ৰতিটো দিশতে দায়বদ্ধ হোৱাটো প্ৰয়োজন, সেয়া ফ্ৰেঞ্চাইজি হওক বা আন যিকোনো কামেই হওক।প্ৰতিটো জীৱনেই গুৰুত্বপূৰ্ণ। যদি আপুনি ৰোড শ্ব’ কৰিবলৈ সাজু নহয় তেন্তে কৰিব নালাগে। যিমান পাৰি সিমান সহজ।’
লগতে পঢ়ক: ছালত লগাই নেকি আলু ? সমাধান কৰিব ছালৰ সকলো সমস্যা