ময়েই ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো
ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ মোঘালয় আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে। অভিযুক্ত সোণম ৰঘুবংশীয়ে এছ আই টিৰ মাৰাথান জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছে।
মেঘালয় আৰক্ষীয়ে সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক মুখামুখি কৰাই, ইয়াৰ পিছত সোণম ভাগি পৰে আৰু স্বামী ৰাজাক হত্যাৰ ষড়যন্ত্ৰত জড়িত বুলি স্বীকাৰ কৰে।
সকলো প্ৰমাণ সন্মুখত ৰাখি সোণমক সোধা-পোছা কৰা হৈছে আৰু জেৰাৰ সময়ত সোণমে কয় যে, ‘হয়, স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰত মই জড়িত আছিলো’।
মেঘালয় আৰক্ষীৰ ‘অপাৰেচন হানিমুন’ৰ অধীনত যোৱা ২৩ মে’ত চহৰাত সংঘটিত হোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত এটা ডাঙৰ তথ্য প্ৰকাশ কৰিছে।
আৰক্ষীয়ে ৪২টা চিচিটিভি ফুটেজ, তেজেৰে দাগ থকা জেকেট, সোণমৰ ৰেইনকোটকে ধৰি অন্যান্য প্ৰমাণ দুয়োৰে সন্মুখত দাখিল কৰিছিল।
প্ৰমাণৰ পিছতে কান্দি কান্দি সোণমে স্বীকাৰ কৰে যে তেওঁ ৰাজ কুশৱাহা আৰু তিনিজন ছুপাৰী কিলাৰ আকাশ ৰাজপুত, বিশাল ওৰফে বিকি ঠাকুৰ আৰু আনন্দ কুৰ্মীৰ সৈতে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।
আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে যে, সোণমে হানিমুনৰ অজুহাতত ৰাজাক চহৰাৰ এটা নিৰ্জন ঠাইলৈ নি হত্যাকাৰী সকলক লোকেশ্বন পঠাইছিল
সোণমে শাহুৱেকক মিছাকৈ কৈছিল যে তেওঁ ৰাজাৰ কাৰনে একাদশীৰ ব্ৰত ৰাখিছে, কিন্তু হোটেলৰ ৰেকৰ্ডত সোণমে আহাৰ খোৱা দেখা গৈছিল।
হত্যাৰ পিছত সোণমে ৰাজাৰ ফেচবুকৰ পৰা ‘আমি সাত জীৱনৰ বাবে একেলগে আছো’ বুলি এটা পোষ্ট দি তদন্তক ভূল দিশে নিবলৈ চেষ্টা কৰিছিল।
সকলো তথ্য ফাদিল হোৱাৰ পিছত সোণমসহ বাকি ৪ অভিযুক্তক ১০ দিনৰ জিম্মাত বিচাৰি মেঘালয় আৰক্ষীয়ে হাজিৰ কৰিব আদালতত।
লগতে পঢ়ক: ১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ