স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণৰ অন্তত ১৭ আগষ্ট ২০২৫ দেওবাৰে ভাৰতলৈ উভতি আহিব । ইছৰোৱে ২০২৭ চনত প্ৰথম মানৱ মহাকাশ উৰণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । এই অভিযানত শুভাংশু শুক্লাৰ অভিজ্ঞতাই ডাঙৰ ভূমিকা গ্ৰহণ কৰিব । ভাৰতলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে গৃহ চহৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব মহাকাশচাৰীজনে ।
শুভাংশুৰ মহাকাশ যাত্ৰা
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা বিগত এবছৰ ধৰি আমেৰিকাত আছিল । তাত তেওঁ এক্সিয়াম-৪ মিছনৰ বাবে প্ৰশিক্ষণ লৈছিল । চলিত বৰ্ষৰ ২৫ জুনত ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ড্ৰেগন কেপচুল উৎক্ষেপণ কৰাৰ পিছত ২৬ জুনত তেওঁ আই এছ এছত উপস্থিত হয় । ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে । ১৮ দিনীয়া এই অভিযানৰ সময়ছোৱাত তেওঁ আন তিনিজন মহাকাশচাৰীৰ সৈতে ৬০টাতকৈও অধিক পৰীক্ষা আৰু ২০টা সজাগতা অধিবেশন সম্পন্ন কৰে ।
২৫ আগষ্টত লক্ষ্ণৌত উপস্থিত হ’ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা । শুভাংশুৱে পৰিয়ালৰ সৈতে বিমানবন্দৰৰ পৰা নিজৰ বাসগৃহলৈ ৰোড শ্ব’ৰ জৰিয়তে লক্ষ্ণৌবাসীক ধন্যবাদ জ্ঞাপন কৰিব । ইতিহাস ৰচনা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ভ্ৰমণ কৰি পৰিয়ালক লগ পাব শুভাংশুৱে ।
ভাৰতলৈ উভতনি-
শুভাংশুৱে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক বিমানত হাঁহি থকা দেখা গৈছে । তেওঁ লিখিছে, ভাৰতলৈ আহিবলৈ বিমানত উঠাৰ লগে লগে মোৰ হৃদয়ত বহু আৱেগ উথলি উঠিছে । বিগত এবছৰ ধৰি মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ দৰে হৈ থকা আচৰিত মানুহখিনিক বিদায় দি দুখী হৈছো । লগতে প্ৰথমবাৰৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী আৰু দেশবাসীক লগ পাবলৈ গৈ আছোঁ বাবে সুখো অনুভৱ কৰিছোঁ । হয়তো এয়াই জীৱন – সকলো একেলগে ।
তেওঁ আৰু কয় যে মিছনৰ সময়ত আৰু পিছত মই ইমানেই মৰম আৰু সমৰ্থন পাইছিলোঁ যে ভাৰতলৈ আহি মোৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ মই আগ্ৰহী । বিদায় কঠিন, কিন্তু জীৱনত আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ । মোৰ কমাণ্ডাৰ পেগী হুইটছনে কয় যে মহাকাশ উৰণৰ একমাত্ৰ স্থায়ী বস্তুটো হ’ল পৰিৱৰ্তন । জীৱনৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য ।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক-
ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশুৱে । ২০২৫ চনৰ ১৫ আগষ্টত লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে । অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব । ইয়াৰ পিছত শুভাংশু লক্ষ্ণৌলৈ যাব, য’ত তেওঁৰ পৰিয়ালে তেওঁৰ বাবে অপেক্ষা কৰি আছে । অহা ২২-২৩ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনতো অংশগ্ৰহণ কৰিব তেওঁ ।
শুভাংশু আৰু তেওঁৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত নায়াৰে ১৫ আগষ্টত হিউষ্টনত থকা ভাৰতীয় কনছুলেটত স্বাধীনতা দিৱস উদযাপন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰি শুভাংশুৰ এই কৃতিত্বৰ প্ৰশংসা কৰে ।
লগতে পঢ়ক : ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন