স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণৰ অন্তত ১৭ আগষ্ট ২০২৫ দেওবাৰে ভাৰতলৈ উভতি আহিব । ইছৰোৱে ২০২৭ চনত প্ৰথম মানৱ মহাকাশ উৰণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । এই অভিযানত শুভাংশু শুক্লাৰ অভিজ্ঞতাই ডাঙৰ ভূমিকা গ্ৰহণ কৰিব । ভাৰতলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে গৃহ চহৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব মহাকাশচাৰীজনে ।

শুভাংশুৰ মহাকাশ যাত্ৰা

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা বিগত এবছৰ ধৰি আমেৰিকাত আছিল । তাত তেওঁ এক্সিয়াম-৪ মিছনৰ বাবে প্ৰশিক্ষণ লৈছিল । চলিত বৰ্ষৰ ২৫ জুনত ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ড্ৰেগন কেপচুল উৎক্ষেপণ কৰাৰ পিছত ২৬ জুনত তেওঁ আই এছ এছত উপস্থিত হয় । ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে । ১৮ দিনীয়া এই অভিযানৰ সময়ছোৱাত তেওঁ আন তিনিজন মহাকাশচাৰীৰ সৈতে ৬০টাতকৈও অধিক পৰীক্ষা আৰু ২০টা সজাগতা অধিবেশন সম্পন্ন কৰে ।

২৫ আগষ্টত লক্ষ্ণৌত উপস্থিত হ’ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা । শুভাংশুৱে পৰিয়ালৰ সৈতে বিমানবন্দৰৰ পৰা নিজৰ বাসগৃহলৈ ৰোড শ্ব’ৰ জৰিয়তে লক্ষ্ণৌবাসীক ধন্যবাদ জ্ঞাপন কৰিব । ইতিহাস ৰচনা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ভ্ৰমণ কৰি পৰিয়ালক লগ পাব শুভাংশুৱে ।

ভাৰতলৈ উভতনি-

শুভাংশুৱে ইনষ্টাগ্ৰামত  এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক বিমানত হাঁহি থকা দেখা গৈছে । তেওঁ লিখিছে, ভাৰতলৈ আহিবলৈ বিমানত উঠাৰ লগে লগে মোৰ হৃদয়ত বহু আৱেগ উথলি উঠিছে । বিগত এবছৰ ধৰি মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ দৰে হৈ থকা আচৰিত মানুহখিনিক বিদায় দি দুখী হৈছো । লগতে প্ৰথমবাৰৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী আৰু দেশবাসীক লগ পাবলৈ গৈ আছোঁ বাবে সুখো অনুভৱ কৰিছোঁ । হয়তো এয়াই জীৱন – সকলো একেলগে ।

তেওঁ আৰু কয় যে মিছনৰ সময়ত আৰু পিছত মই ইমানেই মৰম আৰু সমৰ্থন পাইছিলোঁ যে ভাৰতলৈ আহি মোৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ মই আগ্ৰহী । বিদায় কঠিন, কিন্তু জীৱনত আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ । মোৰ কমাণ্ডাৰ পেগী হুইটছনে কয় যে মহাকাশ উৰণৰ একমাত্ৰ স্থায়ী বস্তুটো হ’ল পৰিৱৰ্তন । জীৱনৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক-

ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশুৱে । ২০২৫ চনৰ ১৫ আগষ্টত লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে । অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব । ইয়াৰ পিছত শুভাংশু লক্ষ্ণৌলৈ যাব, য’ত তেওঁৰ পৰিয়ালে তেওঁৰ বাবে অপেক্ষা কৰি আছে । অহা ২২-২৩ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনতো অংশগ্ৰহণ কৰিব তেওঁ ।

শুভাংশু আৰু তেওঁৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত নায়াৰে ১৫ আগষ্টত হিউষ্টনত থকা ভাৰতীয় কনছুলেটত স্বাধীনতা দিৱস উদযাপন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰি শুভাংশুৰ এই কৃতিত্বৰ প্ৰশংসা কৰে ।

লগতে পঢ়ক : ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন

মহান মহাকাশচাৰী জিম লাভেলৰ মৃত্যু… কিশোৰ ৰকেট বিজ্ঞানীৰ পৰা চন্দ্ৰৰ কাষলৈ যাত্ৰা

মহান মহাকাশচাৰী জিম লাভেলৰ মৃত্যু…

তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৬ বছৰ । তেওঁৰ হাতত বাৰুদ বনাবলৈ প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ আছিল । বিজ্ঞান শিক্ষকৰ সহায়ত তেওঁ এটা অস্থায়ী ৰকেট নিৰ্মাণ কৰিছিল । ৱেল্ডিঙৰ বাবে ব্যৱহাৰ কৰা হেলমেট পিন্ধি ৰকেটত জুই লগাই উভতি দৌৰি আহিল । সেই ৰকেটটো প্ৰায় ৪০ ফুট ওপৰলৈ উৰি গৈছিল আৰু তাৰ পিছত বিস্ফোৰণ ঘটিছিল । ইয়াৰ ফলত তেওঁ ভয় খোৱা নাছিল, বৰঞ্চ ৰকেট বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু বাঢ়িছিল । ই ইমানেই বৃদ্ধি পালে যে পিছলৈ তেওঁৰ নাম আমেৰিকাৰ বিখ্যাত মহাকাশচাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত হ’ল । আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ বহু মহাকাশ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জিম লাভেল এতিয়া সেই তৰাৰ দেশলৈ গতি কৰিছে । ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে ।

সম্ভাৱ্য ট্ৰেজেডীক সফল অভিযানলৈ ৰূপান্তৰিত কৰাৰ কৃতিত্ব-

তেওঁৰ অৱদানৰ কথা স্মৰণ কৰি নাছাই কয় যে ১৯৭০ চনত এপ’ল’ ১৩ অভিযান পৃথিৱীলৈ নিৰাপদে ঘূৰি অহাত জিম লাভেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ এটা সম্ভাৱ্য ট্ৰেজেডীক সফল অভিযানলৈ ৰূপান্তৰিত কৰিছিল । সেই সময়ত তেওঁলোকৰ মহাকাশযান পৃথিৱীৰ পৰা লাখ লাখ মাইল দূৰত থকাৰ সময়ত বিস্ফোৰণৰ বাবে চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টা বন্ধ হৈ পৰে । লাখ লাখ মানুহে টিভিত এই ঘটনাটো চাই আছিল, যেতিয়া লাভেল আৰু তেওঁৰ সংগী দুজনে নিৰাপদে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল আৰু এই মুহূৰ্তটো মহাকাশ ভ্ৰমণৰ ইতিহাসৰ আটাইতকৈ স্মৰণীয় হৈ পৰিছিল । জিম লাভেল এপ’ল’ ৮ মিছনৰ সদস্যও আছিল । তেওঁ দুবাৰ চন্দ্ৰৰ ওচৰলৈ গৈছিল যদিও চন্দ্ৰত অৱতৰণ কৰা নাছিল ।

১৯২৮ চনৰ ২৫ মাৰ্চত জন্মগ্ৰহণ কৰা জেমছ আৰ্থাৰ লাভেল জুনিয়ৰে শৈশৱতে গাড়ী দুৰ্ঘটনাত পিতৃক হেৰুৱাইছিল । এনে অৱস্থাত মাতৃয়ে বৰ কষ্টেৰে তেওঁক ডাঙৰ-দীঘল কৰিছিল । পৰিয়ালটোৰ আৰ্থিক অৱস্থা এনেকুৱা আছিল যে তেওঁ কলেজলৈও যাব পৰা নাছিল । এনে পৰিস্থিতিত লভেলে আমেৰিকাৰ নৌসেনাত যোগদান কৰাৰ সিদ্ধান্ত লয় । নেভেল একাডেমী এনাপলিছত নামভৰ্তি কৰি কোৰিয়া যুদ্ধৰ সময়ত পঢ়া-শুনা সমাপ্ত কৰে তেওঁ । নৌসেনাই তেওঁক পাইলট হ’বলৈও প্ৰশিক্ষণ দিছিল ।

জিম লাভেলে পঢ়াৰ সময়ত ৰকেট বিজ্ঞানৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল । প্ৰথম অৱস্থাত তেওঁ সুযোগো পাইছিল । ১৯৫৮ চনত প্ৰায় ৩০ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে নাছাত আবেদন কৰে । অৱশ্যে চিকিৎসা পৰীক্ষাৰ সময়ত তেওঁক নাকচ কৰা হয় । চাৰি বছৰৰ পাছত ১৯৬২ চনত তেওঁ নাছাৰ ‘নিউ নাইন’ত নিৰ্বাচিত হয়, যিয়ে চন্দ্ৰত আমেৰিকাৰ প্ৰথম খোজৰ অভিযানত অংশগ্ৰহণ কৰে ।

চন্দ্ৰৰ কাষলৈ গ’ল, দেখুৱালে পৃথিৱীৰ ছবি-

এপ’ল’ ৮ অভিযানৰ সময়ত লাভলে তেওঁৰ আন দুজন সংগীৰ সৈতে মহাকাশত ২৫,০০০ মাইল প্ৰতি ঘণ্টাৰ বেগত চন্দ্ৰৰ কাষলৈ গৈছিল । তাৰ পৰাই তেওঁ পৃথিৱীৰ এক আচৰিত দৃশ্য দেখিলে, যাক ‘আৰ্থাইজ’ বুলি কোৱা হৈছিল । তেওঁ মানুহক দেখুৱাই দিলে যে পৃথিৱীখন কিমান ধুনীয়া । ১৯৬৯ চনত নাছাই নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনক চন্দ্ৰলৈ পঠিয়াইছিল, যিটো সেই সময়ৰ আটাইতকৈ ডাঙৰ মানৱ অভিযান আছিল ।

যেতিয়া অসম্ভৱকো সম্ভৱ কৰি তুলিছিল-

১৯৭০ চনত জিম লাভেল এপ’ল’ ১৩ মিছনৰ কমাণ্ডাৰ হয় । তেওঁৰ মহাকাশযানখন চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল যদিও দুৰ্ঘটনাত মহাকাশযানখনৰ বিস্ফোৰণ ঘটিছিল, যাৰ বাবে তেওঁৰ অভিযান প্ৰায় অসফল হৈ পৰিছিল । মহাকাশযানখনৰ অক্সিজেন টেংকত সমস্যাৰ সৃষ্টি হৈছিল । লা্ভেল আৰু তেওঁৰ দলটোৱে চন্দ্ৰ মডিউলটো ব্যৱহাৰ কৰি মাটিত অৱতৰণ কৰিছিল যদিও ইয়াত হিট শ্বিল্ড নাছিল, গতিকে ইয়াক পৃথিৱীত পুনৰ প্ৰৱেশৰ বাবে ব্যৱহাৰ কৰিব পৰা নাছিল । সেই মডিউলটোত তেওঁলোক কঠিন পৰিস্থিতিতো বাচি থাকিল । তাপমাত্ৰা কমি আহিল, খাদ্য আৰু পানীৰ অভাৱ হ’ল যদিও যুঁজি থাকিল । অৱশেষত তেওঁলোক সফলতাৰে পৃথিৱীলৈ উভতি আহিল ।

লাভেলৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি-

১৯৭৩ চনত নৌসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰি লাভেলে শান্তিপূৰ্ণ জীৱন কটায় । ১৯৯৫ চনত মুক্তি পোৱা তেওঁৰ কাহিনীৰ ওপৰত ‘লাষ্ট মুন’ নামৰ এখন ছবিও নিৰ্মাণ কৰা হৈছিল । টম হেংকছে তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল । জিম লাভেল দুবাৰ চন্দ্ৰৰ অতি ওচৰলৈ গৈছিল । তেওঁ মহাকাশৰ পৰাই পৃথিৱীখন বুজি পাইছিল । জীৱনত অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ পুনৰ পৃথিৱীলৈ আহিছিল । মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকলৰ বাবে তেওঁৰ জীৱন প্ৰেৰণা ।

লগতে পঢ়ক : ব্লু অৰিজিন মিছন : ১১ মিনিটৰ ৰোমাঞ্চ, কোটি টকাৰ খৰচ… আজি মহাকাশলৈ উৰা মাৰিব ৬গৰাকী লোক

বি এছ চি এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি ? মহাকাশচাৰী হ’বলৈ কি অধ্যয়ন কৰিব ?

বি এছ চি এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি

মহাকাশচাৰী এক উন্নত কেৰিয়াৰ বিকল্প হৈ পৰিছে । ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা নাছাৰ এক্সিয়াম-৪ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে । প্ৰায় ১৪ দিন তাতেই থাকিব তেওঁ । এনে পৰিস্থিতিত কোনটো পাঠ্যক্ৰম অধ্যয়ন কৰি মহাকাশচাৰী হ’ব পাৰি- এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি আৰু কোনখন প্ৰতিষ্ঠানৰ পৰা এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব পাৰি জানক ।

মহাকাশচাৰী বা এষ্ট্ৰ’নাটসকলে মহাকাশযান চলায় আৰু মহাকাশত বিভিন্ন প্ৰকল্পৰ কাম কৰে । সঁজুলি ৰক্ষণাবেক্ষণ আৰু মহাকাশযান মেৰামতি কৰাটোও তেওঁলোকৰ কাম । মহাকাশচাৰীয়ে মহাকাশত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰে, যিটো পৃথিৱীত কৰিব নোৱাৰি । তেওঁলোকে আন মহাকাশচাৰী আৰু মিছন নিয়ন্ত্ৰণ দলৰ সৈতে মিলি মহাকাশত কাম কৰে ।

নামভৰ্তিৰ যোগ্যতা কি, ক’ত অধ্যয়ন কৰিব-

বি এছ চি এষ্ট্ৰ’নমিৰ পাঠ্যক্ৰম কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান শাখাৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক । ছাত্ৰ-ছাত্ৰীসকলে আই আই টি, ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (আই আই এছ চি) বাংগালুৰু, টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টি আই এফ আৰ) মুম্বাই, ইন্টাৰ-ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (আই ইউ চি এ এ) পুনে আৰু নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স (এন চি আৰ এ-টি আই এফ আৰ) পুনেৰ পৰা বি এছ চি এষ্ট্ৰ’নমিৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব । নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিষ্ঠানসমূহৰ অফিচিয়েল ৱেবছাইট চাব পাৰে ।

বিটেক স্পেচ টেকনলজি ক’ত অধ্যয়ন কৰিব ?

B.Tech Space Technology হৈছে স্নাতক পৰ্যায়ৰ ডিগ্ৰী পাঠ্যক্ৰম । এই বিষয় অধ্যয়ন কৰিবলৈ এজন ছাত্ৰই বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব । ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন’লজি (IIST) তিৰুৱনন্তপুৰম, আই আই টিকে ধৰি বহু মহাবিদ্যালয়ৰ পৰা এই পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি । প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । স্পেচ টেকনলজিত নামভৰ্তি সম্পৰ্কে অধিক তথ্যৰ বাবে প্ৰতিষ্ঠানৰ ৱেবছাইট চাব পাৰে ।

কোনবোৰ খণ্ডত কেৰিয়াৰ গঢ়িব পাৰি ?

B.Tech Space Technology আৰু B.Sc Astronomy অধ্যয়ন কৰাৰ পিছত ISRO, DRDO, Space Research, Satellite Technology আৰু Rocket Technology ত কেৰিয়াৰ গঢ়িব পাৰিব । পাইলট প্ৰশিক্ষণ লৈ মহাকাশচাৰী হিচাপে কেৰিয়াৰ গঢ়িব পাৰে । ইয়াৰ উপৰিও কলেজ আৰু বিশ্ববিদ্যালয়ত শিক্ষক হিচাপেও কেৰিয়াৰ গঢ়িব পাৰি ।

লগতে পঢ়ক : আপুনিও চাৰ্টাৰ্ড একাউন্টেন্ট হ’ব বিচাৰে নেকি ? জানক পাঠ্যক্ৰম, প্ৰশিক্ষণ আৰু কেৰিয়াৰৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য

মহাকাশত মহাকাশচাৰীসকল অসুস্থ হ’লে কেনেদৰে কৰা হয় চিকিৎসা…জানক পদ্ধতি

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ আছে । এই সময়ছোৱাত বৰদিনৰ দিনা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিত সুনীতা উইলিয়ামছক অতি ক্ষীণ দেখা গৈছে । এই ফটো দেখি তেওঁৰ ওজন দ্ৰুতগতিত কমিছে বুলি জল্পনা-কল্পনা কৰা হৈছে । কিন্তু মহাকাশত কোনো মহাকাশচাৰী অসুস্থ হৈ পৰিলে কোন চিকিৎসকে চিকিৎসা প্ৰদান কৰে জানেনে ?  

মহাকাশৰ পৰা কেতিয়া ঘূৰি আহিব সুনীতা উইলিয়ামছ ?

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰ মহাকাশত আবদ্ধ হৈ আছে । তেওঁলোক এটা অভিযানৰ অধীনত মাত্ৰ ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল, কিন্তু মহাকাশযানখনৰ সমস্যাৰ বাবে তেওঁলোকৰ উভতি অহাটো পিছুৱাই দিয়া হৈছিল । ছমাহ পাৰ হৈ গ’ল আৰু দুয়োজন মহাকাশচাৰী এতিয়াও আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে আছে । মহাকাশৰ পৰা অহা ছবি মতে, সুনীতা উইলিয়ামছৰ অৱস্থালৈ চাই তেওঁৰ অতি অসুস্থ বুলি অনুমান কৰা হৈছে । ফটোবোৰত তেওঁৰ গাল দুখন সোমাই যোৱা যেন লাগিছে ।

মহাকাশত চিকিৎসক কোন ?

এতিয়া প্ৰশ্ন হয়, মহাকাশত অসুস্থ হ’লে কোনে চিকিৎসা কৰে, তাত কোনো চিকিৎসক উপস্থিত থাকে নেকি ?  উল্লেখ্য যে, মহাকাশত চিকিৎসকৰ কোনো উপস্থিতি নাই । কিন্তু চিকিৎসাৰ বাবে বহুতো পদ্ধতি আৰু সামগ্ৰী উপলব্ধ থাকে । যেনেদৰে টেলিমেডিচিন থাকে । মহাকাশত চিকিৎসাৰ আটাইতকৈ ডাঙৰ পদ্ধতি হ’ল টেলিমেডিচিন । ইয়াত পৃথিৱীত বহি থকা চিকিৎসকে ভিডিঅ’ কল বা অন্য মাধ্যমেৰে সংযোগ কৰি মহাকাশচাৰীসকলৰ চিকিৎসা কৰে ।

চিকিৎসা সঁজুলি উপলব্ধ-

ইয়াৰ উপৰিও মহাকাশচাৰীসকলৰ চিকিৎসা সঁজুলিও আছে যাৰ সহায়ত সৰু সৰু চিকিৎসা কৰিব পাৰি । য’ত বেণ্ডেজ, বিষনাশক, এন্টিবায়টিক, বেজী আৰু কিছুমান অস্ত্ৰোপচাৰৰ সঁজুলিও অন্তৰ্ভুক্ত থাকে । জটিল পৰিস্থিতিৰ ক্ষেত্ৰত কিছুমান মহাকাশযানত অক্সিজেন চিলিণ্ডাৰ আৰু ভেণ্টিলেটৰ আদি সঁজুলিও থাকে । উল্লেখ্য যে মহাকাশলৈ যোৱাৰ আগতে মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিয়া হয় যাতে তেওঁলোকে তাত থকা পৰিৱেশৰ লগত সহজে খাপ খাব পাৰে । ইয়াৰ লগত ঔষধ আৰু ভিটামিন টেবলেটো পঠিওৱা হয়, যিবোৰ তেওঁলোকে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰে ।

মহাকাশৰ পৰা উভতি অহাৰ লগে লগে অসুস্থ হোৱাৰ আশংকা-

উল্লেখ্য যে মহাকাশত পৃথিৱীৰ তুলনাত খাদ্য আৰু পানীৰ ব্যৱহাৰ অলপ বেলেগ ধৰণে হয়, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে । একে সময়তে পৃথিৱীৰ পৰা বহু দূৰত থাকিলে মানুহৰ নিসংগতা আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে । ইয়াৰ বাহিৰেও মহাকাশৰ পৰা উভতি অহা প্ৰায়বোৰ যাত্ৰীৰ ৰক্তহীনতাৰ অভিযোগ দেখা যায় ।