আজি পাকিস্তানত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ প্ৰথমটো দিন আছিল । ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ইতিমধ্যে এই সন্মিলনত উপস্থিত হৈছে । ইয়াত তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকো সাক্ষাৎ কৰে । কেৱল এয়াই নহয়, শ্বাহবাজ শ্বৰীফে আগবাঢ়ি আহি বৈদেশিক মন্ত্ৰী জয়শংকৰৰ লগত হাত মিলা । দুয়োজন নেতাৰ মাজত কিছু আলোচনাও হয় ।
এছচিঅ’ সন্মিলনৰ প্ৰথম দিনা, শ্বাহবাজ শ্বৰীফে বিদেশী নেতাসকলৰ বাবে নৈশ ভোজৰ আয়োজন কৰে । সকলো নেতাক আদৰণি জনোৱাৰ সময়ত তেওঁ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতেও সাক্ষাত আৰু বাৰ্তালাপ কৰে । যদিও তেওঁলোকে কম সময়ৰ বাবে কি আলোচনা কৰিছিল সেয়া স্পষ্ট নহয়, দুয়োজন নেতাই ইজনে সিজনৰ সৈতে কথা পাতি থকা দেখা গৈছিল । তাৰ পিছত, তেওঁলোকে একেলগে এখন ফটোও তুলিছিল ।
৯ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ-
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ হৈছে ৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰা প্ৰথমজন বৈদেশিক মন্ত্ৰী । ইয়াৰ পূৰ্বে ২০১৫ চনত সুষমা স্বৰাজে বৈদেশিক মন্ত্ৰী হিচাপে পাকিস্তান ভ্ৰমণ কৰিছিল । ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ সময়ত পাকিস্তানত অনুষ্ঠিত হৈছে এছ চি অ’ শীৰ্ষ সন্মিলন । এনে পৰিস্থিতিত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ এই সন্মিলনত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ।
পাকিস্তানত জয়শংকৰক আদৰণি-
পাকিস্তানত উপস্থিত হোৱাৰ পিছত, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়া ছাইট এক্স-ত ফটো শ্বেয়াৰ কৰে, যত তেওঁক পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়াৰ সঞ্চালক প্ৰধান ইলিয়াছ মাহমুদ নিজামীয়ে আদৰণি জনায় । বিয়লি ৩.৩০ বজাত ইছলামবাদৰ নূৰ খান এয়াৰবেছত অৱতৰণ কৰে, য’ত তেওঁক আদৰণি জনোৱাৰ বাবে আন পাকিস্তানী বিষয়াসকলো উপস্থিত থাকে ।
পাকিস্তানী নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনা নহয়-
কেৱল এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবেহে পাকিস্তানলৈ গৈছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । ইয়াত পাকিস্তানী নেতাৰ সৈতে তেওঁৰ কোনো দ্বিপাক্ষিক আলোচনাৰ কথা নাই । পাকিস্তানৰ সংবাদ মাধ্যমতো বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কথা অস্বীকাৰ কৰাৰ খবৰ চলি আছে । ইফালে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে কয় যে সন্মিলনৰ সময়ত যিকোনো দেশৰ প্ৰতিনিধিয়ে দ্বিপাক্ষিক আলোচনা কৰিব নোৱাৰে ।