“যিকোনো মূল্যতে হৰমুজ প্ৰণালী খুলিব লাগিব”; কোৱাড মিটিঙত ইৰাণলৈ সকীয়নি

দিল্লীৰ হায়দৰাবাদ হাউচত কোৱাড ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠক চলি আছে। এই বৈঠকত হৰমুজ প্ৰণালীক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰে।

আজি দিল্লীত কোৱাড দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে। এই বৈঠকৰ আৰম্ভণিতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সকলো সদস্য দেশৰ প্ৰতিনিধিক আদৰণি জনায় আৰু কয় যে কোৱাড দেশসমূহৰ মাজত ভাগ-বতৰা কৰা কাৰ্য্যকলাপ আৰু ভাগ-বতৰা কৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত গুৰুতৰ আলোচনা হয়। এই QUAD বৈঠকত হৰমুজৰ বিষয়টোৱে আধিপত্য বিস্তাৰ কৰিছিল। সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অতি সোনকালে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বিষয়ে আলোচনা কৰে।

বৈঠকত অংশগ্ৰহণ কৰা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই স্পষ্টভাৱে কয় যে হৰমুজ প্ৰমালী সকলো পৰিস্থিতিতেই মুকলি হৈ থাকিব লাগে আৰু মুকলি হৈ থাকিব।তেওঁ কয় যে হৰমুজ প্ৰণালীত যি ঘটি আছে সেয়া অবৈধ, অস্থিৰতা সৃষ্টিকাৰী আৰু বিশ্বৰ বাবে গ্ৰহণযোগ্য নহয়। ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে বিশ্ব বাণিজ্যৰ বাবে সামুদ্ৰিক পথসমূহ মুকলি আৰু বাধাহীন হৈ থাকিব লাগিব, আৰু কোনো ধৰণৰ ‘টোল’ বা অতিৰিক্ত লেভি গ্ৰহণ কৰা নহ’ব।

লগতে পঢ়ক: দেশৰ সীমান্ত সুৰক্ষা কটকটীয়া কৰিবলৈ বিশেষ পৰিকল্পনা : আজিৰে পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ সীমান্ত ভ্ৰমণসূচী

ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ ডাঙৰ মন্তব্য… কি ক’লে জয়শংকৰে ?

ভেনিজুৱেলাত সংকটৰ সময়ত ভাৰতৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে জনসাধাৰণৰ সুৰক্ষা । ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া ।

ভেনিজুৱেলাৰ শেহতীয়া পৰিস্থিতিক লৈ বিশ্বৰ দেশসমূহে উদ্বেগ প্ৰকাশ কৰিছে । চীনকে ধৰি বহু দেশে আমেৰিকাৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে (৬ জানুৱাৰী) কয় যে আমেৰিকাৰ সামৰিক অভিযান আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ পিছত ভেনিজুৱেলাত সংকটৰ সময়ত ভাৰতৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে ভেনিজুৱেলাৰ জনসাধাৰণৰ সুৰক্ষা ।

লাক্সেমবাৰ্গত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি এছ জয়শংকৰে সকলো পক্ষকে একেলগে বহি ভেনিজুৱেলাৰ জনসাধাৰণৰ কল্যাণৰ বাবে সমাধানৰ পথত উপনীত হ’বলৈ আহ্বান জনায় । তেওঁ আৰু কয়, “আমি কালি এটা বিবৃতি জাৰি কৰিছিলো, গতিকে মই আপোনালোকক এই বিবৃতি চাবলৈ আহ্বান জনাইছো । বিবৃতিটোৰ মূল কথাটো হ’ল যে আমি এই শেহতীয়া পৰিঘটনাসমূহৰ বাবে চিন্তিত, কিন্তু আমি সকলো সংশ্লিষ্ট পক্ষক আহ্বান জনাইছো যে এতিয়াই একেলগে বহি ভেনেজুৱেলাৰ জনসাধাৰণৰ মংগল আৰু সুৰক্ষাৰ স্বাৰ্থত সমাধান বিচাৰি উলিয়াওক, কাৰণ শেষত সেয়াই আমাৰ চিন্তা ।”

এছ জয়শংকৰে উল্লেখ কৰে যে আমি ভেনেজুৱেলাক এনে এখন দেশ হিচাপে চাব বিচাৰো যাৰ সৈতে আমাৰ বহু বছৰ ধৰি অতি ভাল সম্পৰ্ক আছে । গতিকে আমি বিচাৰো যে তাত যি ঘটনাই নহওক কিয় জনসাধাৰণ সুৰক্ষিত হৈ থাকক । ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক শেহতীয়াকৈ ৰাজধানী কাৰাকাছত আমেৰিকান সেনাই অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যায় । ড্ৰাগছ সৰবৰাহৰ আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰৰ অভিযোগত আমেৰিকাত বিচাৰৰ সন্মুখীন হ’ব মাদুৰো ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, “ভেনেজুৱেলাৰ শেহতীয়া পৰিস্থিতি গভীৰ উদ্বেগজনক। আমি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো । আমি সকলো সংশ্লিষ্ট পক্ষকে শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণ সমাধান বিচাৰিবলৈ আহ্বান জনাইছো । কাৰাকাছত থকা ভাৰতীয় দূতাবাস ভাৰতীয় সম্প্ৰদায়ৰ সৈতে যোগাযোগত আছে আৰু সকলো ধৰণৰ সহায় আগবঢ়াব ।”

লগতে পঢ়ক : ‘সাহস আছে যদি আহা, মোক উঠাই নিয়া…’ ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ ?

খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব এছ জয়শংকৰে… ৩১ ডিচেম্বৰত যাব ঢাকালৈ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । তেওঁ ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ৩১ ডিচেম্বৰত ঢাকালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত নেত্ৰীগৰাকীৰ বয়স আছিল ৮০ বছৰ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে অহা ৩১ ডিচেম্বৰত ঢাকালৈ গৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ মুৰব্বী বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত চৰকাৰ আৰু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব ।

শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

খালেদা জিয়াৰ মৃত্যু শোক প্ৰকাশ কৰকি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো । তেওঁৰ পৰিয়াল আৰু সমগ্ৰ বাংলাদেশবাসীলৈ আমাৰ আন্তৰিক সমবেদনা । ঈশ্বৰে তেওঁৰ পৰিয়ালক এই কৰুণ মুহূৰ্ত সহ্য কৰাৰ শক্তি প্ৰদান কৰক ।”

২০১৫ত সৌহাৰ্দপূৰ্ণ বৈঠক-

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত তেওঁৰ অৱদান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়ন আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত তেওঁৰ উল্লেখযোগ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে আমাৰ আন্তৰিক সাক্ষাৎৰ কথা মই স্মৰণ কৰিছোঁ । আমি আশা কৰিছো যে তেওঁৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰে আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব । তেওঁৰ আত্মাই শান্তি লাভ কৰক ।”

লগতে পঢ়ক : খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ… ২০১৫ৰ সাক্ষাৎ স্মৰণ

ৰাষ্ট্ৰসংঘত জয়শংকৰৰ ভাষণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰেই জালত পৰিল পাকিস্তান…

ৰাষ্ট্ৰসংঘত জয়শংকৰৰ ভাষণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰেই জালত পৰিল পাকিস্তান

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদ সন্দৰ্ভত এক বিবৃতিত পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ তীব্ৰ সমালোচনা কৰিছিল । তেওঁৰ বিবৃতিত সন্ত্ৰাসবাদ আৰু ইয়াক আশ্ৰয় দিয়া দেশসমূহৰ কথা উল্লেখ কৰা হৈছিল যদিও কোনো দেশৰ নাম উল্লেখ কৰা হোৱা নাছিল ।

জয়শংকৰে পাকিস্তানক উদঙাই দিয়াৰ পিছত পাকিস্তানী প্ৰতিনিধিয়ে নিজৰ উত্তৰৰ অধিকাৰ প্ৰয়োগ কৰি কয় যে ভাৰতে সন্ত্ৰাসবাদৰ ওপৰত দুৰ্ভাৱনাপূৰ্ণ অভিযোগৰ জৰিয়তে পাকিস্তানক বদনাম কৰাৰ চেষ্টা কৰিছে । উল্লেখ্য যে, জয়শংকৰৰ বক্তব্যত সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰা হৈছিল যদিও পাকিস্তানৰ নাম উল্লেখ কৰা হোৱা নাছিল ।

ইফালে ভাৰতে পাকিস্তানৰ এই প্ৰত্যুত্তৰক দেশখনে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ দীৰ্ঘ ইতিহাস স্বীকাৰ কৰা বুলি অভিহিত কৰিছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ নাম উল্লেখ কৰা নাছিল যদিও দেশখনে সন্ত্ৰাসবাদৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

শনিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সাধাৰণ বিতৰ্কত ভাষণৰ সময়ত জয়শংকৰে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে, ‘বৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আক্ৰমণ সেই এখন দেশৰ সৈতে জড়িত । তেওঁ কয় যে ভাৰত স্বাধীনতাৰ পিছৰে পৰা সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ।‘

পাকিস্তানৰ সঁহাৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে কয় যে ইয়াৰ দ্বাৰা দেখা গৈছে যে এখন চুবুৰীয়া দেশ, যাৰ নাম উল্লেখ কৰা হোৱা নাই, এতিয়াও ইয়াৰ উত্তৰ দিবলৈ বাছি লৈছে আৰু সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া কাৰ্যকলাপ স্বীকাৰ কৰিছে ।

লগতে পঢ়ক : ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে

ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মধ্যস্থতাকাৰী নাছিল… বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে নাকচ কৰিলে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী

ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মধ্যস্থতাকাৰী নাছিল

অপাৰেচন সিন্দুৰক লৈ লোকসভাত চলি আছে তুমুল বিতৰ্ক । বিতৰ্কত অংশগ্ৰহণ কৰি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বিতং তথ্য প্ৰদান কৰে । তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা নীতি আছে । আমি ইউ এন এছ চিত আমাৰ মতামত দাঙি ধৰিলোঁ । আমি বিশ্ববাসীক ক’লোঁ যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আমাৰ শূন্য সহনশীলতা নীতি আছে । ইউ এন এছ চিয়ে ভাৰতৰ স্থিতি মানি লৈছিল । বিদেশ মন্ত্ৰালয়ৰ কাম আছিল পাকিস্তানৰ ষড়যন্ত্ৰ উদঙাই দিয়া । আমি অতি কঠোৰ পদক্ষেপ ল’ব লগা হৈছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি কঠোৰ পদক্ষেপ লৈছিলো । আমি বিশ্বৰ সন্মুখত পাকিস্তানক উদঙাই দিলোঁ । ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী নাকচ কৰে ।

সদনত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, পহলগাম আক্ৰমণৰ পিছত স্পষ্ট, শক্তিশালী আৰু দৃঢ় বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজনীয় আছিল । আমি স্পষ্টকৈ ক’ব লাগিছিল যে ইয়াৰ ভয়াৱহ পৰিণতি হ’ব । প্ৰথম পদক্ষেপ লোৱা হ’ল যে ২৩ এপ্ৰিলত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৫টা সিদ্ধান্ত লোৱা হৈছিল ।

-পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হ’ব ।

-তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আট্টাৰী চেক পোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

-ছাৰ্কৰ ভিছা ৰেহাই আঁচনিৰ অধীনত যাত্ৰা কৰা পাকিস্তানী নাগৰিকক এতিয়া আৰু অনুমতি দিয়া নহ’ব ।

-পাকিস্তানী উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, নৌসেনা আৰু বায়ু উপদেষ্টাসকলক ব্যক্তিগত নন গ্ৰেটা ঘোষণা কৰা হ’ব ।

-মুঠ উচ্চায়ুক্তৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব ।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, অতি স্পষ্ট যে নিৰাপত্তা পৰিক্ৰমা কেবিনেট কমিটীৰ প্ৰথম পদক্ষেপৰ পিছত পহলগাম আক্ৰমণৰ প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰ ইয়াতেই স্তব্ধ নহ’ব । কূটনৈতিক আৰু বৈদেশিক নীতিৰ দৃষ্টিকোণৰ পৰা আমাৰ কাম আছিল পহলগাম আক্ৰমণৰ বিশ্বব্যাপী বুজাবুজি গঢ় দিয়া । আমি যি কৰিবলৈ চেষ্টা কৰিলোঁ সেয়া আছিল পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া ব্যৱহাৰক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ আগত উজ্জ্বল কৰি তোলা । আমি বুজাই দিলোঁ যে জম্মু-কাশ্মীৰৰ অৰ্থনীতিক লক্ষ্য কৰি ভাৰতৰ জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক বিসংগতি বিয়পাই দিয়াৰ লক্ষ্যৰে এই আক্ৰমণ কেনেকৈ কৰা হৈছিল ।

ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মধ্যস্থতাকাৰী নাছিল-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয়, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ৯ মে’ত প্ৰধানমন্ত্ৰী মোদীক ফোন কৰিছিল । তেওঁ কয় যে পাকিস্তান এটা ডাঙৰ আক্ৰমণৰ বাবে সাজু হৈছে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিম । ভাৰতে পাকিস্তানৰ প্ৰতি দায়িত্বশীলভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে । ইয়াৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ড’নাল্ড ট্ৰাম্পৰ দাবী নাকচ কৰে । জয়শংকৰে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মধ্যস্থতাকাৰী নাই ।

লগতে পঢ়ক : অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…

‘আমি সকলো সময়তে সহজতাৰ আশা কৰা উচিত নহয়’… চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক সন্দৰ্ভত বৈদেশিক মন্ত্ৰী

চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক সন্দৰ্ভত বৈদেশিক মন্ত্ৰী

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই ১১ বছৰত ভাৰতৰ পৰিৱৰ্তিত নতুন বৈদেশিক নীতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । তেওঁ কয় যে চুবুৰীয়া দেশৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে সকলো সময়তে সহজতাৰ আশা কৰা উচিত নহয় । তেওঁ কয় যে আমাৰ চুবুৰীয়া দেশসমূহে বুজিব লাগে যে ভাৰতৰ সৈতে কাম কৰিলে লাভ হ’ব আৰু ইয়াৰ বিৰোধিতা কৰিলে আপোনাৰ ক্ষতি হ’ব ৷

পাকিস্তানক লক্ষ্য কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে একাংশক এই কথা বুজিবলৈ অধিক সময় লাগে, আনহাতে কিছুমানে ইয়াক ভালদৰে বুজি পায় । তেওঁ কয় যে অৱশ্যেই পাকিস্তান ইয়াৰ ব্যতিক্ৰম । পাকিস্তানৰ ভিতৰত শত্ৰুতাৰ সৃষ্টি হৈছে । সেনাৰ অধীনত ই নিজৰ পৰিচয় নিৰ্ধাৰণ কৰিছে । তেওঁ কয়, গতিকে পাকিস্তানক একাষৰীয়া কৰি ৰাখিলে এই যুক্তি সকলোতে প্ৰযোজ্য হ’ব ।

চীন আৰু আমেৰিকাৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি-

বিগত ১১ বছৰত আমেৰিকা আৰু চীনৰ মনোভাৱৰ পৰিৱৰ্তনক নতুন দিল্লীয়ে কেনেদৰে চাইছে বুলি এক প্ৰশ্ন কৰে জয়শংকৰক ? ইয়াৰ উত্তৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ ক্ষেত্ৰত যিমানদূৰলৈকে প্ৰশ্ন হয়, হয়  তাত অনিশ্চয়তা আছে । ইয়াৰ বিষয়ে অনুমান কৰাটো অলপ টান । গতিকে যিমানদূৰ সম্ভৱ সম্পৰ্কটো যিমান পাৰি সুস্থিৰ কৰি ৰাখক । চীনৰ সন্দৰ্ভত তেওঁ কয় যে যদি আপুনি চীনৰ বিৰুদ্ধে থিয় দিব লাগে তেন্তে আপোনাৰ সামৰ্থ্য উন্নত কৰাটো গুৰুত্বপূৰ্ণ । আমি অতি কঠিন সময় দেখিছো । তেওঁ কয় যে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি বহুবাৰ কঠিন হৈ পৰিছে । ২০২০ চনত গালৱান উপত্যকাত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ উদাহৰণ দাঙি ধৰে তেওঁ ।

মোদী চৰকাৰৰ বৈদেশিক নীতিক প্ৰশংসা কৰি এছ জয়শংকৰে কয় যে মোদীয়ে আমাক এটা লক্ষ্য দিছে আৰু বহু দিশত সেই লক্ষ্যত উপনীত হোৱাৰ পথো প্ৰস্তুত কৰিছে । ইয়াৰ উদাহৰণ দি তেওঁ কয় যে ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ মাজত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উলিয়াই আনিবলৈ অপাৰেচন সিন্ধু চলোৱা হৈছে । অপাৰেচন গংগাৰ কথা স্মৰণ কৰি তেওঁ কয় যে ই আছিল আটাইতকৈ জটিল । কাৰণ আমি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজত মানুহক উদ্ধাৰ কৰিছিলো ।

তেওঁ মালদ্বীপ আৰু শ্ৰীলংকাৰ সন্দৰ্ভত মোদী যুগৰ বৈদেশিক নীতিৰ আন এক উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে শাসন ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাৰ পাছতো ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক সুদৃঢ় । মালদ্বীপ সন্দৰ্ভত তেওঁ কয় যে প্ৰাৰম্ভিক অসুবিধাৰ মাজতো মালদ্বীপৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল ।

নেপাল সন্দৰ্ভত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমি প্ৰায়ে তেওঁলোকৰ আভ্যন্তৰীণ ৰাজনীতিৰ লগত জড়িত হৈ পৰো আৰু প্ৰায়ে ইয়াৰ মাজলৈ টানি অনা হয় । তেওঁ কয় যে আমি সদায় কোনো দেশৰ পৰা সহজতা আশা কৰা উচিত নহয় আৰু আমি বিচলিত হোৱা উচিত নহয় । কাৰণ সম্পৰ্কত উত্থান-পতন হয়, কিন্তু আমি বুদ্ধিমানৰ কাম কৰা উচিত । কঠিন সময়ত আমি হাৰ মানিব নালাগে, কাৰণ তেনে কৰাটো দুৰ্বল পৰিকল্পনাৰ লক্ষণ ।

পাকিস্তান সন্দৰ্ভত ভাৰতৰ নীতি সন্দৰ্ভত ক’লে জয়শংকৰে-

সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে । মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২৬/১১ৰ মুম্বাই আক্ৰমণে সমগ্ৰ ভাৰতক কঁপাই তুলিছিল । কিন্তু ইয়াৰ পিছতো ভাৰতে কোনো শাস্তি নিদিয়াকৈ দেশখনক এৰি দিলে । কাৰণ পাকিস্তানৰ সন্দৰ্ভত আমাৰ দশক দশক ধৰি নীতি আৰু দৃষ্টিভংগী আছিল । কিন্তু সেই পন্থা সলনি কৰিলে মোদী চৰকাৰে । তেওঁ ২০১৬ চনৰ উৰি চাৰ্জিকেল ষ্ট্ৰাইক, ২০১৯ চনৰ বালাকোট এয়াৰ ষ্ট্ৰাইক আৰু শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে ভাৰতৰ নতুন নীতি হৈছে যে ভাৰতে প্ৰথমে উচটনি নিদিয়ে আৰু যদি কোনোবাই সন্মুখৰ পৰা উচটনি দিয়ে তেন্তে তাৰ পৰা আঁতৰি নাযায় ।

লগতে পঢ়ক : ইৰাণৰ যুদ্ধক্ষেত্ৰৰ পৰা নিৰাপদে দিল্লী পালেহি ২৯০ জন ভাৰতীয় ছাত্ৰ…

বৃদ্ধি কৰা হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা… এতিয়া বুলেটপ্ৰুফ গাড়ীত কৰিব যাত্ৰা

অপাৰেচন সিন্দুৰ স্থগিত ৰখাৰ পিছত এতিয়া চৰকাৰে কূটনীতি আৰু অন্যান্য ফ্ৰণ্টত দেশৰ কণ্ঠস্বৰ হৈ অহা সেই মুখবোৰৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ভাৰতীয় কূটনীতিৰ চাণক্য বুলি অভিহিত এছ জয়শংকৰৰ দিল্লী বাসগৃহৰ আশে-পাশে থকা সুৰক্ষা ঘেৰা আৰু অধিক কটকটীয়া কৰা হৈছে ।

গৃহ মন্ত্ৰালয়ে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰিছে । এতিয়া বুলেটপ্ৰুফ গাড়ীৰে যাত্ৰা কৰিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে । অৱশ্যে এই সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই গৃহ মন্ত্ৰালয়ে । গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বৈদেশিক মন্ত্ৰীগৰাকীৰ বাসগৃহৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধি কৰাৰ সমান্তৰালকৈ তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এখন বিশেষ বুলেটপ্ৰুফ বাহন অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে এছ জয়শংকৰৰ ইতিমধ্যে জেড কেটেগৰী ছিকিউৰিটি আছে । বৈদেশিক মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কমাণ্ডো । ৩৩ চি আৰ পি এফ কমাণ্ডোৱে নিৰাপত্তা প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক । এতিয়া গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা কভাৰ আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে ।

বৃদ্ধি পালে বৈদেশিক সচিবৰো নিৰাপত্তা-

বৈদেশিক মন্ত্ৰীৰ নিৰাপত্তাৰ আৱৰণ বৃদ্ধিৰ সমান্তৰালকৈ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে । খবৰ অনুসৰি, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ উপৰিও কমেও দুইডজন ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নিৰাপত্তা সম্পৰ্কে চৰকাৰে পুনৰীক্ষণ কৰি আছে । নিৰাপত্তাৰ পর্যালোচনা চলি থকা নেতাসকলৰ ভিতৰত আছে কেইবাজনো কেন্দ্রীয় মন্ত্রী, দিল্লীৰ মুখ্যমন্ত্রী আৰু সাংসদ ৷

বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে ফোনযোগে বাৰ্তালাপ ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ, পহলগামৰ আক্ৰমণক গৰিহণা

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ফোনত বাৰ্তালাপ কৰে । তেওঁ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । আইনী উপায়েৰে এই আক্ৰমণৰ জবাবদিহিতা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয় । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

মঙলবাৰে নিয়মীয়া সংবাদমেলত গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে আজি পুৱা সচিব প্ৰধানে কৰা কিছুমান ফোন কলৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছো । গুটেৰেছে পৃথক পৃথক ফোনযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বাৰ্তালাপ কৰে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ কথা পুনৰ উল্লেখ কৰে সচিব প্ৰধানগৰাকীয়ে । এই আক্ৰমণৰ ন্যায় আৰু জবাবদিহিতা আইনী উপায়েৰে সুনিশ্চিত কৰিব লাগিব বুলিও তেওঁ কয় ।

তেওঁ কয়, গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জোৰ দি কয় যে যিকোনো ধৰণৰ সংঘাতৰ পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে । সচিব প্ৰধানগৰাকীয়ে উত্তেজনা হ্ৰাস কৰাৰ যিকোনো প্ৰচেষ্টাত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে বুলি ডুজাৰিকে কয় ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনৰ সভাপতি ফিলিমন ইয়াঙেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ গভীৰভাৱে উদ্বিগ্ন বুলি সাধাৰণ পৰিষদৰ মুখপাত্ৰ শ্বেৰন বাৰ্চে প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰি য়াঙে কয় যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কোনো কাৰণতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি । তেওঁ দুয়োখন দেশক সংযম প্ৰয়োগ কৰি কূটনৈতিক উপায়েৰে বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনায় ।

‘কাশ্মীৰৰ চুৰি হোৱা অংশ ঘূৰাই পোৱাৰ অপেক্ষাত…’, লণ্ডনত ক’লে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে কাশ্মীৰৰ পৰিস্থিতি আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে । তেওঁ জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱা, কাশ্মীৰৰ উন্নয়ন আৰু অৰ্থনৈতিক কাৰ্যকলাপ, সামাজিক ন্যায় পুনৰুদ্ধাৰ কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰে ।

তেওঁ কয় যে জম্মু-কাশ্মীৰৰ একমাত্ৰ অংশ যিটো সমস্যাৰ সম্পূৰ্ণ সমাধানৰ পৰা অমীমাংসিত হৈ আছে সেয়া হ’ল ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ দখলত থকা, যিটো চুবুৰীয়া দেশখনে অবৈধভাৱে দখল কৰি আহিছে । এই অংশ উভতি অহাৰ লগে লগে সকলো সমাধান হ’ব ।

উপত্যকাত শান্তিৰ সূত্ৰ ব্যাখ্যা কৰি তেওঁ কয় যে জম্মু-কাশ্মীৰৰ শান্তি পুনৰুদ্ধাৰৰ সমগ্ৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত গ্ৰহণ কৰা হৈছে । লণ্ডনৰ থিংক টেংক চাথাম হাউচত ‘ভাৰতৰ উত্থান আৰু বিশ্বত ভূমিকা’ বিষয়ত আলোচনাত তেওঁ এই মন্তব্য কৰে ।

তিনিটা পৰ্যায়ত কাশ্মীৰ সমস্যাৰ সমাধান-

লণ্ডনত হোৱা আলোচনাৰ সময়ত এজন ব্যক্তিয়ে এছ জয়শংকৰক কাশ্মীৰৰ সমাধান সন্দৰ্ভত এটা প্ৰশ্ন কৰে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘কাশ্মীৰত শান্তি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত সম্পন্ন কৰা হৈছে । প্ৰথমে ৩৭০ অনুচ্ছেদ আঁতৰাই দিয়া হ’ল । এইটোৱেই আছিল প্ৰথম পদক্ষেপ । ইয়াৰ পিছত দ্বিতীয় পদক্ষেপ আছিল কাশ্মীৰৰ উন্নয়ন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে সামাজিক ন্যায় পুনৰুদ্ধাৰ কৰা । তৃতীয় পদক্ষেপটো আছিল ভোটদানৰ শতকৰা হাৰেৰে ভালকৈ নিৰ্বাচন অনুষ্ঠিত কৰা ।

পাকিস্তানে কাশ্মীৰৰ এটা অংশ চুৰি কৰিলে-

বৈদেশিক মন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘মই ভাবো যে আমি অপেক্ষা কৰি থকা দিনটো হ’ল পাকিস্তানে অবৈধভাৱে চুৰি কৰা কাশ্মীৰৰ সেই অংশটো ঘূৰি অহা । যেতিয়া এনেকুৱা হয় তেতিয়া মই আপোনালোকক আশ্বাস দিছো যে কাশ্মীৰ সমস্যা সমাধান হ’ব ।

আমেৰিকাৰ নীতিৰ ওপৰত এই কথা ক’লে-

আমেৰিকাৰ নীতিৰ বিষয়ে কওঁতে এছ জয়শংকৰে কয়, ‘ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাৰ প্ৰশাসনে বহুমেৰুত্বৰ দিশে আগবাঢ়িছে, যিটো ভাৰতৰ স্বাৰ্থৰ বাবে ভাল । দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে ।