ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে
সোমবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে ব্লেকবাক তথা কৃষ্ণ হৰিণ চিকাৰৰ গোচৰৰ শুনানিৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে । কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে দাখিল কৰা ছলমান খানৰ আবেদনৰ শুনানিৰ বাবে এই তাৰিখ দিয়া হৈছে । এতিয়া ২২ ছেপ্টেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৰাজস্থান উচ্চ ন্যায়ালয়ে ।
ছলমানৰ আবেদনৰ শুনানি-
প্ৰকাশিত এক তথ্য অনুসৰি ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ মনোজ কুমাৰ গাৰ্গে । ছেইফ আলী খান, টাবু, সোণালী বেন্দ্ৰে, নীলম আৰু এজন স্থানীয় বাসিন্দা দূষ্যন্ত সিংকে ধৰি সহ-অভিযুক্তক দোষমুক্ত কৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অনুমতিৰ বিৰুদ্ধে তেওঁ শুনানি গ্ৰহণ কৰিব । বিচাৰ আদালতে ২০১৮ চনৰ ৫ এপ্ৰিলত ছলমানক কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে পাঁচ বছৰৰ কাৰাদণ্ডও প্ৰদান কৰে ।
ছেইফ আলী খান আৰু অন্যান্য অভিনেতাক দোষমুক্ত-
১৯৯৮ চনত ‘হাম সাথ সাথ হেই’ ছবিৰ শ্বুটিংৰ সময়ত ছলমান খানৰ বিৰুদ্ধে যোধপুৰ জিলাৰ কংকনী গাঁৱত দুটা কৃষ্ণ হৰিণ চিকাৰৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত ছালমান খানক দোষী সাব্যস্ত কৰা হৈছিল । আনহাতে ছেইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু, নীলমক দোষমুক্ত কৰা হয় । নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ ছলমান খানে আবেদন দাখিল কৰে । আনহাতে ৰাজ্য চৰকাৰে বাকী অভিনেতাসকলক দোষমুক্ত কৰাৰ বিৰুদ্ধে আবেদনৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছে ।
লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…