‘মই কংগ্ৰেছৰ সভাপতি হ’ব বিচাৰিছিলো, কিন্তু ষড়যন্ত্ৰ কৰা হ’ল…’; অশোক গেহলটৰ ডাঙৰ দাবী

অশোক গেহলটে কংগ্ৰেছৰ সভাপতি হোৱাক লৈ এক বিস্ফোৰক মন্ত কৰিছে। তেওঁক ছোনিয়া গান্ধী আৰু দলৰ নেতৃত্বই এই পদৰ বাবে নিৰ্বাচিত কৰিছিল বুলি উল্লেখ কৰিছে।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দিশে আগবাঢ়িও শেষ মুহূৰ্তত বঞ্চিত হোৱাৰ সেই পুৰণি বিষয়টো পুনৰ উত্থাপন কৰিছে।

গেহলটৰ মতে, তেওঁক সভাপতি কৰাৰ সিদ্ধান্ত চূড়ান্ত হৈছিল, কিন্তু এটা ষড়যন্ত্ৰৰ বাবে সকলো ওলট-পালট হৈ গ’ল। আৰু আজিও মানুহে ইয়াৰ আচল সত্যটো নাজানে।

কেইবছৰমান পূৰ্বে কংগ্ৰেছত সভাপতি পদৰ নিৰ্বাচনৰ চৰ্চা চলিছিল। সেই সময়ত ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অশোক গেহলটক দলৰ ৰাষ্ট্ৰীয় সভাপতি কৰাৰ সিদ্ধান্ত লৈছিল। গেহলট নিজেও এই পদৰ বাবে সাজু আছিল আৰু ইয়াক এক সন্মানৰ বিষয় বুলি গণ্য কৰিছিল।

কিন্তু এই কথা প্ৰায় নিশ্চিত হোৱাৰ লগে লগে দলে ৰাজস্থানলৈ পৰ্যবেক্ষক পঠিয়ালে অৰ্থাৎ তাত পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ অহা নেতা। ইয়াৰ পিছত পৰিস্থিতি অতি দ্ৰুতগতিত সলনি হৈ গ’ল।

গেহলটৰ মতে, এই সমগ্ৰ ঘটনাৱলীৰ আঁৰত এক ডাঙৰ ষড়যন্ত্ৰ আছিল, যাৰ বাবে তেওঁ সভাপতি হ’ব নোৱাৰিলে। এতিয়া গেহলটে স্পষ্টকৈ কৈছে যে এই ধাৰণাটো ভুল। তেওঁ কয় যে তেওঁ সভাপতি হ’ব বিচাৰিছিল, তেওঁৰ সম্পূৰ্ণ প্ৰস্তুতি আছিল আৰু তেওঁ নিজে পিছলৈ অহা নাছিল। বৰঞ্চ যি ঘটিছিল সেয়া এক ষড়যন্ত্ৰৰ ফল আছিল। তেওঁৰ মতে, এই ষড়যন্ত্ৰৰ বাবে তেওঁৰ ভাবমূৰ্তি ক্ষুণ্ণ হয় আৰু সমগ্ৰ দেশতে তেওঁৰ প্ৰতি এক ভুল ধাৰণাৰ সৃষ্টি হয়।

গেহলটে লগতে কয় যে তেওঁ কোনো অশিক্ষিত বা অপৰিচিত নেতা নহয়। তেওঁ কামৰাজ, মহাত্মা গান্ধী, নেহৰু আৰু চৰ্দাৰ পেটেলৰ দৰে মহান নেতাসকলৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছত সভাপতিৰ পদটো সদায় অতি সন্মানীয় হৈ আহিছে… সভাপতি হ’বলৈ কোনো বিশেষ পৰিয়াল বা পটভূমিৰ প্ৰয়োজন নাই।

গেহলটৰ মতে, ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই তেওঁক দলৰ সভাপতি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয় যে তেনে পৰিস্থিতিত তেওঁৰ বাবে এই দায়িত্ব গ্ৰহণ কৰাটো স্বাভাৱিক আছিল। কিন্তু ঠিক সেই সময়তে হঠাতে কিছুমান এনে ঘটনা ঘটিল, যিয়ে সমগ্ৰ ছবিখনকে সলনি কৰি দিলে। গেহলটৰ মতে, এই সমগ্ৰ বিষয়টোৰ প্ৰকৃত সত্য আজিও অতি কম সংখ্যক মানুহেহে জানে। তেওঁ ধাৰাবাহিকভাৱে মানুহক বুজাবলৈ চেষ্টা কৰি আহিছে, কিন্তু যি ধাৰণা গঢ় লৈ উঠিছে তাক আঁতৰোৱাটো সহজ নহয়। তেওঁৰ মতে, তেওঁৰ ইচ্ছা নথকাৰ বাবে তেওঁ এই পদ হেৰুওৱা নাছিল, বৰঞ্চ ইয়াৰ বাবে পৰিস্থিতি আৰু ষড়যন্ত্ৰহে দায়ী আছিল।

লগতে পঢ়ক: শপত গ্ৰহণ পিছতেই মন্ত্ৰীসভাৰ সদস্যৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

প্ৰকৃতিৰ অভাৱনীয় আৰু ভয়ংকৰ ৰূপ, দিনতে হৈ পৰিল ঘোৰ অন্ধকাৰ

শনিবাৰে দুপৰীয়া প্ৰকৃতিৰ এক অভাৱনীয় আৰু ভয়ংকৰ ৰূপ দেখা গ’ল

ৰাজস্থানৰ সীমান্তৱৰ্তী জিলাসমূহত শনিবাৰে দুপৰীয়া প্ৰকৃতিৰ এক অভাৱনীয় আৰু ভয়ংকৰ ৰূপ দেখা গ’ল । চুৰু আৰু শ্ৰীগংগানগৰত বতৰৰ হঠাতে হোৱা পৰিৱৰ্তনে জনজীৱন ব্যাহত কৰি তোলে । দুপৰীয়া প্ৰায় ২ বজাত আকাশত ধূলি আৰু বালিৰ এক বিশাল ধুমুহা উঠি সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলোৱা পৰিলক্ষিত হয় ।

শূন্য দৃশ্যমানতা, স্তব্ধ পৰিবহণ-

বালিৰ ধুমুহা ইমানেই ঘন আছিল যে দুপৰীয়াৰ সময়তো চাৰিওফালে ঘোৰ আন্ধাৰ নামি আহে । দৃশ্যমানতা (Visibility) প্ৰায় শূন্যৰ ওচৰ পোৱাত ৰাস্তাত চলি থকা বাহনসমূহৰ গতি স্তব্ধ হৈ পৰে । চালকসকলে নিজৰ বাহনৰ হেডলাইট জ্বলাই সাৱধানে আগুৱাবলগীয়া হয় ।

৭০ কিমি গতিবেগ আৰু ৩০ মিনিটৰ তাণ্ডৱ-

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, এই বালিময় চক্ৰবাতটো সাধাৰণ ধুমুহা নাছিল । বতাহৰ গতিবেগ প্ৰায় ৭০ কিলোমিটাৰ প্ৰতি ঘণ্টা পোৱা গৈছে । প্ৰায় ৩০ মিনিট ধৰি বালিৰ এই বিশাল দেৱালখন আকাশত আগুৱাই যোৱাৰ ফলত স্থানীয় বাসিন্দাসকলে নিজৰ ঘৰৰ খিৰিকী-দৰ্জা বন্ধ কৰি ভিতৰত আশ্ৰয় লবলৈ বাধ্য হয় ।

ৰাইজৰ বাবে সকাহৰ বৰষুণ-

ধূলিৰ ধুমুহাৰ প্ৰকোপ শান্ত হোৱাৰ লগে লগে আকাশত ডাঠ মেঘ জমা হয় আৰু বিভিন্ন অঞ্চলত বৰষুণ আৰম্ভ হয় । এই বৰষুণে যোৱা কেইদিনমান ধৰি ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰত চলি থকা তাপমাত্ৰাক হঠাতে তললৈ নমাই আনে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, তাপমাত্ৰাত পোনপটীয়াকৈ ৮ ডিগ্ৰী চেলচিয়াছৰ হ্ৰাস পোৱাৰ ফলত স্থানীয় লোকসকলে প্ৰচণ্ড গৰম আৰু ‘লু‘ৰ পৰা যথেষ্ট সকাহ লাভ কৰিছে ।

এই ঘটনাৰ পিছত বৰ্তমান পৰিস্থিতি স্বাভাৱিক বুলি জানিব পৰা গৈছে যদিও প্ৰশাসনে স্থানীয় লোকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ

ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু

ডাম্পাৰৰ দৌৰাত্ম,মহটিয়াই নিলে ৫০ জনকৈ লোকক

ৰাজস্থানৰ জয়পুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ডাম্পাৰে মহটিয়াই নিলে প্ৰায় ৫০ জনলৈ লোকক।

জানিব পৰা মতে ডাম্পাৰখনে প্ৰথমে এখন গাড়ী খুন্দা মৰাৰ পিছত আন চাৰিখন বাহনত খুন্দা মাৰে।যাৰ বাবে ১০ জন লোকৰ মৃত্যু হয়।আনহাতে প্ৰায় ৪০ জন লোক আহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ডাম্পাৰখনে ৰাজপথত গৈ থকা প্ৰায় সংখ্যক লোককে মহটিয়াই নিয়ে।যাৰ বাবে প্ৰায় ৫০ জন লোক গুৰুতৰভাৱে আহত হয়।

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।প্ৰত্যক্ষদৰ্শীৰ মতে চালকজনে সুৰাপান কৰি গাড়ী চলাইছিল।তেওঁলোকে জনোৱা মতে ডাম্পাৰখনে প্ৰায় ৫ কিলোমিটাৰ ধৰি যি পাইছিল মহটিয়াই লৈ গৈছিল।

আৰক্ষীয়ে জনোৱা মতে একাংশ লোক এতিয়াও গাড়ী তলত আছে। যাক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে।

লগতে পঢ়ক: তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ১৫জনৰ মৃত্যু

দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দা ট্ৰেভালাৰৰ,১৬ জনৰ মৃত্যু

ৰৈ থকা ট্ৰাকত খুন্দা ট্ৰেভালাৰৰ

দেওবাৰে সন্ধিয়া ৰাজস্থানৰ ফালোডী জিলাৰ মাতোডা থানা এলেকাৰ ভাৰতমালা এক্সপ্ৰেছৱে’ত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

যোধপুৰৰ সুৰসাগৰৰ বাসিন্দা ১৮ জন লোকে বিকানেৰৰ কোলায়াত মন্দিৰ পৰিদৰ্শন কৰি এখন ট্ৰেভেলাৰেৰে উভতি আহি আছিল।

কিন্তু তীব্ৰবেগত অহা ট্ৰেভেলাৰ খনে হঠাৎ হনুমান সাগৰ ছেক্সনৰ সমীপত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত ১৫ জন লোকৰ থিতাতে মৃত্যু হয়।

ফালোড়ীৰ আৰক্ষী অধীক্ষক কুন্দন কানৱাৰিয়াই এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ কথা নিশ্চিত কৰিছে। তেওঁ কয়, ‘দুৰ্ঘটনাটোত ১৫ জন লোকৰ থিতাতে মৃত্যু হয়’।

‘৩ জন আহতক তৎক্ষণাত অছিয়ান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ৰ পৰাই তেওঁলোকক গ্ৰীণ কৰিডৰ সৃষ্টি কৰি যোধপুৰলৈ প্ৰেৰণ কৰা হৈছিল।’

ফালোডীৰ ডিএছপি আচল সিং দেৱদাই কয় যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছিল।

দুৰ্ঘটনাটোৰ পিছত মৃতদেহবোৰ ট্ৰেভেলাৰৰ আসন আৰু লোহাত বহু বেয়াকৈ আবদ্ধ হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰক্ষী আৰু স্থানীয় ৰাইজে বহু কষ্ট কৰিবলগীয়া হৈছিল।

ট্ৰেভেলাৰখন তীব্ৰবেগত থকাৰ বাবে পথৰ কাষত ৰখাই থোৱা ট্ৰাকখন চালকজনে দেখা নাপালে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।  

লগতে পঢ়ক: ৰাছিয়াৰ ওপৰত পুনৰ ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ; জ্বলি ছাই হ’ল টুৱাপছে বন্দৰ

চলন্ত বাছত দাও দাওকৈ লাগিল জুই; জ্বলি ছাই হ’ল ২০ গৰাকীকৈ লোক

চলন্ত বাছত দাও দাওকৈ লাগিল জুই

ৰাজস্থানৰ জয়ছালমেৰ জিলাত মঙলবাৰে বিয়লি এখন চলন্ত বাছত অগ্নিসংযোগ হোৱাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত এতিয়ালৈকে ২০ জনতকৈ অধিক যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । এই কৰুণ ঘটনাত বাছখনৰ ভিতৰতে বহুকেইজন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হোৱাৰ বিপৰীতে আন একাংশ যাত্ৰী খিৰিকী ভাঙি পলায়ন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বাছখনৰ মূল দুৱাৰ লক হৈ থকাৰ ফলত যাত্ৰীসকল নামিব পৰা নাছিল । বাছখনত মুঠ ৫৭ জন যাত্ৰী আছিল ।

দুৰ্ঘটনাটোৰ পিছত গুৰুতৰভাৱে জ্বলি যোৱা ১৯জন যাত্ৰীক যোধপুৰলৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত ইয়াৰে অধিকাংশই চিকিৎসাৰ সময়ত মৃত্যুমুখত পৰে । জয়ছালমেৰত চাৰিজন আহত লোক চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, জয়ছালমেৰৰ পৰা যোধপুৰ অভিমুখে গৈ থকা চলন্ত বাছখনত হঠাতে এ চি ইউনিটত অগ্নিকাণ্ড সংঘটিত হৈ কেইছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ বাহনখন আগুৰি ধৰে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ যথেষ্ট কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে । এই ঘটনাৰ পিছতে বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰ ভ্ৰমণ পৰিকল্পনা বাতিল কৰি সাহায্য আৰু উদ্ধাৰৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ।

ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ-

এই দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ এক্সত লিখিছে, “জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত মই শোক প্ৰকাশ কৰিছোঁ । এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সমবেদনা আছে । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।” তেওঁ আৰু লিখিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালক ২ লাখ ক্ষতিপূৰ্ণ প্ৰদান কৰা হ’ব । আহতসকলক দিয়া হ’ব পঞ্চাশ হাজাৰকৈ টকা ।

আনহাতে জয়ছালমেৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই । মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ভুক্তভোগীক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া লৈ আছে । লগতে জয়ছালমেৰলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা ।

লগতে পঢ়ক : শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু

ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে; পুনৰ চৰ্চাত ২৭ বছৰীয়া কৃষ্ণ হৰিণ চিকাৰৰ ঘটনা

ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে

সোমবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে ব্লেকবাক তথা কৃষ্ণ হৰিণ চিকাৰৰ গোচৰৰ শুনানিৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে । কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে দাখিল কৰা ছলমান খানৰ আবেদনৰ শুনানিৰ বাবে এই তাৰিখ দিয়া হৈছে । এতিয়া ২২ ছেপ্টেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৰাজস্থান উচ্চ ন্যায়ালয়ে ।

ছলমানৰ আবেদনৰ শুনানি-

প্ৰকাশিত এক তথ্য অনুসৰি ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ মনোজ কুমাৰ গাৰ্গে । ছেইফ আলী খান, টাবু, সোণালী বেন্দ্ৰে, নীলম আৰু এজন স্থানীয় বাসিন্দা দূষ্যন্ত সিংকে ধৰি সহ-অভিযুক্তক দোষমুক্ত কৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অনুমতিৰ বিৰুদ্ধে তেওঁ শুনানি গ্ৰহণ কৰিব । বিচাৰ আদালতে ২০১৮ চনৰ ৫ এপ্ৰিলত ছলমানক কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে পাঁচ বছৰৰ কাৰাদণ্ডও প্ৰদান কৰে ।

ছেইফ আলী খান আৰু অন্যান্য অভিনেতাক দোষমুক্ত-

১৯৯৮ চনত ‘হাম সাথ সাথ হেই’ ছবিৰ শ্বুটিংৰ সময়ত ছলমান খানৰ বিৰুদ্ধে যোধপুৰ জিলাৰ কংকনী গাঁৱত দুটা কৃষ্ণ হৰিণ চিকাৰৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত ছালমান খানক দোষী সাব্যস্ত কৰা হৈছিল । আনহাতে ছেইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু, নীলমক দোষমুক্ত কৰা হয় । নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ ছলমান খানে আবেদন দাখিল কৰে । আনহাতে ৰাজ্য চৰকাৰে বাকী অভিনেতাসকলক দোষমুক্ত কৰাৰ বিৰুদ্ধে আবেদনৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছে ।

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

শ্ৰেণীকোঠাত থকাৰ সময়তে হঠাৎ প্ৰচণ্ড শব্দ; চৰকাৰী বিদ্যালয়ৰ ভৱন ভাঙি ৪ জনৰ মৃত্যু

শ্ৰেণীকোঠাত থকাৰ সময়তে হঠাৎ প্ৰচণ্ড শব্দ

ৰাজস্থানৰ ঝালাৱাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ভাঙি পৰিল বিদ্যালয়ৰ ভৱন।

ঘটনাটোৰ ফলত বৰ্তমানলৈকে ৪ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু শিশু আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।দুৰ্ঘটনাৰ পিছত ১৭টা শিশু আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

বহু শিশু গুৰুতৰভাৱে আহত হৈছে।ঝলাৱৰ জিলাৰ মনোহৰ থানা এলেকাৰ পিপলোডীস্থিত চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে ঘটনাটো।

ভৱনটো খহি পৰাৰ ফলত  শ্ৰেণীকোঠাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকল তাৰ তলত আবদ্ধ হৈ পৰিল।তথ্য অনুসৰি শ্ৰেণীটোত প্ৰায় ৬০টা শিশু উপস্থিত আছিল, ইয়াৰে ২৫টা আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

বিদ্যালয়ৰ ভৱন ভাঙি পৰাৰ পিছত ততাতৈয়াকৈ অঞ্চলটোৰ ৰাইজে তাত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই। বৰ্তমানেও ধ্বংসাৱশেষৰ তলত পুতি খাই থকা শিশুকেইটাক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ।

ঝলাৱাৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে কয় যে চাৰিটা শিশু নিহত হোৱাৰ লগতে ১৭টা শিশু আহত হৈছে।দহটা শিশুক ঝলাৱাৰলৈ প্ৰেৰণ কৰা হৈছে, ইয়াৰে তিনিৰ পৰা চাৰিটা শিশুৰ অৱস্থা গুৰুতৰ।

আৰক্ষীয়ে জনোৱা মতে, শিক্ষক-শিক্ষয়িত্ৰী আৰু গাঁওবাসীৰ সহায়ত শিশুকেইটাক ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিছে।

লগতে পঢ়ক: মণিপুৰত বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ; পুনৰ ৬ মাহলৈ বৃদ্ধি

জীৱন যুঁজত পৰাজিত হ’ল  ‘চেতনা’ ; ১০ দিনৰ অন্তত  বোৰৱেলৰ পৰা উলিয়াই অনা হ’ল মৃতদেহ

১০ দিনৰ অন্তত অৱশেষত ৰাজস্থানৰ আলৱাৰৰ কোটপুটলীত আৱদ্ধ হৈ থকা তিনি বছৰীয়া চেতনাক বোৰৱেলৰ পৰা উদ্ধাৰ কৰা হয়।

শিশুটিক ১৭০ ফুট গভীৰ সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই আনি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ২৩ ডিচেম্বৰৰ দিনা দুপৰীয়া প্ৰায় ১:৩০ বজাত খেলি থাকোতে অৱস্তাতে এটা বোৰৱেলত পৰি গৈছিল ৩ বছৰীয়া চেতনা । এই বাতৰি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছিল।

শিশুটিক প্ৰথমে ১৫০ ফুট গভীৰ গাঁতটোৰ পৰা ৩০ ফুট ওপৰলৈ লৈ অনা হৈছিল, কিন্তু তাৰ পিছত  তাতেই আবদ্ধ হৈ পৰিছিল চেতনা। এই পদক্ষেপে আশা জাগ্ৰত কৰিছিল, কিন্তু ইয়াৰ পিছত প্ৰত্যাহ্বানটো বাকী আছিল।

পাইলিং মেচিনেৰে উদ্ধাৰ কাৰ্য্য আৰম্ভ কৰাৰ পূৰ্বে, জেচিবিৰ সহায়ত খননৰ কাম আৰম্ভ কৰা হৈছিল।উদ্ধাৰকাৰী দলটোৱে গাঁতটোত সোমাই থকা চেতনাক নিৰন্তৰ অক্সিজেন প্ৰদান কৰিছিল। 

উত্তৰাখণ্ডৰ পৰা এটা বিশেষ দল মাতি অনা হৈছিল, যাৰ পিছত এটা পাইলিং মেচিনেৰে নিৰন্তৰ খনন কৰা হৈছিল।  এই সময়ছোৱাত, মাজে মাজে হোৱা বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত যথেষ্ট অসুবিধা হৈছিল।

কিন্তু ১০ টা দিনৰ বহু কষ্টৰ পিছটো জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল কণমানি চেতনাক।চেতনাক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ।  

বিলুপ্ত হ’ব ৯খন জিলা…কেবিনেটৰ বৃহৎ সিদ্ধান্ত

শনিবাৰে ৰাজস্থানৰ ভজনলাল শৰ্মা চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গেহলট চৰকাৰৰ দিনত সৃষ্টি হোৱা ৯খন জিলা বিলুপ্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কেবিনেট মন্ত্ৰী যোগৰাম পেটেল আৰু সুমিত গোদাৰাই শনিবাৰে সাংবাদিকৰ আগত এই তথ্য প্ৰদান কৰে ।

পূর্বৰ কংগ্রেছ চৰকাৰে সৃষ্টি কৰা ২০খন নতুন জিলা সন্দর্ভত ভজন লাল চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে বুলি তেওঁলোকে জনায় ৷ ২০খন জিলাৰ ভিতৰত ৮খন জিলা যিদৰে আছে তেনেদৰেই থাকিব বুলি তেওঁলোকে সদৰী কৰে । এতিয়া পূৰ্বৰ চৰকাৰে সৃষ্টি কৰা নতুন বিভাজনৰ অস্তিত্ব নাথাকিব ।

ভজনলাল চৰকাৰে গেহলট শাসনৰ সময়ত গঠন হোৱা ৯খন জিলা আৰু তিনিটা সংমণ্ডল বিলুপ্ত কৰে । যিবোৰ জিলা বাতিল কৰা হৈছে সেইবোৰ হ’ল- দুডু, কেকৰী, শ্বাহপুৰা, নিমকাথানা, গংগাপুৰচিটি, জয়পুৰ গ্ৰাম্য, যোধপুৰ গ্ৰাম্য, অনুপগড়, চাঞ্চোৰ ।

তেওঁলোকে কয় যে কিৱালোত্ৰা, ব্যাৱৰ, দীগ, দিদৱানা-কুচামান, কোটপুটলি-বহাৰোদ, খাইৰথাল-তিজাৰা, ফালোডী আৰু ছালুম্বাৰ এই জিলাসমূহ যিদৰে আছে তেনেকৈয়ে থাকিব ।

এতিয়া ৰাজস্থানত মুঠ ৪১খন জিলা আৰু ৭টা সংমণ্ডল-

কেবিনেট বৈঠকৰ পিছত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী যোগৰাম পেটেলে কয় যে ১৯৫৬ চনত ৰাজস্থান গঠন হৈছিল । ইয়াৰ পিছত বহুদিনলৈ ৰাজস্থানত মাত্ৰ ২৬ খন জিলা আছিল । কিন্তু পিছলৈ আৰু ৭খন নতুন জিলা গঠন হ’ল, যেতিয়া পূৰ্বৰ গেহলট চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত ।

তেওঁলোকে কয় যে সেই সময়ত শেষ মুহূৰ্তত ১৭খন নতুন জিলা আৰু তিনিটা সংমণ্ডল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল । পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আচৰণ বিধি ঘোষণাৰ ঠিক পূৰ্বে জিলা গঠনৰ কথা ঘোষণা কৰিছিল । জিলাসমূহৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি এইটো ব্যৱহাৰিক বা শুদ্ধ নহয় ।

লগতে তেওঁলোকে কয় যে জিলা গঠন সন্দৰ্ভত কেবিনেট কমিটীত এক আলোচনা অনুষ্ঠিত হয় । এই কমিটীয়ে পাছলৈ সৃষ্টি হোৱা জিলাসমূহ ব্যৱহাৰিক নহয় বুলি বিবেচনা কৰিছিল । এতিয়া ৰাজস্থানত থাকিব মাত্ৰ ৭টা সংমণ্ডল আৰু মুঠ ৪১খন জিলা । এইদৰে চৰকাৰে গেহলট চৰকাৰৰ দিনত সৃষ্টি হোৱা ৯খন নতুন জিলা আৰু তিনিটা নতুন সংমণ্ডল – বনছোৱাৰা, ছিকাৰ আৰু পালি সংমণ্ডল বিলুপ্ত কৰাৰ সিদ্ধান্ত লয় । লগতে আইন মন্ত্ৰী যোগৰাম পেটেলে ৰাজস্থানৰ গাঁও পঞ্চায়তসমূহ পুনৰ সংগঠিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে ।