ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া
বুধবাৰে এক বৃহৎ ভূমিকম্পই কঁপাই যায় ৰাছিয়া । ৰাছিয়াৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছে এই ভূমিকম্প । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৮ । জাপান আৰু আমেৰিকাৰ উপৰিও নিউজিলেণ্ড আৰু ইণ্ডোনেছিয়াতো এই ভূমিকম্পৰ প্ৰভাৱ দেখা গৈছে আৰু ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । কিছুমান ঠাইত ছুনামীৰ প্ৰভাৱো দেখা দিবলৈ আৰম্ভ কৰিছে ।
জাপানৰ বতৰ বিজ্ঞান সংস্থাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত ৮.০ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জাপানৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে । সংস্থাটোৱে জনোৱা মতে, পুৱা ৮:২৫ বজাত এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্ৰাবল্য ৮.০ বুলি ৰেকৰ্ড কৰা হৈছে । জাপানৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত ১ মিটাৰ পৰ্যন্ত ছুনামীৰ সতৰ্কবাণীও জাৰি কৰিছে সংস্থাটোৱে । পিছলৈ ইয়াক ৮.৮লৈ সংশোধন কৰা হয় ।
ৰাছিয়াৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ কামচাটকা অঞ্চলত প্ৰথম ছুনামী ঢৌৱে আঘাত কৰে । ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পায় । ইয়াৰ বাবে উপকূলীয় চহৰৰ অট্টালিকাত জলস্তৰ বৃদ্ধি হোৱা দেখা যায় ।
জাপানৰ চাৰিটা ডাঙৰ দ্বীপৰ ভিতৰত আটাইতকৈ উত্তৰত থকা হোকাইডোৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ প্ৰভাৱ অতি কম অনুভৱ কৰা হৈছে । ইউ এছ জি চিয়ে জনোৱা মতে, ১৯.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল । প্ৰাৰম্ভিক খবৰৰ পিছতে ইউ এছ জি চিয়ে কয় যে ভূমিকম্পৰ প্ৰাবল্য ৮.৭ ।
এই ভূমিকম্পৰ পিছতে ৰাছিয়া আৰু জাপানৰ লগতে ইন্দোনেছিয়া, নিউজীলেণ্ড আৰু আমেৰিকাতো ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে । জাপানত ৯ লাখ লোকক স্থানান্তৰ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে ।
লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ