ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া; ছুনামীৰ সতৰ্কতা জাৰি

ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া

বুধবাৰে এক বৃহৎ ভূমিকম্পই কঁপাই যায় ৰাছিয়া । ৰাছিয়াৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছে এই ভূমিকম্প । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৮ । জাপান আৰু আমেৰিকাৰ উপৰিও নিউজিলেণ্ড আৰু ইণ্ডোনেছিয়াতো এই ভূমিকম্পৰ প্ৰভাৱ দেখা গৈছে আৰু ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । কিছুমান ঠাইত ছুনামীৰ প্ৰভাৱো দেখা দিবলৈ আৰম্ভ কৰিছে ।

জাপানৰ বতৰ বিজ্ঞান সংস্থাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত ৮.০ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জাপানৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে । সংস্থাটোৱে জনোৱা মতে, পুৱা ৮:২৫ বজাত এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্ৰাবল্য ৮.০ বুলি ৰেকৰ্ড কৰা হৈছে । জাপানৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত ১ মিটাৰ পৰ্যন্ত ছুনামীৰ সতৰ্কবাণীও জাৰি কৰিছে সংস্থাটোৱে । পিছলৈ ইয়াক ৮.৮লৈ সংশোধন কৰা হয় ।

ৰাছিয়াৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ কামচাটকা অঞ্চলত প্ৰথম ছুনামী ঢৌৱে আঘাত কৰে । ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পায় । ইয়াৰ বাবে উপকূলীয় চহৰৰ অট্টালিকাত জলস্তৰ বৃদ্ধি হোৱা দেখা যায় ।

জাপানৰ চাৰিটা ডাঙৰ দ্বীপৰ ভিতৰত আটাইতকৈ উত্তৰত থকা হোকাইডোৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ প্ৰভাৱ অতি কম অনুভৱ কৰা হৈছে । ইউ এছ জি চিয়ে জনোৱা মতে, ১৯.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল । প্ৰাৰম্ভিক খবৰৰ পিছতে ইউ এছ জি চিয়ে কয় যে ভূমিকম্পৰ প্ৰাবল্য ৮.৭ ।

এই ভূমিকম্পৰ পিছতে ৰাছিয়া আৰু জাপানৰ লগতে ইন্দোনেছিয়া, নিউজীলেণ্ড আৰু আমেৰিকাতো ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে । জাপানত ৯ লাখ লোকক স্থানান্তৰ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ

২০ বছৰ পূৰ্বে ২৬ ডিচেম্বৰত কি হৈছিল ?  যেতিয়া ২ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল…

২০০৪ চনৰ ২৬ ডিচেম্বৰৰ দিনটোৱে বিশ্বক এক পাহৰিব নোৱৰা আঘাত দি গৈছিল, যিটো কেতিয়াও পাহৰিব নোৱাৰি । আজিৰ দিনটোতে ৯.২–৯.৩ মেগাৱাট প্ৰাবল্যৰ এটা বৃহৎ ভূমিকম্প হৈছিল, যাৰ কেন্দ্ৰবিন্দু ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাৰ আচেহৰ পশ্চিম উপকূলৰ ওচৰত আছিল । সাগৰৰ তলৰ ভূমিকম্পৰ ফলত ৩০ মিটাৰ (১০০ ফুট) পৰ্যন্ত উচ্চতাৰ ঢৌৰ সৈতে বৃহৎ চুনামীৰ সৃষ্টি হয় যিয়ে ভাৰত মহাসাগৰৰ আশে-পাশে থকা উপকূলত বিধ্বংসী ৰূপ ধাৰণ কৰে । মানৱ ইতিহাসত জনাজাত আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগবোৰৰ ভিতৰত ই আছিল অন্যতম । ১৪খন দেশত আনুমানিক ২২৭,৮৯৮ জন লোকৰ মৃত্যু হৈছিল এই দুৰ্যোগত । এই দুৰ্যোগে আচেহ (ইণ্ডোনেছিয়া)ত আটাইতকৈ বেছি আঘাত হনাৰ পিছতে শ্ৰীলংকা, তামিলনাডু (ভাৰত) আৰু খাও লাক (থাইলেণ্ড)ত সৃষ্টি কৰি ধ্বংসলীলাৰ ।

একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ-

ইয়াক একবিংশ শতিকাৰ আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগ আৰু ইতিহাসৰ অন্যতম মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰা হয় । ইয়াৰ লগতে ইয়াক ইতিহাসৰ আটাইতকৈ ডাঙৰ ছুনামী দুৰ্যোগ বুলিও গণ্য কৰা হয় । ৯.২–৯.৩ মেগাৱাট প্ৰাবল্যৰ এই ভূমিকম্প এছিয়াত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ আৰু একবিংশ শতিকাৰ আটাইতকৈ শক্তিশালী ভূমিকম্প আছিল । ১৯০০ চনত আধুনিক ভূমিকম্প বিজ্ঞানৰ আৰম্ভণিৰ পিছত ই আছিল অন্ততঃ বিশ্বৰ তৃতীয় শক্তিশালী ভূমিকম্প ।

ভাৰতত ১৬ হাজাৰৰো অধিক লোকৰ মৃত্যু!

ভাৰতত এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে ১২,২০৫ জন লোকৰ মৃত্যু হৈছিল যদিও আনুমানিক সংখ্যা ১৬,২৬৯ জন বুলি ধাৰণা কৰা হৈছিল । সৰ্বাধিক ক্ষতিসাধন হয় অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত । ভূমিকম্পৰ প্ৰায় দুঘণ্টাৰ পাছত ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ-পূব উপকূলৰ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ৰাজ্যত ছুনামী উপস্থিত হয় । একে সময়তে ই দক্ষিণ-পশ্চিম উপকূলৰ কেৰালা ৰাজ্যকো স্পৰ্শ কৰিছিল । কিছুমান অঞ্চলত স্থানীয় উচ্চ জোৱাৰৰ লগত মিল থকা দুটাৰ পৰা পাঁচটা ছুনামী সংঘটিত হৈছিল ।

সৰ্বাধিক ক্ষতি হৈছিল তামিলনাডুত-

তামিলনাডুৰ উপকূলৰ কাষে কাষে চেন্নাইৰ ১৩ কিলোমিটাৰ (৮.১ মাইল) দৈৰ্ঘ্যৰ মেৰিনা বিচত ছুনামীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । ৰিজ’ৰ্টৰ এখন বীচ্চত ৰেকৰ্ড কৰা ভিডিঅ’ত দেখা গৈছিল যে ছুনামী উপকূলৰ কাষ চাপি আহিছে পানীৰ বিশাল দেৱালৰ দৰে আৰু ভিতৰলৈ যোৱাৰ লগে লগে বানৰ সৃষ্টি কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰত মহাসাগৰৰ দুৰ্যোগৰ পিছৰ দুটা দশকত ছুনামী গৱেষণা, সামুদ্ৰিক সুৰক্ষা আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে ।

তথাপিও বিশেষজ্ঞসকলে সকীয়াই দিছে যে ২০০৪ চনৰ ধ্বংসলীলাৰ স্মৃতিবোৰ ম্লান হৈ যোৱাৰ বাবেই আমি সন্তুষ্ট হ’ব নালাগে । ২০০৪ চনৰ প্ৰাকৃতিক দুৰ্যোগৰ ঠিক সাত বছৰৰ পাছত ২০১১ চনৰ ১১ মাৰ্চত হোৱা জাপানৰ ছুনামী দুৰ্যোগ প্ৰমাণ যে ছুনামী সম্পৰ্কে নিৰন্তৰ গৱেষণা, সতৰ্কতা আৰু প্ৰস্তুতিৰ প্ৰয়োজন ।