ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলালে ৰাছিয়াই
দেওবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনত সৰ্ববৃহৎ বিমান আক্ৰমণ সংঘটিত কৰিছে । বহুতো ড্ৰোন আৰু মিছাইলৰ সহায়ত ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি লয় । এই আক্ৰমণত ৰাছিয়াই দেশখনৰ বহু অঞ্চলক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল । ইউক্ৰেইনেও এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে । ৰাছিয়াৰ এই আক্ৰমণৰ লগে লগে তিনি বছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ আশাও ছিন্নভিন্ন হৈ পৰিছে । কোৱা হৈছে যে ইউক্ৰেইনেও ৰাছিয়ালৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ।
ইউক্ৰেইনৰ বায়ুসেনাই প্ৰকাশ কৰিছে যে ৰাছিয়াই মুঠ ৫৩৭টা আকাশী অস্ত্ৰ নিক্ষেপ কৰিছিল । ইয়াৰ ভিতৰত আছিল ৪৭৭টা ড্ৰোন আৰু ৬০টা ক্ষেপণাস্ত্ৰ । ইয়াৰে ২৪৯ টা ধ্বংস কৰা বুলি ইউক্ৰেইনে দাবী কৰিছে । একে সময়তে ২২৬টা ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যভ্ৰস্ত হয় ।
ইউক্ৰেইনৰ বায়ুসেনাই জনাইছে যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ড্ৰোন আৰু কেইবাবিধো ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰাৰ পিছত এই আক্ৰমণ দেশখনৰ ওপৰত হোৱা ‘বৃহত্তম আকাশী আক্ৰমণ’ । তেওঁ কয় যে এই আক্ৰমণত ৰাছিয়াই ফ্ৰণ্ট লাইনৰ পৰা বহু দূৰত থকা পশ্চিম ইউক্ৰেইনকে ধৰি কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল ।
বায়ুসেনাই কয় যে পোলেণ্ড আৰু মিত্ৰ দেশসমূহে পোলেণ্ডৰ আকাশমাৰ্গৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জেট বিমান প্ৰেৰণ কৰিছে । পশ্চিম লভিভ অঞ্চলত ড্ৰ’হ’বিচ চহৰৰ এটা ঔদ্যোগিক প্ৰতিষ্ঠানত ড্ৰোন আক্ৰমণৰ ফলত বিশাল অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চহৰখনৰ কিছু অংশ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।
এফ-১৬ যুঁজাৰু বিমান ভূপতিত-
ইউক্ৰেইনে কয় যে ৰাছিয়াৰ আক্ৰমণত পশ্চিমীয়া অংশীদাৰ দেশসমূহৰ পৰা লাভ কৰা এফ-১৬ যুঁজাৰু বিমান এখনো ধ্বংসপ্ৰাপ্ত হয় । এই জেটখনে নিজৰ লক্ষ্যক আক্ৰমণ কৰাৰ সময়তে ভূপতিত হয় । এই দুৰ্ঘটনাত পাইলটৰো মৃত্যু হয় ।
লগতে পঢ়ক : ‘সমৃদ্ধ ইউৰেনিয়াম ঘূৰাই দিয়ক বা অন্যথা…’;যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলক ধমক ইৰাণৰ