ইউক্ৰেইনৰ বাবে আটাইতকৈ ভয়ংকৰ নিশা
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধত দেওবাৰৰ নিশা ইউক্ৰেইনৰ বাবে অতি ভয়ংকৰ আছিল । কাৰণ এই নিশা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ৪৭৯খন ড্ৰোন আৰু ২০টা ক্ষেপণাস্ত্ৰৰে আকাশমাৰ্গেৰে বৰ্তমানলৈকে কৰা আটাইতকৈ ভয়ংকৰ আক্ৰমণ চলাইছিল । দেশখনৰ বায়ুসেনাই কয় যে এই আক্ৰমণত দেশখনৰ মধ্য আৰু পশ্চিম অঞ্চল বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল । শেহতীয়াকৈ ৰাছিয়াৰ বিমানঘাটিক লক্ষ্য কৰি কৰা আক্ৰমণৰ পিছত ইয়াক অতি ডাঙৰ আক্ৰমণ বুলি গণ্য কৰা হৈছে ।
দেশখনৰ বায়ুসেনাই দাবী কৰিছে যে তেওঁলোকে ২৭৭খন ড্ৰোন আৰু ১৯টা ক্ষেপণাস্ত্ৰ আকাশমাৰ্গতে ধ্বংস কৰিছে । ইউক্ৰেইনৰ দাবী অনুসৰি ১০খন ড্ৰোন আৰু মিছাইল নিজৰ লক্ষ্যত আঘাত হানে । এই আক্ৰমণত এজন লোক আহত হয় । অৱশ্যে কিয়েভৰ এই দাবীসমূহ কোনো ধৰণে নিশ্চিত হোৱা নাই ।
ৰক্ষা পাবলৈ বায়ু প্ৰতিৰক্ষাৰ প্ৰয়োজন-
ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে পূব আৰু উত্তৰ-পূব ফ্ৰণ্টৰ পৰিস্থিতি অত্যন্ত বেয়া হৈয়ে আছে । কিন্তু তেওঁ ৰাছিয়াৰ আক্ৰমণৰ ফলত হোৱা ক্ষতিৰ বিষয়ে বিশেষ তথ্য প্ৰদান নকৰে । দেশখনক পশ্চিমীয়া মিত্ৰ দেশৰ পৰা বিশেষকৈ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অধিক সহায়ৰ প্ৰয়োজন, কিন্তু আমেৰিকাৰ নীতিক লৈ অনিশ্চয়তাৰ বাবে পৰিস্থিতি বেয়া হৈয়েই আছে ।
ইফালে ৰাছিয়াই নিজৰ ভূখণ্ডৰ ৭টা ঠাইত ৪৯খন ড্ৰ’ন ধ্বংস কৰা বুলিও দাবী কৰিছে । ৰাছিয়াৰ ভ’ৰনেজ অঞ্চলত ২৫খন ড্ৰোন নিক্ষেপ কৰি গেছ পাইপলাইনৰ ক্ষতিসাধন কৰাৰ লগতে অগ্নিকাণ্ডও সংঘটিত হয় । মস্কোৰ পৰা ৬০০ কিলোমিটাৰ পূবে অৱস্থিত ৰাছিয়াৰ চুভাছিয়া অঞ্চলৰ ইলেক্ট্ৰনিক যুদ্ধ কাৰখানাত দুই ইউক্ৰেইনীয়ান ড্ৰোনে আঘাত হানে ।
দেশখনৰ জেনেৰেল ষ্টাফে দাবী কৰে যে তেওঁলোকৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ নভগ’ৰড অঞ্চলৰ ছাভাছলেকা বিমানবন্দৰত দুখন ৰাছিয়াৰ যুদ্ধ বিমানক লক্ষ্য কৰি লৈছিল । অৱশ্যে বিমানকেইখনক কেনেদৰে আক্ৰমণ কৰা হয় সেই কথা উল্লেখ কৰা হোৱা নাই ।
লগতে পঢ়ক : লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা