আই পি এল ২০২৫ৰ ৪৭ সংখ্যক মেচখন আজি গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব । পিংক চিটি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । এই মেচত এফালে ৰাজস্থান দলে প্লে অফৰ আশা জীয়াই ৰাখিবলৈ খেল পথাৰত নামিব । আনহাতে গুজৰাটৰ দলটোৱে পইণ্ট টেবুলত শীৰ্ষ স্থান লাভৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।
জয়পুৰৰ পিটচ-
জয়পুৰ খেলপথাৰত দ্ৰুতগতিত ৰান সংগ্ৰহ কৰাটো অলপ কঠিন । এই খেলপথাৰত বেটছমেন আৰু বলাৰৰ মাজত তীব্ৰ যুঁজ দেখা যায় । এই খেলপথাৰত যদি স্ক’ৰ ১৭০-১৯০ৰ ভিতৰত হয় তেন্তে এক ডাঙৰ প্ৰতিযোগিতাৰ সাক্ষী হ’ব পাৰে ।
পইণ্ট টেবুলত কোনটো দল কি স্থানত আছে ?
আই পি এলৰ এই ছিজনটো গুজৰাট টাইটানছৰ বাবে অতি উত্তম । গুজৰাট দলটোৱে এতিয়ালৈকে ৮খন মেচ খেলিছে, ইয়াৰে দলটোৱে ৬খন খেলত জয়লাভ কৰাৰ বিপৰীতে ২খন খেলত পৰাস্ত হৈছে । গুজৰাটে ৬খন খেলৰ পকা ১২ পইণ্ট লাভ কৰিছে । দলটোৱে যোৱা দুখন মেচত জয়লাভ কৰিছে আৰু ৰাজস্থানৰ বিৰুদ্ধেও যদি জয়লাভ কৰিব পাৰে তেন্তে গুজৰাট পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হ’ব । বৰ্তমান গুজৰাট টাইটানছ পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে । আজিৰ খেলখনত যদি গুজৰাটে জয়লাভ কৰে তেন্তে দলটো পইন্ট তালিকাৰ শীৰ্ষত উপনীত হ’ব ।
চলিত ছিজনত পইণ্ট তালিকাৰ নৱত স্থানত আছে ৰাজস্থান ৰয়েলছ । ৰাজস্থানে এই পৰ্যন্ত আই পি এলত ৯খন মেচ খেলিছে, য’ত দলটো ২খন মেচত জয়ী হোৱাৰ বিপৰীতে ৭খন মেচত পৰাস্ত হৈছে । এই পৰ্যন্ত ৰাজস্থানে মাত্ৰ ৪ পইণ্টহে লাভ কৰিছে । বাকী পাঁচখন খেলত যদি ৰাজস্থান জয়ী হয়, তেন্তে দলটোৰ হাতত ১৪ পইণ্ট থাকিব । ইয়াৰ পিছতো দলটোৱে নেট ৰান ৰেট উন্নত কৰিবলৈ সকলো মেচতে ডাঙৰ ব্যৱধানত জয়ী হ’ব লাগিব, তেতিয়াহে দলটোৱে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব ।
উল্লেখ্য যে, আই পি এলৰ ইতিহাসত গুজৰাট আৰু ৰাজস্থান ৭ বাৰ মুখামুখি হৈছে, তাৰ ভিতৰত গুজৰাটে ৬ খন মেচত জয়লাভ কৰিছে । আনহাতে ৰাজস্থানে মাত্ৰ এবাৰহে বিজয়ৰ সোৱাদ লাভ কৰিছে । আজিৰ খেলখনত ৰাজস্থানে এই অভিলেখ উন্নত কৰিব বিচাৰিব ।
ৰাজস্থান ৰয়েলছৰ সাম্ভাব্য মূল একাদশঃ
যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰাণা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, ছিমৰন হেটমায়াৰ, জোফ্ৰা আৰ্চাৰ, ৱানিন্দু হাছাৰংগা, মহেশ তীক্ষনা, আকাশ মাধৱাল, সন্দীপ শৰ্মা ।
ইমপেক্ট প্লেয়াৰ- তুষাৰ দেশপাণ্ডে বা শিৱম ডুবে ।
গুজৰাট টাইটানছৰ সম্ভাৱ্য মূল একাদশঃ
শুভমন গীল, ছাই সুদৰ্শন, জোছ বাটলাৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৱাশ্বিংটন সুন্দৰ, ৰছিদ খান, আৰ চাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ।
ইমপেক্ট প্লেয়াৰ – ইশান্ত শৰ্মা