দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ
লীডছ টেষ্টত পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে । এই টেষ্টৰ প্রথম ইনিংছত ১৩৪ ৰানৰ দৰ্শনীয় শতক অর্জন কৰাৰ পাছত দ্বিতীয় ইনিংছতো আন এক শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পন্ট ৷ ইয়াৰ লগে লগে SENAৰ যিকোনো টেষ্ট মেচৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা এছিয়াৰ প্ৰথমজন উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে পন্ট । তেওঁৰ এই ইনিংছে লীডছ টেষ্টত টিম ইণ্ডিয়াক শক্তিশালী স্থানত ৰাখিছে ।
ঋষভ পন্টৰ ঐতিহাসিক ইনিংছ-
এই ইনিংছত ঋষভ পন্টে মাত্ৰ ১৩০টা বলত শতক সম্পূৰ্ণ কৰে । আনহাতে, প্ৰথম ইনিংছত তেওঁ ১৪৬ বলত এই কৃতিত্ব অৰ্জন কৰিছিল । টেষ্ট ক্ৰিকেটত এয়া পণ্টৰ অষ্টমটো শতক । বিশেষ কথাটো হ’ল তেওঁ এই শতকসমূহৰ ভিতৰত ৬টা শতক ভাৰতৰ বাহিৰত অর্জন কৰিছে ৷ একে সময়তে ইংলেণ্ডৰ বিৰুদ্ধে এয়া তেওঁৰ পঞ্চমটো শতকীয় ইনিংছ । ইংলেণ্ডত তেওঁ এই শতকসমূহৰ ভিতৰত ৪টা শতক অৰ্জন কৰিছে । এই শতক অৰ্জনৰ পিছতে বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেনৰ তালিকাতো পণ্টৰ তৃতীয় স্থানত আছে ।
কে এল ৰাহুলৰ শতক-
এই টেষ্টৰ প্ৰথম ইনিংছত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো অৰ্ধ শতকৰ পৰা বঞ্চিত হোৱা তাৰকা বেটছমেন কে এল ৰাহুলে দ্বিতীয় ইনিংছত দৰ্শনীয় শতক অৰ্জন কৰে । ধৈৰ্য সহকাৰে খেলি তেওঁ এই শতক অৰ্জন কৰি ভাৰতক এক বৃহত স্কৰ অৰ্জনৰ দিশে আগুৱাই নিছে । ২০২ টা বলত শতক সম্পূৰ্ণ কৰে ৰাহুলে । বৰ্তমান ২২৭ বলত ১২০ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে ৰাহুল । ইফালে ৰাহুল আৰু পন্টৰ শতকীয় ইনিংছৰ ভিত্তিত ভাৰতে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৩০৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ; প্ৰথমটো হেলমেট শ্বেয়াৰ কৰি লিখিলে আৱেগিক বাৰ্তা