নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন

এই এদিনীয়া শৃংখলাত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ট আৰু মহম্মদ ছিৰাজে । আনহাতে পুনৰ এবাৰ বিমুখ হৈছে প্ৰবীণ বেগী বলাৰ মহম্মদ ছামী ।

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে শনিবাৰে ঘোষণা কৰা হয় ভাৰতীয় দল । দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমন গীলক । ইফালে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত দললৈ ঘূৰি আহিছে শ্ৰেয়াছ আয়াৰ । শ্ৰেয়াছক দলৰ সহ-অধিনায়ক হিচাবে নিযুক্তি দিয়া হৈছে । অৱশ্যে বি চি চি আইয়ে স্পষ্ট কৰি দিছে যে আয়াৰে চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভ কৰাৰ পিছতহে খেলাৰ যোগ্য হ’ব ।

পুনৰ দেখা যাব ৰোহিত-বিৰাটক-

নতুন বছৰৰ আৰম্ভণি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে বিশেষ হ’বলৈ গৈ আছে । কিয়নো পুনৰ এবাৰ খেলপথাৰত দেখা যাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক । শেহতীয়াকৈ দুয়োগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল । ইয়াৰ পিছতে এতিয়া এই এদিনীয়া শৃংখলাত পুনৰ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে দুয়োগৰাকী তাৰকা ।

গাইকোৱাদ বাহিৰ, বুমৰাহ-হাৰ্দিকক জিৰণি-

যুৱ বেটছমেন ৰুতুৰাজ গাইকোৱাদ এই শৃংখলাৰ বাবে দলৰ পৰা বাদ পৰিছে । ৰায়পুৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ দৰ্শনীয় শতক অৰ্জন কৰিছিল । ইয়াৰ পিছতো নিৰ্বাচকসকলে তেওঁক দলৰ পৰা বাদ দিছে । ইফালে বাছনি সমিতিয়ে বিশ্ৰাম দিছে হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক । দুয়োগৰাকীয়ে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

ছিৰাজৰ প্ৰত্যাৱৰ্তন-

আনহাতে মহম্মদ ছিৰাজ পুনৰ দললৈ ঘূৰি আহিছে । তেওঁ অন্তিমখন এদিনীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল । ইয়াৰ পিছতে তেওঁক দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ বাবে জিৰণি দিয়া হয় । এতিয়া তেওঁ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । ফাষ্ট বলিং বিভাগৰ বাবে ছিৰাজ, অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু প্ৰসিদ্ধ কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখিছে বাছনি সমিতিয়ে । তাৰকা অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ সহযোগত স্পীন আক্ৰমণৰ নেতৃত্ব দিব কুলদীপ যাদৱে । নীতিশ কুমাৰ ৰেড্ডীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

ইফালে পুনৰ নিৰাশ হৈছে প্ৰবীণ বেগী বলাৰ মহম্মদ ছামী । ছামীয়ে শেষবাৰৰ বাবে ভাৰতৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত খেলিছিল, য’ত ভাৰতে ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ঘৰুৱা ক্ৰিকেটত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি অহা দেৱদত্ত পাডিক্কাল আৰু ঈশান কিষাণক দলত অন্তৰ্ভুক্ত হোৱা নাই । দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ঋষভ পণ্টে ।

এদিনীয়া শৃংখলাৰ সূচী-

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । প্ৰথমখন খেল বদোদৰাত অনুষ্ঠিত হ’ব । দ্বিতীয়খন খেল ১৪ জানুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ’ব, আনহাতে তৃতীয়খন খেল ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে দুয়োটা দলে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলিব ।

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল :

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছিৰাজ, হৰ্ষিত ৰানা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদীপ সিং আৰু যশস্বী জয়ছোৱাল ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা

দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে শৃংখলাত দললৈ ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন; কান্ধত গধুৰ দায়িত্ব

ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন

দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন মেচ খেলিব ইণ্ডিয়া এ দলে । এই শৃংখলাৰ বাবে ইতিমধ্যে ইণ্ডিয়া এ দল ঘোষণা কৰা হৈছে । ঋষভ পন্টক ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ছাই সুদৰ্শনক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । দুয়োখন খেলৰ বাবে পৃথক পৃথক দল বাছনি কৰা হৈছে যদিও ঋষভ পন্ট আৰু ছাই সুদৰ্শনক দুয়োটা দলৰে অধিনায়ক আৰু উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

আঘাতৰ পৰা সুস্থ হৈ এ দললৈ উভতিছে ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট । ইংলেণ্ড ভ্ৰমণত মানচেষ্টাৰ টেষ্টৰ সময়ত ঋষভে সোঁ ভৰিৰ আঙুলিত আঘাত পাইছিল । আঘাত বাবে তেওঁ অভাল টেষ্টৰ পৰা বাহিৰ হৈছিল ।

২০২৫ চনৰ এছিয়া কাপত আঘাতৰ বাবে ঋষভ পণ্ট দলৰ পৰা বাহিৰ হয়, য’ত ভাৰতে পাকিস্তানক পৰাস্ত কৰি খিতাপ দখল কৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ দুখন মেচৰ পৰাও তেওঁ দলৰ বাহিৰত থাকে । বৰ্তমানৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰো তেওঁ অংশ নহয় । এতিয়া অনুৰাগীৰ বাবে ঋষভ উভতি অহাটো এটা ভাল খবৰ ।

৩০ অক্টোবৰৰ পৰা ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত চাৰিদিনীয়া প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ৬ নৱেম্বৰৰ পৰা দুয়োটা দলৰ মাজত চাৰিদিনীয়া দ্বিতীয়খন খেল আৰম্ভ হ’ব । দুয়োখন মেচ বেংগালুৰুস্থিত বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স খেলপথাৰত অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে এই মেচসমূহ অতি গুৰুত্বপূৰ্ণ । দক্ষিণ আফ্ৰিকাই ১৪ নৱেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব । ইয়াৰ উপৰিও দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দল :

ঋষভ পন্ট (অধিনায়ক/উইকেটকীপাৰ), আয়ুষ মাহাত্ৰে, এন জগদীশন (উইকেটকীপাৰ), ছাই সুদৰ্শন (সহ-অধিনায়ক), দেৱদত্ত পাডিক্কাল, ৰজত পাতিদাৰ, হৰ্ষ ডুবে, তনুষ কোটিয়ান, মানৱ সুথাৰ, অংশুল কম্বোজ, যশ ঠাকুৰ, আয়ুষ বদোনী আৰু সৰণশ জৈন ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দল :

ঋষভ পন্ট (অধিনায়ক/উইকেটকীপাৰ), কে এল ৰাহুল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ছাই সুদৰ্শন (সহ-অধিনায়ক), দেৱদত্ত পাডিক্কাল, ৰুতুৰাজ গাইকোৱাদ, হৰ্ষ ডুবে, তনুষ কোটিয়ান, মানৱ সুথাৰ, খলীল আহমেদ, গুৰনুৰ ব্ৰাৰ, অভিমন্যু ইশ্বৰন, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ আৰু আকাশ দীপ ।

লগতে পঢ়ক : ৰুদ্ধ হোৱা নাই ছেমি ফাইনেলৰ পথ ! একেৰাহে তিনিটাকৈ পৰাজয়ৰ পিছতো সজীৱ ভাৰতীয় দলৰ আশা

পঞ্চম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ট; পৰৱৰ্তী মেচত কোনে ল’ব তেওঁৰ ঠাই ?

পঞ্চম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ট

ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়ক ঋষভ পণ্টক পঞ্চম টেষ্ট খেলৰ পৰা বাদ দিয়া হৈছে । পন্টৰ ঠাইত নাৰায়ণ জগদীশনক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে । মানচেষ্টাৰ টেষ্টৰ সময়ত ঋষভ পন্টে ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে মেচৰ মাজভাগতে ক্ৰীজ এৰিব লগা হৈছিল । এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাৰ অন্তিমখন টেষ্ট বাকী আছে, যাৰ বাবে নাৰায়ণ জগদীশনক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

নাৰায়ণ জগদীশন কোন ?

ভাৰত-ইংলেণ্ডৰ শৃংখলাত ঋষভ পন্টৰ সলনি নাৰায়ণ জগদীশনক দলত লোৱা হৈছে । জগদীশনে ৫২ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে, য’ত এই খেলুৱৈগৰাকীয়ে গড়ে ৪৭.৫০ ৰান কৰি ৩,৩৭৩ ৰান সংগ্ৰহ কৰিছে । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো ১০টা শতক আৰু ১৪টা অৰ্ধশতক অৰ্জন কৰিছে নাৰায়ণে । ঋষভ পন্ট শেষ টেষ্ট মেচৰ পৰা বাহিৰ হোৱাৰ পিছত এই খেলুৱৈজনে পঞ্চম টেষ্টৰ মূল একাদশত সুযোগ পাব পাৰে ।

ভাৰতৰ হাতত মূল একাদশৰ বিকল্প-

ঋষভ পন্টৰ আঘাতে ভাৰতৰ মূল একাদশত প্ৰভাৱ পেলাব । পণ্ট আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱাৰ পিছত চতুৰ্থ টেষ্টত উইকেট ৰক্ষকৰ বাবে স্থান লাভ কৰে ধ্ৰুৱ জুৰেলে । কিন্তু জুৰেলক বেটিং কৰিবলৈ দিয়া নহ’ল । আই চি চিৰ নতুন নিয়ম অনুসৰি বেটছমেনে মূৰত আঘাত পালেহে বেটছমেনক সলনি কৰিব পাৰিব । পণ্ট ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হৈছিল, গতিকে জুৰেলে বেটিং কৰাৰ সুযোগ পোৱা নাছিল ।

পন্টৰ আঘাতৰ পিছত ধ্ৰুৱ জুৰেল ভাৰতৰ মূল একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে । টিম ইণ্ডিয়াৰ বিকল্প হিচাপে আছে নাৰায়ণ জগদীশনো । যদি জগদীশনে সুযোগ পায়, তেন্তে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতৰ জাতীয় টেষ্ট দলৰ হৈ অভিষেক ঘটাব পাৰে তেওঁ ।

লগতে পঢ়ক : ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ

লীডছ টেষ্টত পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে । এই টেষ্টৰ প্রথম ইনিংছত ১৩৪ ৰানৰ দৰ্শনীয় শতক অর্জন কৰাৰ পাছত দ্বিতীয় ইনিংছতো আন এক শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পন্ট ৷ ইয়াৰ লগে লগে SENAৰ যিকোনো টেষ্ট মেচৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা এছিয়াৰ প্ৰথমজন উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে পন্ট । তেওঁৰ এই ইনিংছে লীডছ টেষ্টত টিম ইণ্ডিয়াক শক্তিশালী স্থানত ৰাখিছে ।

ঋষভ পন্টৰ ঐতিহাসিক ইনিংছ-

এই ইনিংছত ঋষভ পন্টে মাত্ৰ ১৩০টা বলত শতক সম্পূৰ্ণ কৰে । আনহাতে, প্ৰথম ইনিংছত তেওঁ ১৪৬ বলত এই কৃতিত্ব অৰ্জন কৰিছিল । টেষ্ট ক্ৰিকেটত এয়া পণ্টৰ অষ্টমটো শতক । বিশেষ কথাটো হ’ল তেওঁ এই শতকসমূহৰ ভিতৰত ৬টা শতক ভাৰতৰ বাহিৰত অর্জন কৰিছে ৷ একে সময়তে ইংলেণ্ডৰ বিৰুদ্ধে এয়া তেওঁৰ পঞ্চমটো শতকীয় ইনিংছ । ইংলেণ্ডত তেওঁ এই শতকসমূহৰ ভিতৰত ৪টা শতক অৰ্জন কৰিছে । এই শতক অৰ্জনৰ পিছতে বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেনৰ তালিকাতো পণ্টৰ তৃতীয় স্থানত আছে ।

কে এল ৰাহুলৰ শতক-

এই টেষ্টৰ প্ৰথম ইনিংছত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো অৰ্ধ শতকৰ পৰা বঞ্চিত হোৱা তাৰকা বেটছমেন কে এল ৰাহুলে দ্বিতীয় ইনিংছত দৰ্শনীয় শতক অৰ্জন কৰে । ধৈৰ্য সহকাৰে খেলি তেওঁ এই শতক অৰ্জন কৰি ভাৰতক এক বৃহত স্কৰ অৰ্জনৰ দিশে আগুৱাই নিছে । ২০২ টা বলত শতক সম্পূৰ্ণ কৰে ৰাহুলে । বৰ্তমান ২২৭ বলত ১২০ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে ৰাহুল । ইফালে ৰাহুল আৰু পন্টৰ শতকীয় ইনিংছৰ ভিত্তিত ভাৰতে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৩০৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ; প্ৰথমটো হেলমেট শ্বেয়াৰ কৰি লিখিলে আৱেগিক বাৰ্তা

লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ

লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক

ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টত ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে পুনৰবাৰ নিজৰ বিস্ময়কৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিছে । পণ্টে শতক অৰ্জন কৰি ভাৰতক শক্তিশালী স্থানত ৰখাই নহয়, কেৰিয়াৰৰ বহু অভিলেখো গঢ়িবলৈ সক্ষম হয় । টেষ্ট কেৰিয়াৰৰ এয়া সপ্তম শতক, আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত চতুৰ্থটো শতক অৰ্জন কৰিছে পন্টে ।

ঋষভ পন্টৰ অভিলেখ ভংগকাৰী শতক-

বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ-বেটছমেনৰ তালিকাত পণ্টৰ এই শতকে তেওঁক যৌথভাৱে তৃতীয় স্থান দিছে । তেওঁৰ এই ইনিংছ ভাৰতীয় অনুৰাগীৰ বাবে কেৱল গৌৰৱৰ মুহূৰ্তই নহয়, টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ ধাৰাবাহিকতা আৰু আত্মবিশ্বাসৰ প্ৰমাণো । লীডছৰ খেলপথাৰত ইংলেণ্ডৰ বলাৰৰ বিৰুদ্ধে পণ্টে নিজৰ আক্ৰমণাত্মক শৈলী বজাই ৰাখে । তেওঁৰ ইনিংছত দৰ্শনীয় শ্বট আৰু বুদ্ধিমান খেলৰ এক সুন্দৰ মিশ্ৰণ আছিল । তেওঁ ১৪৬টা বল খেলি শতকত উপনীত হয়, য’ত ১০টা চাৰি আৰু ৪টা ছয়ো আছিল ।

ইংলেণ্ডৰ বিৰুদ্ধে পণ্টৰ চতুৰ্থ শতকটোৱে তেওঁৰ আত্মবিশ্বাস পুনৰ এবাৰ প্ৰমাণ কৰিছে । তেওঁৰ ইনিংছে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেৱল আধুনিক ক্ৰিকেটৰ অন্যতম বিস্ফোৰক বেটছমেনই নহয়, টেষ্ট ক্ৰিকেটৰ দৰে প্ৰত্যাহ্বানমূলক ফৰ্মেটতো আচৰিত কাম কৰিব পাৰে । ঋষভ পন্টৰ এই শতক কেৱল তেওঁৰ কেৰিয়াৰৰ আন এক সোণালী পৃষ্ঠা নহয়, ভাৰতীয় ক্ৰিকেটৰ বাবেও এক ডাঙৰ মুহূৰ্ত ।

এম এছ ধোনীক অতিক্ৰম-

৭টা শতক সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ঋষভ পন্টে এম এছ ধোনীক অতিক্ৰম কৰিছে । টেষ্টত ধোনীয়ে ৬টা শতক অৰ্জন কৰিছিল । তেওঁৰ বাহিৰে কোনো ভাৰতীয় উইকেটকীপাৰে টেষ্টত ৩ শতকতকৈ অধিক কৰিব পৰা নাই । বিশেষ কথাটো হ’ল পন্টে এতিয়ালৈকে ভাৰতৰ হৈ মাত্ৰ ৪৪খন টেষ্ট মেচহে খেলিছে আৰু তেওঁ সকলো ভাৰতীয় উইকেটকীপাৰক অতিক্ৰম কৰিছে ।

লগতে পঢ়ক : আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল

বাহিৰ হ’ব পাৰে ঋষভ পন্ট, অন্তৰ্ভূক্ত হ’ব ৰাহুল…বাংলাদেশৰ বিৰুদ্ধে আজি কেনেধৰণৰ হ’ব ভাৰতৰ মূল একাদশ

আজি (২০ ফেব্ৰুৱাৰী) আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব । এই খেলখনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব ।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই মেচত কিছু পৰিৱৰ্তন কৰিব পাৰে । কিন্তু ইয়াৰ পিছতো কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়াৰ আশা অধিক আছে । এনে পৰিস্থিতিত হয়তো আকৌ এবাৰ মূল একাদশৰ বাহিৰত থাকিব লাগিব ঋষভ পন্ট ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লিন ছুইপ কৰিছে । তৃতীয়খন এদিনীয়াত খেলা ভাৰতীয় প্লেইং-১১ত দুটা পৰিৱৰ্তন কৰি বাংলাদেশৰ বিৰুদ্ধে শক্তিশালী দল এটা দেখা যাব পাৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলা ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা হয়তো বাদ পৰিব । তেওঁলোকৰ ঠাই ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ ছামীয়ে ল’ব পাৰে ।

৭ মাহে মূল একাদশতৰ বাবে অপেক্ষা পন্টৰ-

২০২৪ চনৰ ৭ আগষ্টত পণ্টে শেষ এদিনীয়া খেলিছিল । এই খেলখন কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত প্ৰায় ৭ মাহ ধৰি ভাৰতীয় এদিনীয়া প্লেইং-১১ত অন্তৰ্ভুক্ত হ’বলৈ সংগ্ৰাম কৰি আহিছে পণ্টে । সেই শ্ৰীলংকা ভ্ৰমণৰ পিছত ভাৰতীয় দলটোৱে এইবাৰ ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী এদিনীয়া শৃংখলা খেলিছিল ।

এই এদিনীয়া শৃংখলাত ইংলেণ্ডক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰিছিল ভাৰতে । কিন্তু তিনিওখন মেচতে কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়া হৈছিল । পন্ট বেঞ্চত বহি থাকিল । এতিয়া চেম্পিয়নছ ট্ৰফীতো পণ্টে বেঞ্চত বহিব লাগিব নেকি বুলিও চৰ্চা চলিছে ।

ভাৰতৰ সম্ভাৱ্য খেলা মূল একাদশ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু অৰ্শদীপ সিং ।