লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কে এল ৰাহুলৰ;  ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই কৃতিত্ব

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস ৰচনা কে এল ৰাহুলৰ

ইংলেণ্ড ভ্ৰমণত নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখি ইতিহাস সৃষ্টি কৰিছে কে এল ৰাহুলে । টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰাৰ পিছত এতিয়া লৰ্ডছতো ৰাহুলে শতক অৰ্জন কৰিছে । লৰ্ডছ টেষ্টৰ তৃতীয় দিনা কে এল ৰাহুলে নিজৰ নৱমটো টেষ্ট শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে সেই কৃতিত্ব অৰ্জন কৰিলে যিটো পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত মাত্ৰ এবাৰহে হৈছে । এই ঐতিহাসিক খেলপথাৰত টেষ্টত এটাতকৈ অধিক শতক অৰ্জন কৰা ভাৰতৰ মাত্ৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয় ৰাহুল ।

লৰ্ডছত অনুষ্ঠিত টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ তৃতীয় দিনা শনিবাৰে টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ৰাহুলে । দ্বিতীয় দিনা অৰ্ধশতক অৰ্জন কৰি ৫৩ ৰানত অপৰাজিত হৈ উভতি অহা ৰাহুলে দ্বিতীয় দিনা কিছু আগ্ৰাসী শৈলী দেখুৱাই বাউণ্ডেৰী সংগ্ৰহত মনোনিৱেশ কৰে । ইয়াৰ মাজতে ৰাহুলে ব্ৰাইডন কাৰ্ছৰ এটা অভাৰত একেৰাহে ৩টা চাৰি কোবাই । এই সময়ছোৱাত পন্টৰ সৈতে ৰাহুলে টিম ইণ্ডিয়াক ২৫০ ৰানৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।

লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক-

ৰাহুলৰ ৯৮ ৰানত দুপৰীয়াৰ আহাৰ খোৱাৰ পূৰ্বৰ শেষ অভাৰত তেওঁ আৰু ঋষভ পণ্টৰ মাজত হঠাতে ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু পণ্ট ৰান আউট হয় । এনে পৰিস্থিতিত ভাৰতীয় বেটছমেনগৰাকীয়ে নিজৰ শতকৰ বাবে পৰৱৰ্তী অধিবেশনলৈ অপেক্ষা কৰিবলগীয়া হয় । তাৰ পিছত দ্বিতীয় অধিবেশন আৰম্ভ হোৱাত কে এল ৰাহুলে এটা ৰান লৈ টেষ্ট কেৰিয়াৰৰ নৱমটো শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে । ২০২১ চনৰ ভ্ৰমণতো ৰাহুলে এই খেলপথাৰত শতক অৰ্জন কৰিছিল । সেয়া আছিল লৰ্ডছত ৰাহুলৰ প্ৰথম শতক আৰু এতিয়া এই ঐতিহাসিক স্থানত দ্বিতীয়বাৰৰ বাবে ১০০ৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।

মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত ৰাহুল-

অৱশ্যে শতক অৰ্জন কৰাৰ পিছত ৰাহুলে বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু শ্বোৱেইব বছিৰৰ বলত আউট হয় তেওঁ । ১৩টা চাৰিৰ সহায়ত ১৭৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে তেওঁ । ৰাহুলে নিজৰ শতকক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাছিল যদিও এই ইনিংছৰ জৰিয়তে তেওঁ নিশ্চিতভাৱে ইতিহাসৰ সৃষ্টি কৰিছে । লৰ্ডছ খেলপথাৰত এটাতকৈ অধিক শতক অৰ্জন কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল । তেওঁৰ পূৰ্বে ‘কৰ্ণেল’ নামেৰে বিখ্যাত কিংবদন্তি বেটছমেন দিলীপ ভেংছৰকাৰে এই খেলপথাৰত এটা বা দুটা নহয় ৩ শতক অৰ্জন কৰিছিল । ৰাহুলৰ এই কৃতিত্বও বিশেষ কাৰণ সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ দৰে মহান ভাৰতীয় বেটছমেনে এই খেলপথাৰত এবাৰো শতক অৰ্জন কৰিব পৰা নাছিল ।

লগতে পঢ়ক : শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী হ’ল শচীন টেণ্ডুলকাৰ; কৰিলে বিশেষ মন্তব্য

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ

লীডছ টেষ্টত পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে । এই টেষ্টৰ প্রথম ইনিংছত ১৩৪ ৰানৰ দৰ্শনীয় শতক অর্জন কৰাৰ পাছত দ্বিতীয় ইনিংছতো আন এক শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পন্ট ৷ ইয়াৰ লগে লগে SENAৰ যিকোনো টেষ্ট মেচৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা এছিয়াৰ প্ৰথমজন উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে পন্ট । তেওঁৰ এই ইনিংছে লীডছ টেষ্টত টিম ইণ্ডিয়াক শক্তিশালী স্থানত ৰাখিছে ।

ঋষভ পন্টৰ ঐতিহাসিক ইনিংছ-

এই ইনিংছত ঋষভ পন্টে মাত্ৰ ১৩০টা বলত শতক সম্পূৰ্ণ কৰে । আনহাতে, প্ৰথম ইনিংছত তেওঁ ১৪৬ বলত এই কৃতিত্ব অৰ্জন কৰিছিল । টেষ্ট ক্ৰিকেটত এয়া পণ্টৰ অষ্টমটো শতক । বিশেষ কথাটো হ’ল তেওঁ এই শতকসমূহৰ ভিতৰত ৬টা শতক ভাৰতৰ বাহিৰত অর্জন কৰিছে ৷ একে সময়তে ইংলেণ্ডৰ বিৰুদ্ধে এয়া তেওঁৰ পঞ্চমটো শতকীয় ইনিংছ । ইংলেণ্ডত তেওঁ এই শতকসমূহৰ ভিতৰত ৪টা শতক অৰ্জন কৰিছে । এই শতক অৰ্জনৰ পিছতে বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেনৰ তালিকাতো পণ্টৰ তৃতীয় স্থানত আছে ।

কে এল ৰাহুলৰ শতক-

এই টেষ্টৰ প্ৰথম ইনিংছত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো অৰ্ধ শতকৰ পৰা বঞ্চিত হোৱা তাৰকা বেটছমেন কে এল ৰাহুলে দ্বিতীয় ইনিংছত দৰ্শনীয় শতক অৰ্জন কৰে । ধৈৰ্য সহকাৰে খেলি তেওঁ এই শতক অৰ্জন কৰি ভাৰতক এক বৃহত স্কৰ অৰ্জনৰ দিশে আগুৱাই নিছে । ২০২ টা বলত শতক সম্পূৰ্ণ কৰে ৰাহুলে । বৰ্তমান ২২৭ বলত ১২০ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে ৰাহুল । ইফালে ৰাহুল আৰু পন্টৰ শতকীয় ইনিংছৰ ভিত্তিত ভাৰতে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৩০৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ; প্ৰথমটো হেলমেট শ্বেয়াৰ কৰি লিখিলে আৱেগিক বাৰ্তা

‘ভগৱানৰ উপহাৰ’ ;  ৰাহুল আৰু আথিয়াই শ্বেয়াৰ কৰিলে জীয়ৰীৰ প্ৰথমখন ফটো,  প্ৰকাশ কৰিলে কন্যাৰ নাম

ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে আই পি এল ২০২৫ৰ আৰম্ভণিতে পিতৃ-মাতৃ হৈছিল। অভিনেত্ৰী আথিয়াই ২৪ মাৰ্চত এগৰাকী কন্যা সন্তান জন্ম দিয়ে।

আজি ৰাহুলৰ ৩৩ সংখ্যক জন্মদিন উপলক্ষ্যে ছ’চিয়েল মিডিয়াত এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে।এই ফটোখনত কে এল ৰাহুল পত্নী আথিয়া ছেট্টী আৰু তেওঁলোকৰ কন্যাক দেখা পোৱা গৈছে।

ফটোখন শ্বেয়াৰ কৰাৰ লগতে তেওঁলোকে জীয়ৰীৰ নামো প্ৰকাশ কৰিছে। ৰাহুল আৰু আথিয়াই নিজৰ কন্যাৰ নাম ৰাখিছে ইভাৰা।ৰাহুলে জীয়েকৰ নামৰ অৰ্থও কৈছে।ইভাৰাৰ অৰ্থ হৈছে ঈশ্বৰৰ উপহাৰ।

কে এল ৰাহুল আৰু আথিয়া শ্বেট্টীৰ অনুৰাগীসকলে শিশুটিৰ এটি আভাস আৰু নামটো জানিবৰ বাবে আগ্ৰহী হৈ আছিল। ৰাহুলে এতিয়া তেওঁলোকৰ অনুৰাগীসকলক এই ভাল খবৰটো দিছে।

সামাজিক মাধ্যমত ফটোখন শ্বেয়াৰ কৰি ৰাহুলে এটা মৰমলগা কেপচনো লিখিছিল।তেওঁ লিখিছে- আমাৰ ছোৱালী, আমাৰ সকলো। ইভাৰা – ঈশ্বৰৰ উপহাৰ।

অৰ্থাৎ ইভাৰা হৈছে ঈশ্বৰে তেওঁলোকক দিয়া বহুমূলীয়া উপহাৰ।ৰাহুলৰ এই পোষ্টটোত অনুৰাগীসকলে ইভাৰাক যথেষ্ট মৰমৰ আৰু আশীৰ্বাদ দিছে ।

অক্ষৰ পেটেল অধিনায়ক হোৱাৰ পিছত কে এল ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া; শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

আই পি এল ২০২৫ ৰ আৰম্ভণিৰ বাবে খুব কম সময় বাকী আছে। তাৰ আগতে, সকলো দলে তেওঁলোকৰ নিজ নিজ অধিনায়কৰ নাম ঘোষণা কৰিছে।

দিল্লী কেপিটেলছে তাৰকা অলৰাউণ্ডাৰ অক্ষৰ পেটেলক অধিনায়কত্ব অৰ্পণ কৰিছে। আনহাতে ফাফ ডু প্লেচিছ আৰু কে এল ৰাহুলৰ দৰে অভিজ্ঞ খেলুৱৈও দলটোত উপস্থিত আছে।

যোৱাটো ছিজনত, অক্ষৰে দিল্লীৰ বাবে উপ-অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰদৰ্শনও অসামান্য আছিল।অক্ষৰ পেটেলৰ কান্ধত অধিনায়কত্বৰ দায়িত্ব দিয়াৰ পিছত এতিয়া, কে এল ৰাহুলৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে ।

কে এল ৰাহুলে সামাজিক মাধ্যমত লিখিছিল যে, “অভিনন্দন বাপু, আগন্তুক যাত্ৰাৰ বাবে শুভেচ্ছা।” মই সদায় আপোনাৰ সৈতে আছো।

আই পি এল ২০২৪ ত লক্ষ্ণৌ চুপাৰ জায়ান্টছ দলৰ অংশ আছিল ৰাহুল । এইবাৰ আই পি এল ২০২৫ৰ মেগা নিলামত দিল্লী কেপিটেলছে ৰাহুলত ক্ৰয় কৰে।

আনহাতে,অক্ষৰ পেটেল ২০১৯ চনৰ পৰা দিল্লী কেপিটেলছৰ অংশ হৈ আছে আৰু শক্তিশালী প্ৰদৰ্শন কৰি আহিছে। নিম্ন ক্ৰমত অহাৰ সময়ত তেওঁ শক্তিশালী বেটিং আৰু উৎকৃষ্ট বলিংত উৎকৃষ্ট।

এই কাৰণে, দিল্লীৰ দলটোৱে তেওঁক ১৬.৫কোটি টকাত ৰাখিছে। আই পি এলত অক্ষৰৰ সীমিত অধিনায়কত্বৰ অভিজ্ঞতা আছে, তেওঁ ঘৰুৱা ক্ৰিকেটত গুজৰাটৰ অধিনায়কত্ব কৰিছে।