ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪৭ সংখ্যক মেচত ৰাজস্থানে গুজৰাটক ৮ উইকেটত পৰাস্ত কৰে । এই মেচখনত টছত জয়লাভ কৰাৰ পাছত ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি গুজৰাট দলে ২০৯ ৰান সংগ্ৰহ কৰে । গীলে ৮৪ ৰানৰ ধুমুহাময় ইনিংছ খেলে । ইয়াৰ প্ৰত্যুত্তৰত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক শতক আৰু যশস্বী জয়ছোৱালৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ১৬ অভাৰতে ৰাজস্থানে মেচখনত বিজয় সাব্যস্ত কৰে ।
ৰাজস্থানৰ ইনিংছ-
২১০ ৰানৰ লক্ষ্যৰ প্ৰত্যপত্তৰত ৰাজস্থানে এক সুন্দৰ আৰম্ভণি কৰে । বৈভৱ সূৰ্য্যবংশী আৰু যশস্বী জয়ছোৱালে অ’পেনাৰ হিচাপে ইনিংছ আৰম্ভ কৰে । ১৪ বছৰীয়া বৈভৱে ৬টা ছয়ৰ সহায়ত মাত্ৰ ১৭টা বলত অৰ্ধ শতক অৰ্জন কৰে । কিন্তু ইয়াৰ পাছতো বৈভৱে ৰৈ নাথাকি মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰে । এই সময়ছোৱাত বৈভৱৰ বেটৰ পৰা ১১টা ছয় আৰু ৭টা চাৰি আহে । কিন্তু ১২ অভাৰত বৈভৱৰ উইকেটৰ পতন ঘটে । তেওঁ ৩৮ টা বলত ১০১ ৰান সংগ্ৰহ কৰে ।
বৈভৱৰ উইকেটৰ পতনৰ সময়ত ৰাজস্থান মেচখন জয়ৰ ওচৰ চাপিছিল । আনটো মূৰত যশস্বীয়েও বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । ইয়াৰ ভিত্তিত ৰাজস্থানে মাত্ৰ ১৬ অভাৰতে গুজৰাটৰ ২১০ ৰানৰ লক্ষ্যত অনায়াসে উপনীত হয় । যশস্বী জয়ছোৱালে ৪০টা বলত ৭০ ৰানৰ অপৰাজিত ইনিংছ খেলে । এই খেলখনত ৰাজস্থানে ৮ উইকেটত জয়লাভ কৰে ।
গুজৰাটৰ বেটিং-
টছৰ অন্তত গুজৰাটে প্ৰথমে বেটিং কৰিবলৈ আহি এটা সুন্দৰ আৰম্ভণি কৰিছিল । শুভমন গীল আৰু ছাই সুদৰ্শনে প্ৰতিজন বলাৰৰ বিৰুদ্ধে খেলিছিল । গীলে আক্ৰমণাত্মক বেটিঙেৰে ২৯টা বলত অৰ্ধশতক অৰ্জন কৰে । সুদৰ্শনেও ছয় আৰু চাৰিৰ বৰষুণ নমাই ।
১০ অভাৰৰ অন্তত গুজৰাটৰ স্ক’ৰ ৯২-০ আছিল । ১১ নং অভাৰত গুজৰাটে আঘাতৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া ছাই সুদৰ্শনক তীক্ষনাই আউট কৰে । সুদৰ্শনে ৩৯ ৰানৰ ইনিংছ খেলে ।
ইয়াৰ পিছত বাটলাৰ আৰু গীলে ইনিংছৰ দায়িত্ব লয় । দুয়োজনে বিস্ফোৰক বেটিঙৰ সহায়ত গুজৰাটৰ স্ক’ৰ ১৫ অভাৰত ১৫০ ৰান অতিক্ৰম কৰে । ১৭ নং অভাৰত গীলৰ উইকেটৰ পতন ঘটে । গীলে ৫০টা বলত ৮৪ ৰানৰ ইনিংছ খেলে । ইয়াৰ পিছত বাটলাৰেও অৰ্জন কৰে । যাৰ ভিত্তিত গুজৰাটে ৰাজস্থানৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।