প্ৰধানমন্ত্ৰী মোদীৰ বাবে ১০ মিনিট অপেক্ষা পুটিনৰ, তাৰ পিছত গাড়ীত একেলগে যাত্ৰা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণ আছিল অতি বিশেষ । এছ চি অ’ শীৰ্ষ সন্মিলনৰ বাবে তেওঁ চীনলৈ গৈছিল যদিও তেওঁৰ ভ্ৰমণ বহু দিশত ঐতিহাসিক আছিল । ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ “প্ৰিয় বন্ধু” ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাৰ বন্ধুত্ব আৰু পাৰস্পৰিক বাৰ্তালাপৰ বিষয়ে ভাৰত আৰু বিদেশত চৰ্চা চলি আছে । বিশেষ কথাটো হ’ল পুটিন আৰু মোদীয়ে একেখন গাড়ীতে যাত্ৰা কৰিছিল । এই আকৰ্ষণীয় কথাটো পোহৰলৈ আহে এছ চি অ’ শীৰ্ষ সন্মিলন স্থানৰ পৰা হোটেললৈ যোৱা যাত্ৰাৰ সময়ত ।
আচলতে ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেখন গাড়ীতে যাত্ৰা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । ইয়াৰ বাবে তেওঁ প্ৰায় ১০ মিনিট অপেক্ষা কৰে । ইয়াৰ পিছত দুয়োজন নেতাই পুটিনৰ গাড়ীত বহি বহু বিষয়ৰ ওপৰত আলোচনা কৰে । হোটেল পোৱাৰ পিছতো দুয়োজন নেতাই প্ৰায় ৪৫ মিনিটমান গাড়ীত কথা-বতৰা অব্যাহত ৰাখে । ইয়াৰ পিছত প্ৰায় এঘণ্টা ধৰি আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে এছ চি অ’ শীৰ্ষ সন্মিলনৰ স্থানতো মোদী-পুটিনৰ বন্ধুত্বৰ এক বৃহৎ আভাস দেখা যায়, য’ত দুয়োগৰাকী নেতাই চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে থিয় হৈ ইজনে সিজনৰ লগত আলোচনা কৰা দেখা যায় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া চীন ভ্ৰমণলৈ গৈছিল, য’ত তেওঁ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও তেওঁ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকে ধৰি বহু বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণক “উৎপাদনশীল ভ্ৰমণ” বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াত “গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়” সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰিছে ।
প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনৰ দ্বিপাক্ষিক আলোচনা-
চীন ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে অৰ্থনৈতিক, বিত্তীয় আৰু শক্তি খণ্ডৰ সহযোগিতাৰ পৰ্যালোচনা কৰি এই সম্পৰ্কসমূহৰ অবিৰত অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক কয় যে ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাটো হৈছে “মানৱতাৰ আহ্বান” । ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীক ‘প্ৰিয় বন্ধু’ বুলি সম্বোধন কৰে ।
ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক কয় যে “মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱাটো এক স্মৰণীয় অভিজ্ঞতা ।” পুটিনে আৰু কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত “বিশেষ আৰু কৌশলগত অংশীদাৰিত্ব” অহৰহ শক্তিশালী হৈ আহিছে আৰু সমৃদ্ধিৰ দিশত আগবাঢ়িছে ।
এছ চি অ’ শীৰ্ষ সন্মিলনত ভাৰতৰ স্থিতি-
এছ চি অ’ শীৰ্ষ সন্মিলনত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত “ডাবল ষ্টেণ্ডাৰ্ড” পৰিত্যাগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াটো “মানৱতাৰ প্ৰতি কৰ্তব্য”। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল ভাৰতৰ বিবেকৰ ওপৰত আক্ৰমণ নহয় বৰঞ্চ মানৱতাত বিশ্বাসী প্ৰতিখন ৰাষ্ট্ৰৰ বাবে মুকলি প্ৰত্যাহ্বান । প্ৰধানমন্ত্ৰীয়ে এছ চি অ’ৰ বাবে “এছ ফৰ ছিকিউৰিটি, চি ফৰ কানেক্টিভিটি আৰু অ’ ফৰ অ’পৰ্চনিটি” নামেৰে এটা নতুন সম্পূৰ্ণ প্ৰপত্ৰও প্ৰৱৰ্তন কৰে ।
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বি জিনপিঙৰ বৈঠক-
দেওবাৰে শীৰ্ষ সন্মিলনৰ আঁৰত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । দুয়োগৰাকী নেতাই বিশ্ব বাণিজ্য সুস্থিৰ কৰাৰ বাবে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সীমান্ত সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰি “ন্যায্য সমাধান”ৰ দিশত সমাধান কৰিবলৈ সন্মত হয় । বহু উমৈহতীয়া প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে ।
SCO শীৰ্ষ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা-
চীন ভ্ৰমণৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “চীন ভ্ৰমণৰ সামৰণি, য’ত মই এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিলো আৰু বিশ্বৰ কেইবাজনো নেতাৰ সৈতে মত বিনিময় কৰিছিলো ।” শীৰ্ষ সন্মিলনৰ সফলতাৰে আয়োজন কৰাৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, চীন চৰকাৰ আৰু তাত থকা জনসাধাৰণকো ধন্যবাদ জনায় মোদীয়ে ।
লগতে পঢ়ক : পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী… থৰ হৈ চাই থাকিল শ্বাহবাজ শ্বৰীফে