সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…
মহানগৰীৰ উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ সংবাদমেলৰ মাজতে কাৰ্যালয়টোৰ সন্মুখত সৃষ্টি হয় এই পৰিস্থিতিৰ । যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সৃষ্টি কৰে এই পৰিস্থিতিৰ ।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণে নিজৰ চাফাই গাবলৈ আজিৰ এই সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাবত আহ্বান কৰিছিল যদিও আৰক্ষীয়ে ইয়াত নিষেধাজ্ঞা আৰোপ কৰে । ইয়াৰ পিছতে সঞ্জীৱ নাৰায়ণে এই সংবাদমেল নিজৰ কাৰ্যালয় প্ৰাগ নিউজত অনুষ্ঠিত কৰাৰ কথা জনাই ।
ইফালে সংবাদমেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড এক্সন ফৰ্চকে ধৰি আৰক্ষীৰ দল মোতায়েন কৰা হৈছে । ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত