আটক হ’ল ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী
বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) আৰু “ভোট চুৰি”ৰ অভিযোগৰ বিৰুদ্ধে সোমবাৰে বিৰোধী ‘INDIA’ (Indian National Developmental Inclusive Alliance) মিত্ৰজোঁটৰ দলসমূহৰ সাংসদে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ পদযাত্ৰা কৰিছিল।
এই সময়ত দিল্লী আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা চলাইছিল। এই পদযাত্ৰাৰ সময়ত আৰক্ষী আৰু বিৰোধী ‘INDIA’মিত্ৰজোঁটৰ সাংসদসকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।তাৰ পিছতে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি বহু বিৰোধী নেতাক জিম্মাত লয়।
এই পদযাত্ৰাত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছ, ডি এম কেৰ লগতে আন বহু দলৰ নেতাও আছে। সাংসদসকলে মূৰত বগা টুপী পিন্ধিছে য’ত ‘SIR’ আৰু ‘Vote Chori’ লিখা আছে আৰু ৰঙা ক্ৰছৰ চিহ্নও আছে।
ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ আটক কৰাৰ পিছত কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপালে কয়, “আৰক্ষী আৰু চৰকাৰে আমাক ৩০ ছেকেণ্ডৰ বাবেও পদযাত্ৰা কৰিবলৈ নিদিলে।
তেওঁলোকে আমাক ইয়াত ৰখাব বিচাৰিছে।দেশত এয়া কেনেকুৱা গণতন্ত্ৰ? নিৰ্বাচন আয়োগৰ ওচৰলৈ যাবৰ বাবেও সাংসদসকলৰ স্বাধীনতা নাই । এতিয়া তেওঁলোকে কৈছে যে মাত্ৰ ৩০ জন মানুহহে আহিব পাৰে…”।
লগতে পঢ়ক: ভোট চুৰি’ক লৈ সংসদৰ পৰা বিৰোধীৰ পদযাত্ৰা;ৰাহুল-প্ৰিয়ংকাকে ধৰি বহু সাংসদ উপস্থিত