“যোৱাকালি যি হ’ল,সেয়া গণতন্ত্ৰৰ জয়”; মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া

লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক বিফল হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীয়ে কয় যে এয়া আমাৰ গণতন্ত্ৰ আৰু দেশৰ অখণ্ডতাৰ বাবে এক বৃহৎ জয়।

মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নোহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ইয়াক গণতন্ত্ৰৰ বাবে এক বৃহৎ জয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে, চৰকাৰৰ ফালৰ পৰা আতঃ গাঁথনি দুৰ্বল কৰাৰ প্ৰচেষ্টাক বিৰোধীয়ে একত্ৰিত হৈ বাধা দিয়ে।  

সংবাদমেলত প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে নিৰ্বাচনৰ মাজতে খৰখেদাকৈ সংসদ অধিৱেশন আহ্বান কৰা হৈছে,আৰু খচৰা বিধেয়কখন মাত্ৰ এদিন আগতে উল্লেখ কৰিছিল। তেওঁ কয়, এইটো আছিল এক সুপৰিকল্পিত ষড়যন্ত্ৰ।চৰকাৰে ভাবিছিল যে বিধেয়কখন গৃহীত হ’লেও জয় হ’ব আৰু গৃহীত নহ’লেও জয় হ’ব।

তেওঁ অভিযোগ কৰে যে চৰকাৰে স্থায়ীভাৱে ক্ষমতাত থাকিবলৈ নাৰীক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁ নিজকে ‘নাৰীৰ ত্ৰাণকৰ্তা’ বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছিল। প্ৰিয়ংকা গান্ধীয়ে দাবী কৰিছিল যে এই প্ৰস্তাৱ আচলতে মহিলা সংৰক্ষণৰ বিষয় নহয়, বৰঞ্চ ই সীমা নিৰ্ধাৰণৰ সৈতে জড়িত আছিল।ইয়াৰ জৰিয়তে ৰাজনৈতিক ভাৰসাম্য সলনি কৰাৰ প্ৰয়াস কৰা হৈছিল। 

তেওঁ লগতে কয় যে,  মই সুখী যে বিৰোধীয়ে একত্ৰিত হৈ চৰকাৰক পৰাস্ত কৰিব পাৰে সেয়া স্পষ্ট হৈ পৰিছে। ‘ব্লেক ডে’ৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে এই দিৱস পালন কৰা হৈছে কাৰণ, প্ৰথমবাৰৰ বাবে চৰকাৰে এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে।

লগতে পঢ়ক: “মমতা বেনাৰ্জী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত I Love You সম্পৰ্ক আছে ‘; মুখ্যমন্ত্ৰী

জ্ঞানেশ কুমাৰক মুকলি ভাবুকি প্ৰিয়ংকা গান্ধীৰ !

মুখ্য নিৰ্বাচন আয়ুক্তক মুকলি ভাবুকি প্ৰিয়ংকা গান্ধীৰ !

বিধানসভা নিৰ্বাচনৰ বাবে বিহাৰত ৰাজনৈতিক উষ্ণতা তুংগত পাইছে। কিন্তু ইফালে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে শালীনতাৰ সীমা অতিক্ৰম কৰিছে।

বিহাৰৰ এখন সভাত মঞ্চৰ পৰা ভাষণ দি প্ৰিয়ংকা গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুকলি ভাবুকি দিয়ে।

তেওঁ স্পষ্টকৈ কৈছিল যে জ্ঞানেশ কুমাৰ, যদি আপুনি ভাৱে যে আপুনি ভালদৰে অৱসৰ ল’ব পাৰিব তেন্তে সেয়া হ’ব নোৱাৰে।

মই জনসাধাৰণক কওঁ যে জ্ঞানেশ কুমাৰৰ নাম কেতিয়াও পাহৰিব নালাগে।প্ৰিয়ংকাই জ্ঞানেশ কুমাৰৰ লগতে এছ এছ সন্ধু আৰু বিবেক যোশীৰ নামো ৰাখিলে।

মঞ্চৰ পৰা ভাষণ দি থাকোঁতে তেওঁ কয় যে আপোনালোকে দেখিলে যে হাৰিয়ানাত কেনেকৈ ভোট চুৰি হৈছিল।তিনিটা নাম মনত ৰাখিবলৈ অনুৰোধ কৰিছোঁ।

এই নামবোৰ হৈছে জ্ঞানেশ কুমাৰ, এছ এছ সন্ধু আৰু বিবেক যোশী। আশ্চৰ্যজনক যে প্ৰিয়ংকাই যেতিয়া মঞ্চৰ পৰা এটা এটাকৈ এই নামবোৰ পঢ়ি শুনাইছিল, তেতিয়া ৰেলীত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলে চোৰ-চোৰৰ শ্লোগান চিঞৰিছিল।

লগতে পঢ়ক: ‘নতুন ব্যৱস্থা আহি আছে’; বিহাৰত বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য

দিল্লীত উত্তপ্ত পৰিস্থিতি; আটক হ’ল ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী

আটক হ’ল ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) আৰু “ভোট চুৰি”ৰ অভিযোগৰ বিৰুদ্ধে সোমবাৰে বিৰোধী ‘INDIA’ (Indian National Developmental Inclusive Alliance) মিত্ৰজোঁটৰ দলসমূহৰ সাংসদে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ পদযাত্ৰা কৰিছিল।

এই সময়ত দিল্লী আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা চলাইছিল। এই পদযাত্ৰাৰ সময়ত আৰক্ষী আৰু বিৰোধী ‘INDIA’মিত্ৰজোঁটৰ  সাংসদসকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।তাৰ পিছতে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি বহু বিৰোধী নেতাক জিম্মাত লয়।

এই পদযাত্ৰাত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছ, ডি এম কেৰ লগতে আন বহু দলৰ নেতাও আছে। সাংসদসকলে মূৰত বগা টুপী পিন্ধিছে য’ত ‘SIR’ আৰু ‘Vote Chori’ লিখা আছে আৰু ৰঙা ক্ৰছৰ চিহ্নও আছে।

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ আটক কৰাৰ পিছত কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপালে কয়, “আৰক্ষী আৰু চৰকাৰে আমাক ৩০ ছেকেণ্ডৰ বাবেও পদযাত্ৰা কৰিবলৈ নিদিলে।

তেওঁলোকে আমাক ইয়াত ৰখাব বিচাৰিছে।দেশত এয়া কেনেকুৱা গণতন্ত্ৰ? নিৰ্বাচন আয়োগৰ ওচৰলৈ যাবৰ বাবেও সাংসদসকলৰ স্বাধীনতা নাই । এতিয়া তেওঁলোকে কৈছে যে মাত্ৰ ৩০ জন মানুহহে আহিব পাৰে…”।

লগতে পঢ়ক: ভোট চুৰি’ক লৈ সংসদৰ পৰা বিৰোধীৰ পদযাত্ৰা;ৰাহুল-প্ৰিয়ংকাকে ধৰি বহু সাংসদ উপস্থিত

পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি চলিছে কংগ্ৰেছত; গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে প্ৰিয়ংকা গান্ধীক

নিৰন্তৰ পৰাজয়ৰ পিছত, কংগ্ৰেছে অৱশেষত এক শক্তিশালী নিৰ্বাচন ব্যৱস্থাপনা প্ৰণালী সৃষ্টি কৰাৰ পৰিকল্পনা বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰিয়ংকা গান্ধীক ইয়াৰ নেতৃত্বৰ দায়িত্ব দিয়া হ’ব পাৰে।

বৰ্তমান, কৰ্ণাটকত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰা সুনীল কানুগোলুৰ নেতৃত্বত দলটোৰ নিৰ্বাচন ব্যৱস্থাপনা প্ৰণালীয়ে অতি অসংগঠিত ভাৱে কাম কৰি আছে।

শচীন পাইলটকে ধৰি কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই আগন্তুক বিধানসভা নিৰ্বাচন আৰু ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰিয়ংকাৰ সৈতে পূৰ্ণ-সময় কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া ৃটো ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে, আৰু এই পৰিস্থিতিত, কংগ্ৰেছে অনুমান কৰিছে যে পৰৱৰ্তী লোকসভা নিৰ্বাচন ২০২৯ চনৰ মে’ৰ পূৰ্বে অনুষ্ঠিত হ’ব পাৰে।

ইয়াৰ উপৰিও,২০২৭ৰ জুলাই-আগষ্ট ৰ ভিতৰত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব, যি বিজেপি আৰু এনডিএৰ ক্ষমতাৰ সমীকৰণত ব্যাঘাত জন্মাব পাৰে।

ইয়াৰ অৰ্থ এইটোও যে মধ্য-ম্যাদী নিৰ্বাচনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এনে পৰিস্থিতিত, এক শক্তিশালী আৰু পূৰ্ণ-সময়ৰ নিৰ্বাচন ব্যৱস্থাপনা প্ৰণালী কেৱল কংগ্ৰেছৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ৰাজনীতিত এজন মুখ্য খেলুৱৈ হিচাপে নিজৰ উপস্থিতি বজাই ৰখাৰ বাবেও অত্যাৱশ্যকীয় হৈ পৰিছে।

কংগ্ৰেছ ৱৰ্কিং কমিটিত (চিডব্লিউচি) গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা আছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ (এআইচিচি) সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ‘নিষ্ক্ৰিয়’ সদস্যসকলক আঁতৰাবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত আছে এ.কে. এণ্টনী, অম্বিকা চোনি, মুকুল ৱাচনিক, আৰু আনন্দ শৰ্মা।

দৰাচলতে, দলৰ নেতৃত্বই ৩৬ জনীয়া চিডব্লিউচিত কিছু নৱনিযুক্ত কাৰ্য্যালয়ৰ বিষয়াক অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু এই কাৰণে, কাৰ্যকৰী সমিতিত কিছুমান নতুন পদ সৃষ্টি কৰিব লাগিব।

জয়ৰাম ৰমেশ, গৌৰৱ গোগোই, ৰণদীপ সুৰজেৱালা, আৰু চৰণজিৎ সিং চান্নীৰ বাবেও পদখালী হৈ পৰিছে।

সংসদ ভৱনৰ চৌহদত সাংসদসকলৰ মাজত হাতাহাতি; বিজেপি সাংসদক আক্ৰমণ ৰাহুল গান্ধীৰ

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই সংসদ ভৱনৰ চৌহদত বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত হোৱা প্ৰতিবাদত ভাৰত মিত্ৰজোঁটৰ সাংসদসকলক নেতৃত্ব দিছিল।

ইফালে, বিজেপিৰ সাংসদসকলেও সংসদ ভৱনৰ চৌহদত বিৰোধী সাংসদসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে, বিজেপিয়ে অভিযোগ কৰিছে যে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ দুই সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু মুকেশ ৰাজপুতক গতিয়াই দিছিল।

যাৰ ফলত পৰি আঘাতপ্ৰাপ্ত হয় দুয়ো। লগে লগে সাৰংগী আৰু মুকেশক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে অভিযোগ কৰিছে যে বিজেপিৰ সাংসদসকলে তেওঁক ঠেলি দিছিল, যাৰ ফলত তেওঁৰ আঁঠুত আঘাত কংগ্ৰেছেও এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে।

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৈছিল যে ‘আমাৰ দুজন সাংসদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ৪-৫ জন সাংসদে অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি আহিছে।আজি বিজেপি-এন ডি এৰ সাংসদসকলে প্ৰথমবাৰৰ বাবে মকৰ গেটত প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে (বিৰোধীয়ে) অনুভৱ কৰিছিল যে এইটো তেওঁলোকৰ সম্পত্তি।বিৰোধী নেতাজনে তেওঁলোকৰ দায়িত্ব বুজি পোৱা উচিত’।

ইফালে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ‘প্ৰতাপ চন্দ্ৰ চাৰংগীক দেখি তেওঁৰ যথেষ্ট দুখ লাগিছে।এই ঘটনাটো সংসদৰ ইতিহাসৰ এক ক’লা দিন।তেওঁলোকে সকলো সীমা ভাঙি পেলাইছে ।

ৰাহুল গান্ধী আৰু কংগ্ৰেছে প্ৰদৰ্শন কৰা গুণ্ডামিৰ আন কোনো উদাহৰণ নাই। এতিয়া তেওঁলোকে এনে গুণ্ডামিত লিপ্ত হ’ব।

আজিলৈকে ভাৰতীয় সংস্কৃতিৰ ইতিহাসত এনে আচৰণ দেখা পোৱা নাই। তেওঁলোকক গণতন্ত্ৰত নিজকে কেনেদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে এখন বিদ্যালয়ত প্ৰশিক্ষণ দিয়া উচিত। আমি এই গুণ্ডামিক গৰিহণা দিছো’।

‘পেলেষ্টাইন’ লিখা বেগ লৈ সংসদত উপস্থিত প্ৰিয়ংকা গান্ধী; সংসদত হাহাকাৰ

পেলেষ্টাইনৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম আকৌ এবাৰ দেখা পোৱা গৈছে। প্ৰিয়ংকা গান্ধীৰ এখন ছবি পোহৰলৈ আহিছে য’ত তেওঁৰ বেগত “পেলেষ্টাইন” লিখা আছে।

কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে এটা বেগটো লৈ সংসদত উপস্থিত হৈছিল। এতিয়া এই বেগটোক লৈ ৰাজনৈতিক হুলস্থূল আৰম্ভ হৈছে।

বিজেপিয়ে প্ৰিয়ংকা গান্ধীক ইয়াকে লৈ আক্ৰমণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে কৈছিল যে “প্ৰিয়ংকাই মুছলমান ভোটক সন্তুষ্ট কৰিবলৈ পেলেষ্টাইন লিখা এটা বেগ লৈ আহিছে”।

এই বেগটোৰ জৰিয়তে প্ৰিয়ংকা গান্ধীয়ে আকৌ এবাৰ পেলেষ্টাইনৰ সমৰ্থনত উপস্থিত হৈছে। এইটো প্ৰথম বাৰৰ বাবে নহয় যে প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইনৰ সমৰ্থনত ওলাই আহিছে।

শেহতীয়াকৈ, তেওঁ ভাৰতত পেলেষ্টাইনৰ ৰাষ্ট্ৰদূত আবেদ এলৰাজেগ আবু জাজাৰক সাক্ষাৎ কৰে। ফিলিস্তিনি ৰাষ্ট্ৰদূত গৰাকীয়ে ৱায়ানাড লোকসভা নিৰ্বাচনত প্ৰিয়ংকাক তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জনাইছিল।

চলিত বৰ্ষৰ অক্টোবৰত হামাস আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধৰ প্ৰথম বাৰ্ষিকীত প্ৰিয়ংকা গান্ধীয়ে ইজৰাইলক লক্ষ্য কৰি লৈছিল।

ৱায়ানাডত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সময়টো প্ৰিয়ংকা গান্ধীয়ে ধাৰাবাহিকভাৱে পেলেষ্টাইনৰ বিষয়টো উত্থাপন কৰি আহিছে।

‘মোৰ ভাতৃক লৈ মই গৌৰৱান্বিত ’ বিজেপিৰ দেশতদ্ৰোহী অভিযোগত ভাতৃক ৰক্ষা প্ৰিয়ংকা গান্ধীৰ

ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ‘দেশতদ্ৰোহী’ বুলি অভিহিত কৰাৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই তেওঁৰ ভায়েকক ৰক্ষা কৰিছে।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শুক্ৰবাৰে কৈছিল যে শাসকীয় দলৰ মানুহে কি কয় তাক তেওঁ গুৰুত্ব নিদিয়ে কিয়নো তেওঁৰ ভায়েকৰ বাবে দেশতকৈ একো গুৰুত্বপূৰ্ণ নহয়।

কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে “যিসকলে দেশৰ স্বাধীনতাৰ বাবে ১৩ বছৰ কাৰাগাৰত কটোৱা পণ্ডিত জৱাহৰলাল নেহৰু আৰু পাকিস্তানক দুটা ভাগত বিভক্ত কৰা ইন্দিৰা গান্ধীক “দেশতদ্ৰোহী” বুলি অভিহিত কৰিব পাৰে।তেওঁলোকৰ বাবে ৰাহুল গান্ধীকলৈ এই শব্দটো ব্যৱহাৰ কৰাটো নতুন কথা নহয়” ।

প্ৰিয়ংকা গান্ধীয়ে লগতে কয় , “মই মোৰ ভায়েকক লৈ অত্যন্ত গৌৰৱান্বিত, তেওঁৰ বাবে দেশতকৈ ডাঙৰ একো নহয়। তেওঁ দেশৰ ঐক্যৰ বাবে ৮,০০০ কিলোমিটাৰ যাত্ৰা কৰিছিল, যাৰ ভিতৰত ৪,০০০ কিলোমিটাৰ পদযাত্ৰা আছিল। বিজেপিক লক্ষ্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, “এই লোকসকলে যিয়েই নকওঁক, ইয়াৰ কোনো গুৰুত্ব নাই”। ’

দৰাচলতে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে অনুসন্ধানকাৰী মাধ্যমকে ধৰি আন্তঃৰাষ্ট্ৰীয় শক্তিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল, যি ভাৰতক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ লগতে, বিজেপি নেতাজনে কৈছিল যে ৰাহুল গান্ধী এজন দেশতদ্ৰোহী।