মণিপুৰত প্ৰধানমন্ত্ৰী মোদী
শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ লগ লগে ফুলাম গামোচাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক । প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।
উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰ দেশৰ মুকুট । মণিপুৰ সাহস আৰু আবেগৰ ভূমি । ২০১৪ চনৰ পৰা আমি মণিপুৰৰ সংযোগৰ কাম কৰি আহিছো । এতিয়া মণিপুৰৰ গাঁৱলৈয়ো পথ গৈছে । ইয়াৰ বাবেই মণিপুৰ উন্নয়নৰ পথত আগবাঢ়িছে ।
মণিপুৰৰ জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ ভূমি সাহস আৰু শৌৰ্য্যৰ ভূমি । মণিপুৰৰ ৰাইজৰ আত্মাক প্ৰণাম জনাব বিচাৰিছো । প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো আপোনালোক সকলোৱে ইয়ালৈ আহিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো । ধাৰাসাৰ বৰষুণৰ বাবে মোৰ হেলিকপ্টাৰ আহিব নোৱাৰিলে, গতিকে পথেৰে অহাৰ সিদ্ধান্ত ল’লোঁ । ৰাস্তাত দেখা দৃশ্যবোৰৰ বাবে ভগৱানক ধন্যবাদ জনাইছো যে আজি মোৰ হেলিকপ্টাৰখনে কাম কৰা নাছিল । মণিপুৰৰ যুৱক-যুৱতীসকলক যিদৰে হাতত ত্ৰিৰংগ ধৰি থকা দেখিলোঁ, মই জীৱনৰ এই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো ।’
মণিপুৰত আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে-
মণিপুৰে যোৱা ২ বছৰ ধৰি হিংসাৰ সৈতে যুঁজি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক শান্তিৰ বাবে আবেদন জনাই কয়, ‘যিকোনো স্থানত শান্তি প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ । যোৱা ১১ বছৰত বহু সংঘাতৰ অন্ত পৰিছে । আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে । যোৱা কেইবছৰমানৰ পৰা ইয়াৰ মানুহে উন্নয়নক অগ্ৰাধিকাৰ দিছে । ভৱিষ্যতেও উন্নয়নে অধিক শক্তি লাভ কৰিব বুলি মোৰ বিশ্বাস । শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু সপোন পূৰণ কৰিবলৈ, সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সকলো সংগঠনলৈ আহ্বান জনাম । মই আপোনালোকৰ লগত আছো ।’
মণিপুৰৰ পথ আৰু ৰেলৰ বাজেট বৃদ্ধি-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰ এখন সীমান্ত ৰাজ্য আৰু ইয়াত সংযোগ সদায় এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে । ভাল ৰাস্তাৰ অভাৱত আপোনালোকে সন্মুখীন হোৱা অসুবিধাবোৰ মই ভালদৰে বুজি পাওঁ । সেইবাবেই ২০১৪ চনৰ পৰা মণিপুৰৰ সংযোগৰ নিৰন্তৰ উন্নতিৰ ওপৰত গুৰুত্ব দি আহিছো আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে দুটা স্তৰত কাম কৰিছে । প্ৰথমে আমি মণিপুৰৰ পথ আৰু ৰেলৱেৰ বাজেট বৃদ্ধি কৰিলোঁ । দ্বিতীয়তে, আমি গাঁওসমূহক পথৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছিলো । বিগত কেইটামান বছৰত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৭০০ কোটি টকা ব্যয় কৰা হৈছে । নতুন ঘাইপথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ৮,৭০০ কোটি টকা । ভৱিষ্যতেও এই উন্নয়নৰ পৰ্যায় অব্যাহত থাকিব ।’
লগতে পঢ়ক : ‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য