পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
আজি পাঁচদিনীয়া বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বিদেশ ভ্ৰমণে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়াক সামৰি ল’ব । অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পিছত কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এয়া তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ।
প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰিব । ১৫-১৬ জুনত তেওঁ তাতেই থাকিব । এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । লক্ষণীয় যে দুটা দশকৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম চাইপ্ৰাছ ভ্ৰমণ । এই ভ্ৰমণত দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু কাৰিকৰী সহযোগিতা শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।
জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ-
চাইপ্ৰাছৰ পিছত ১৬-১৭ জুনত কানাডাৰ কানানাস্কিছ চহৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, য’ত তেওঁ জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত এই ভ্ৰমণ কৰিছে মোদীয়ে ।
একেৰাহে ষষ্ঠবাৰৰ বাবে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সন্মিলনত শক্তি সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি আৰু কোৱাণ্টাম উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । লগতে কেইবাখনো দ্বিপাক্ষিক বৈঠক়ো অনুষ্ঠিত হ’ব ।
১৮ জুনত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব, যিটো ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ হ’ব । তেওঁ ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচ আৰু ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব । এই ঐতিহাসিক ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে ।
সন্ত্ৰাসবাদ আৰু বিশ্ব সহযোগিতাৰ ওপৰত দিয়া হ’ব গুৰুত্ব-
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ কেৱল কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত নহয়, ইয়াক বিশ্ব সহযোগিতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ সুযোগ হিচাপেও বিবেচিত হৈছে । এই ভ্ৰমণ ভাৰতৰ বৈদেশিক নীতি আৰু বিশ্ব মঞ্চত দেশৰ উপস্থিতিক নতুন শক্তি প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ১৯ জুনত ভাৰতলৈ উভতিব প্ৰধানমন্ত্ৰী মোদী ।
লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ