ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ৰাজকীয় ভ্ৰমণত ব্ৰাজিলিয়ালৈ যাব তেওঁ । এই ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ পাঁচখন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায় । ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে প্ৰৱাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আদৰণি জনায় । পৰম্পৰাগত নৃত্য, সাংস্কৃতিক উপস্থাপন আৰু দেশপ্ৰেমমূলক চিত্ৰৰে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীক প্ৰবাসী ভাৰতীয়সকলে ।
প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সময়ত অপাৰেচন সিন্দুৰৰ আভাসো দেখা যায় । পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলাই থকা অভিযানৰ আধাৰত এই উপস্থাপন কৰা হয় । এই সমগ্ৰ অনুষ্ঠানটো নৃত্য আৰু চিত্ৰকলাৰ জৰিয়তে প্ৰদৰ্শিত হৈছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে । তেওঁক ভাৰতীয় সম্প্ৰদায়ে উষ্ম আদৰণি জনাই ।
গ্ৰেণ্ড ৱেলকামত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-
ব্ৰাজিলত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ব্ৰজিলৰ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে ৰিঅ’ ডি জেনেৰঅ’ত উষ্ম আদৰণি জনায় । ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁলোক কিমান সংযুক্ত আৰু ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁলোক কিমান আবেগিক সেয়া আচৰিত কথা” ।
শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে-
চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণৰ সময়ত তেওঁ ৬ আৰু ৭ জুলাইত ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত ৰাজকীয় ভ্ৰমণ কৰিব । প্ৰায় ছয় দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ ।
লগতে পঢ়ক : ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা