শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ পাইছে ।
উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ-
প্ৰধানমন্ত্ৰী মোদীয়ে শুভাশু শুক্লাক উষ্ম আদৰণি জনায় । শুভাংশুৰ সৈতে কৰমৰ্দন কৰি, সাৱটি ধৰি তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক টেবলেটত মহাকাশ যাত্ৰাৰ ছবি দেখুৱাই । লগতে শুক্লাই প্ৰধানমন্ত্ৰীক এক্সিয়াম-৪ মিছনৰ ‘মিছন পেচ’ উপহাৰ দিয়ে । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিও প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে ।
Had a great interaction with Shubhanshu Shukla. We discussed a wide range of subjects including his experiences in space, progress in science & technology as well as India's ambitious Gaganyaan mission. India is proud of his feat.@gagan_shux pic.twitter.com/RO4pZmZkNJ
— Narendra Modi (@narendramodi) August 18, 2025
ভাৰতলৈ উভতি অহাৰ লগে লগে শুভাংশু শুক্লাৰ উষ্ম আদৰণি-
মহাকাশচাৰী শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ অন্তত ভব্য আদৰণি জনোৱা হয় । ইয়াত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোল বজাই বিমানবন্দৰত শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে । তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লা আৰু ভগ্নী শুচি মিশ্ৰও লক্ষ্ণৌৰ পৰা তেওঁক লগ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ।
লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…