শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ পাইছে ।

উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাশু শুক্লাক উষ্ম আদৰণি জনায় । শুভাংশুৰ সৈতে কৰমৰ্দন কৰি, সাৱটি ধৰি  তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক টেবলেটত মহাকাশ যাত্ৰাৰ ছবি দেখুৱাই । লগতে শুক্লাই প্ৰধানমন্ত্ৰীক এক্সিয়াম-৪ মিছনৰ ‘মিছন পেচ’ উপহাৰ দিয়ে । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিও প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে ।

ভাৰতলৈ উভতি অহাৰ লগে লগে শুভাংশু শুক্লাৰ উষ্ম আদৰণি-

মহাকাশচাৰী শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ অন্তত ভব্য আদৰণি জনোৱা হয় । ইয়াত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোল বজাই বিমানবন্দৰত শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে । তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লা আৰু ভগ্নী শুচি মিশ্ৰও লক্ষ্ণৌৰ পৰা তেওঁক লগ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মহাকাশ কেন্দ্ৰলৈ উৎক্ষেপণ স্থগিত; ১০ জুনতহে কৰিব যাত্ৰা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ যাত্ৰা স্থগিত

ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা ১০ জুনলৈ পিছুৱাই দিয়া হৈছে । দলটোৰ বাধ্যতামূলক প্ৰি-ফ্লাইট কোৱাৰেণ্টাইন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত এই যাত্ৰা পিছুৱাই দিয়া হৈছে ।

এই অভিযান এক্সিয়াম স্পেচৰ এক্স-৪ কাৰ্যসূচীৰ অংশ । প্ৰথমে ২৯ মে’ত এই অভিযান আৰম্ভ কৰাৰ কথা আছিল, যিটো পিছত ৮ জুনত পুনৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰ্য্যকৰী প্ৰস্তুতি আৰু চলি থকা কোৱাৰেণ্টাইন পদ্ধতিৰ বাবে এতিয়া ১০ জুনত এই অভিযান উৎক্ষেপণ কৰা হ’ব ।

শুভ্ংশু শুক্লা হ’ব এই অভিযানৰ পাইলট-

এই অভিযানত পাইলট হিচাপে কাম কৰিব শুভাংশু শুক্লাই । তেওঁ আই এছ এছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় হ’বলৈ গৈ আছে । মহাকাশলৈ যোৱা তেওঁ দ্বিতীয়জন ভাৰতীয় হ’ব, প্ৰথম ভাৰতীয় আছিল ৰাকেশ শৰ্মা, যিয়ে ১৯৮৪ চনত এই ঐতিহাসিক অভিযান সম্পন্ন কৰিছিল । এক্স-৪ অভিযানত নাছাৰ প্ৰবীণ মহাকাশচাৰী পেগী হুইটছনক মিছন কমাণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে জাহাজখনত আছে পোলেণ্ডৰ বিশেষজ্ঞ স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপু, যিয়ে নিজৰ নিজৰ দেশৰ পৰা আই এছ এছলৈ প্ৰথম উৰা মাৰিব । ২৫ মে’ৰ পৰা ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰত দুসপ্তাহৰ প্ৰি-লঞ্চ কোৱাৰেণ্টাইনত আছে পাইলট গ্ৰুপটো ।

লগতে পঢ়ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশত পিন্ধিব এই বিশেষ ঘড়ী… ইয়াৰ বিশেষত্ব কি ?