অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে । তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (ইউ এন জি এ) বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিবেশনত ভাষণ দিব পাৰে । এই খবৰ আহিছে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বক্তাৰ খচৰা তালিকাৰ পৰা । ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইউ এন জি এৰ ৮০ সংখ্যক অধিবেশন । উচ্চ পৰ্যায়ৰ সাধাৰণ অধিৱেশন ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চলিব । ইয়াত পৰম্পৰাগতভাৱে ব্ৰাজিল অধিবেশনৰ প্ৰথম বক্তা হ’ব, তাৰ পিছত আমেৰিকা ।
২৬ ছেপ্টেম্বৰৰ পুৱা অধিবেশনত ভাষণ দিব পাৰে প্ৰধানমন্ত্ৰীয়ে-
২৩ ছেপ্টেম্বৰত ইউ এন জি এৰ মঞ্চৰ পৰা বিশ্বৰ নেতাসকলক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । হোৱাইট হাউছত দ্বিতীয়টো কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত তেওঁৰ এইটোৱেই হ’ব প্ৰথম ভাষণ । সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনৰ উচ্চ পৰ্যায়ৰ বিতৰ্কৰ বাবে বক্তাৰ প্ৰাৰম্ভিক তালিকা অনুসৰি অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ভাৰতৰ চৰকাৰৰ মুৰব্বীগৰাকীয়ে অধিৱেশনত ভাষণ দিব । ইজৰাইল, চীন, পাকিস্তান আৰু বাংলাদেশৰ চৰকাৰৰ মুৰব্বীসকলেও একেদিনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সাধাৰণ বিতৰ্কত ভাষণ দিব ।
ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল-
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ত তেওঁ ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত জাৰি কৰা এক যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুখণ্ডীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা ঘোষণা কৰে ।
লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে