৫খন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
বুধবাৰে পুৱা ৮ বজাত ৫ খন দেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে গ্ল’বেল চাউথৰ বহু প্ৰধান দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰা । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ৮ দিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ উপৰিও ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব । এই সময়ছোৱাত তেওঁ ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰিব ।
আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভ্ৰমণ-
এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২ দিনৰ বাবে (২-৩ জুলাই) ঘানা ভ্ৰমণ কৰিব । এইটো হৈছে প্ৰধানমন্ত্ৰীৰ ঘানালৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ । যোৱা তিনিটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব য’ত শক্তিশালী পাৰস্পৰিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰা হ’ব । লগতে অৰ্থনৈতিক, শক্তি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ জৰিয়তে সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগৰ বিষয়েও আলোচনা হ’ব ।
দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ-
ঘানা ভ্ৰমণৰ পিছত ৩ জুলাইৰ পৰা ৪ জুলাইলৈ ২ দিনীয়া ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ১৯৯৯ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণৰ এইটোৱেই হ’ব প্ৰথমটো ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিচেছৰৰ সৈতে আলোচনাত মিলিত হ’ব । কেৰিবিয়ান দেশৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিয়াৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
তৃতীয় পৰ্যায়ত আৰ্জেণ্টিনা ভ্ৰমণ-
তৃতীয় পৰ্যায়ৰ এই ভ্ৰমণত ৪ জুলাইৰ পৰা ৫ জুলাইলৈ আৰ্জেণ্টিনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ সৈতে প্ৰতিৰক্ষা, কৃষি, খনি, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক বৃদ্ধিৰ বাবে বিস্তৃত আলোচনাত মিলিত হ’ব । বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই দ্বিপাক্ষিক ভ্ৰমণে ভাৰত আৰু আৰ্জেণ্টিনাৰ বহুমুখী কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব ।
চতুৰ্থ পৰ্যায়ত ব্ৰাজিল ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিল ভ্ৰমণলৈ যাব মোদী । ৫ জুলাইৰ পৰা ৮ জুলাইলৈ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী ।
প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ এয়া চতুৰ্থবাৰৰ বাবে ব্ৰাজিল ভ্ৰমণ । ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’ব ১৭ সংখ্যক ব্ৰিকছ সন্মিলন । শীৰ্ষ সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে ।
ভ্ৰমণৰ অন্তিম পৰ্যায়ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে আফ্ৰিকাৰ দেশ নামিবিয়া ভ্ৰমণ কৰিব । এই সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে নামিবিয়াৰ সংসদতো ভাষণ দিয়াৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : ব্ৰিকছ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে; ২ জুলাইৰ পৰা পাঁচখন দেশ ভ্ৰমণ কাৰ্যসূচী