পাকিস্তানক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ
গুজৰাটৰ ভূজত এখন জন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক শক্তিশালী ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ভাৰতে পৰ্যটনত বিশ্বাস কৰে কাৰণ পৰ্যটনে মানুহক সংযোগ কৰে আৰু বহুজাতিক বন্ধুত্বক শক্তিশালী কৰে । এই সভাৰ পৰাই তেওঁ পাকিস্তানক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে । তেওঁ পাকিস্তানৰ কঠোৰ সকিয়নী দি কয় যে, “পাকিস্তানে সন্ত্ৰাসবাদক পৰ্যটন বুলি গণ্য কৰে, যিটো সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি” আৰু “অপাৰেচন সিন্দুৰ হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ এক অভিযান ।”
কচ্চৰ উন্নয়ন সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূৰ্বতে কচ্চৰ যিকোনো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ভাষণ পাকিস্তানৰ পৰা আৰম্ভ হৈ শেষ হৈছিল যদিও তেওঁ ২০০১ চনত সিদ্ধান্ত লৈছিল যে তেওঁ এই বিষয়ত সময় নষ্ট নকৰে বৰঞ্চ কচ্চৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিব যাতে পাকিস্তানে ঈৰ্ষা কৰে । তেওঁ কয়, “আমি এনেকুৱা এক কচ্চ সৃষ্টি কৰিছো যে ইয়াৰ বিকাশ দেখি শত্ৰুৱে ঈৰ্ষা কৰে ।”
অপাৰেচন সিন্দুৰৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱা !
প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰি পাকিস্তানক কঠোৰ বাৰ্তা দি কয় যে, “যিয়ে আমাৰ তেজ বোৱাবলৈ চেষ্টা কৰিব তেওঁলোকক তেওঁলোকৰ নিজৰ ভাষাত উত্তৰ দিয়া হ’ব । ভাৰতৰ বিৰুদ্ধে চকু উঠোৱা সকলে মূল্য দিব লাগিব ।” লগতে তেওঁ অপাৰেচন সিন্দুৰৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এই অভিযানৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ নিৰ্মূল আৰু মানৱতাক ৰক্ষা কৰা ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ মে’ৰ পিছত তেওঁ চেষ্টাত কোনো ত্ৰুটি ৰখা নাছিল । আনকি তেওঁ বিহাৰত মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁ সন্ত্ৰাসবাদৰ আত্মগোপন স্থানসমূহ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয় যে ১৫ দিন অপেক্ষা কৰাৰ পিছত যেতিয়া পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তেতিয়া সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল । শ কিলোমিটাৰ দূৰলৈ গৈ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতীয় সেনাই ।
পাকিস্তানী এয়াৰবেছ এতিয়াও আই চি ইউত!
প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৭১ চনৰ যুদ্ধত ভূজ বিমান ঘাটিত পাকিস্তানী সেনাই আক্ৰমণ কৰিছিল যদিও আমাৰ সাহসী মহিলাসকলে ইয়াৰ মুখামুখি হৈছিল । লগতে তেওঁ কয় যে ভাৰতীয় সেনাই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইমান শক্তিৰে দিছিল যে পাকিস্তানৰ বিমান ঘাটিসমূহ এতিয়াও আই চি ইউত আছে ।
পাকিস্তানক কঠোৰ বাৰ্তা-
প্ৰধানমন্ত্ৰী মোদীয়ে কচ্চৰ পৰা পাকিস্তানৰ জনসাধাৰণক আহ্বান জনাই যে যদি সন্ত্ৰাসবাদ ত্যাগ নকৰে তেন্তে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰত পৰিব । তেওঁ পাকিস্তানৰ যুৱক-যুৱতীসকলক বুজাবলৈ চেষ্টা কৰে যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে ধ্বংসাত্মক ।
লগতে পঢ়ক : ‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন