টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প
বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাৰ মাজত ৩৫ মিনিটৰ ধৰি এই টেলিফোনিক বাৰ্তালাপ চলে । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা আছিল, কিন্তু ট্ৰাম্প আগতীয়াকৈ আমেৰিকালৈ উভতি অহাৰ বাবে এই সাক্ষাৎ হৈ নুঠিল । ট্ৰাম্পৰ অনুৰোধত আজি দুয়োগৰাকী নেতাই ফোনযোগে বাৰ্তালাপ কৰে । জানিব পৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী ৰাখে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনাৰ বিষয়েও আলোচনা কৰে দুয়োগৰাকী নেতাই । প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ বিষয়েও আলোচনা কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কয় যে এই সমগ্ৰ ঘটনাক্ৰমত কোনো সময়তে, কোনো স্তৰতে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতা আদি বিষয়ত কোনো আলোচনা হোৱা নাছিল । উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হৈছিল আৰু পাকিস্তানৰ জোৰত এয়া হৈছিল ।
ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা কথাবোৰ বিতংভাৱে বুজি ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এতিয়া সন্ত্ৰাসবাদক ছাঁয়া যুদ্ধ হিচাপে চাইছে আৰু ভাৰতৰ অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে ।
ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাৰ যিকোনো প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক জোৰ দি কয় যে ভাৰতে কেতিয়াও মধ্যস্থতা গ্ৰহণ কৰা নাই, কেতিয়াও মানি নলয় । এই বিষয়ত ভাৰতত সম্পূৰ্ণ ৰাজনৈতিক একমত আছে ।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰদান কৰে সম্পূৰ্ণ তথ্য-
এই বিষয়ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠক জি-৭ সন্মিলনৰ সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পে আগতীয়াকৈ আমেৰিকালৈ উভতি যাবলগা হয় যাৰ বাবে এই বৈঠক অনুষ্ঠিত হোৱা নাছিল । ইয়াৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰোধত আজি দুয়োজন নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপ হয় । দুয়োগৰাকী নেতাই ৩৫ মিনিট ধৰি কথা পাতে ।
আমেৰিকা ভ্ৰমণৰ অনুৰোধ ৰক্ষা কৰিবলৈ অসমৰ্থতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-
ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক কানাডাৰ পৰা উভতি আহি আমেৰিকা ভ্ৰমণ কৰাৰ বাবে অনুৰোধ জনাই । অৱশ্যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত অক্ষমতা প্ৰকাশ কৰে । ইয়াৰ পিছতে দুয়োগৰাকী নেতাই সিদ্ধান্ত লয় যে অদূৰ ভৱিষ্যতে সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিব ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?