মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী
দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি তেওঁৰ ভ্ৰমণৰ অন্তিমটো দিন । আজি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । দেশখনৰ ৰাজধানী মালেৰ ‘ৰিপাব্লিক স্কোৱাৰ’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ সৈতে একেলগে দেখা যায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীত উপ-ৰাষ্ট্ৰপতি উজ হুছেইন মহম্মদ লতিফ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদকে ধৰি কেইবাজনো নেতাক সাক্ষাৎ কৰে । আন্তঃগাঁথনি, প্ৰযুক্তি আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি লতিফ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত আলোচনা হয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘আমাৰ দেশে আন্তঃগাঁথনি, প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, শক্তি আৰু অন্যান্য ক্ষেত্ৰত একেলগে কাম কৰি আছে । আমাৰ জনসাধাৰণৰ বাবে ই অতি উপযোগী । আমি এই অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব বিচাৰো ।’
প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপক স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ত দুয়োপক্ষই ভাৰত আৰু মালদ্বীপৰ মাজত গভীৰ আৰু বিশেষ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । সংকটৰ (দুৰ্যোগ) সময়ত ভাৰতৰ পৰা অহা সহায়ৰ বাবে উপ-ৰাষ্ট্ৰপতি লতিফে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় ।’
কি ক’লে মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে ?
মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো এক গৌৰৱৰ কথা । এইবাৰ ভাৰতৰ সৈতে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী । আমি এই সময়ছোৱাত বন্ধুত্ব আৰু সহযোগিতাৰ যাত্ৰাৰ বিষয়ে কথা পাতিলোঁ । ভৱিষ্যতেও ভাৰতৰ সৈতে শক্তিশালী সহযোগিতা অব্যাহত থাকিব বুলি আশা কৰিলোঁ ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সামৰ্থ্য বিকাশ আৰু উন্নয়ন সহযোগিতাৰ জৰিয়তে মালদ্বীপক সহায় কৰি যাব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক অতি ভাল ।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ সৈতে বিতং আলোচনাত মিলিত হয় আৰু মালদ্বীপলৈ ৪৮৫০ কোটি টকাৰ ক্ৰেডিট লাইন ঘোষণা কৰে ।
মালদ্বীপত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বৈঠক-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপত বসতি স্থাপন কৰা ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰি তেওঁলোকৰ অৱদানৰ শলাগ লয় । তেওঁ কয়, ভাৰতীয় সম্প্ৰদায়ে মালদ্বীপৰ প্ৰগতিৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগাইছে আৰু ভাৰতৰ সৈতেও সংযুক্ত হৈ আছে সেয়া প্ৰশংসনীয় ।
তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকল বিশ্ব আৰু ভাৰতৰ মাজত এক শক্তিশালী সেতু হৈয়েই আছে । আমাৰ প্ৰৱাসীসকলক লৈ আমি গৌৰৱান্বিত ।
প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ-
ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে এক্সত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছে । তেওঁ লিখিছে, ‘মালদ্বীপলৈ ৰাজকীয় ভ্ৰমণলৈ অহাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । বহু গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মাজত ফলপ্ৰসূ আলোচনা হয় । আমি ৪খন বুজাবুজি চুক্তি আৰু ৩খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিলো আৰু লগতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ আলোচনা আৰম্ভ হোৱাৰ কথাও ঘোষণা কৰিলোঁ ।’
লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ