ধূমপানত নিষেধাজ্ঞাঃ দেশৰ যুৱক-যুৱতীৰ লগতে পৰ্যটকৰ বাবেও বন্ধ হ’ল ধূম্ৰপান

ধূমপানত নিষেধাজ্ঞা

মালদ্বীপে গ্ৰহণ কৰিছে এক উল্লেখযোগ্য সিদ্ধান্ত । ২০০৭ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্ম হোৱা যুৱক-যুৱতীসকলৰ বাবে এতিয়া দেশত ধূমপান নিষিদ্ধ কৰা হৈছে । এই সিদ্ধান্তৰ লগে লগে মালদ্বীপ বিশ্বৰ একমাত্ৰ দেশ হিচাপে পৰিগণিত হৈছে যিয়ে ধঁপাত সেৱনৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰিছে । শনিবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে ।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে যে দেশখনত যুৱক-যুৱতীসকলে ধঁপাত ব্যৱহাৰ, ক্ৰয়, বিক্ৰী কৰা এতিয়াৰে পৰা অবৈধ হ’ব । স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই ঘোষণাই ধঁপাতৰ ক্ষতিৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰাৰ বাবে চৰকাৰৰ দৃঢ় সংকল্প প্ৰতিফলিত কৰিছে । দেশৰ ধঁপাত নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-মুৰব্বীয়ে প্ৰকাশ কৰিছে যে যোৱা বছৰ দেশত ভেপিং নিষিদ্ধ কৰা হৈছিল আৰু ই নতুন প্ৰজন্মক ধঁপাতৰ পৰা আঁতৰাই ৰখাৰ দিশত এক ভাল পদক্ষেপ হিচাপে প্ৰমাণিত হৈছে ।

এই নতুন নিষেধাজ্ঞাৰ দ্বাৰা সকলো ধৰণৰ ধঁপাত নিষিদ্ধ কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, নিষেধাজ্ঞাৰ বাবে খুচুৰা বিক্ৰেতাসকলে বিক্ৰী কৰাৰ পূৰ্বে বয়স পৰীক্ষা কৰিব লাগিব আৰু লগতে কয় যে ই বিশ্ব স্বাস্থ্য সংস্থা কনভেনশ্যন অব্ টোবাক’ কন্ট্ৰল কনভেনচনৰ অধীনত মলদ্বীপৰ দায়িত্বৰ সৈতে লোৱা হৈছে ।

লগতে পঢ়ক : পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী; মুইজুৱে ক’লে-উন্নত ভৱিষ্যতৰ পথ মুকলি…

মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি তেওঁৰ ভ্ৰমণৰ অন্তিমটো দিন । আজি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । দেশখনৰ ৰাজধানী মালেৰ ‘ৰিপাব্লিক স্কোৱাৰ’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ সৈতে একেলগে দেখা যায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীত উপ-ৰাষ্ট্ৰপতি উজ হুছেইন মহম্মদ লতিফ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদকে ধৰি কেইবাজনো নেতাক সাক্ষাৎ কৰে । আন্তঃগাঁথনি, প্ৰযুক্তি আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি লতিফ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত আলোচনা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘আমাৰ দেশে আন্তঃগাঁথনি, প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, শক্তি আৰু অন্যান্য ক্ষেত্ৰত একেলগে কাম কৰি আছে । আমাৰ জনসাধাৰণৰ বাবে ই অতি উপযোগী । আমি এই অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব বিচাৰো ।’

প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপক স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ত দুয়োপক্ষই ভাৰত আৰু মালদ্বীপৰ মাজত গভীৰ আৰু বিশেষ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । সংকটৰ (দুৰ্যোগ) সময়ত ভাৰতৰ পৰা অহা সহায়ৰ বাবে উপ-ৰাষ্ট্ৰপতি লতিফে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় ।’

কি ক’লে মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে ?

মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো এক গৌৰৱৰ কথা । এইবাৰ ভাৰতৰ সৈতে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী । আমি এই সময়ছোৱাত বন্ধুত্ব আৰু সহযোগিতাৰ যাত্ৰাৰ বিষয়ে কথা পাতিলোঁ । ভৱিষ্যতেও ভাৰতৰ সৈতে শক্তিশালী সহযোগিতা অব্যাহত থাকিব বুলি আশা কৰিলোঁ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সামৰ্থ্য বিকাশ আৰু উন্নয়ন সহযোগিতাৰ জৰিয়তে মালদ্বীপক সহায় কৰি যাব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক অতি ভাল ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ সৈতে বিতং আলোচনাত মিলিত হয় আৰু মালদ্বীপলৈ ৪৮৫০ কোটি টকাৰ ক্ৰেডিট লাইন ঘোষণা কৰে ।

মালদ্বীপত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বৈঠক-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপত বসতি স্থাপন কৰা ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰি তেওঁলোকৰ অৱদানৰ শলাগ লয় । তেওঁ কয়, ভাৰতীয় সম্প্ৰদায়ে মালদ্বীপৰ প্ৰগতিৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগাইছে আৰু ভাৰতৰ সৈতেও সংযুক্ত হৈ আছে সেয়া প্ৰশংসনীয় ।

তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকল  বিশ্ব আৰু ভাৰতৰ মাজত এক শক্তিশালী সেতু হৈয়েই আছে । আমাৰ প্ৰৱাসীসকলক লৈ আমি গৌৰৱান্বিত ।

প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ-

ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে এক্সত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছে । তেওঁ লিখিছে, ‘মালদ্বীপলৈ ৰাজকীয় ভ্ৰমণলৈ অহাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । বহু গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মাজত ফলপ্ৰসূ আলোচনা হয় । আমি ৪খন বুজাবুজি চুক্তি আৰু ৩খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিলো  আৰু লগতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ আলোচনা আৰম্ভ হোৱাৰ কথাও ঘোষণা কৰিলোঁ ।’

লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ

মালদ্বীপত দেখা গ’ল ভাৰতৰ শক্তি; প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ আহিল ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু  

আদৰণি জনাবলৈ আহিল ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু  

ব্ৰিটেইনৰ পিছতে মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালদ্বীপ ভ্ৰমণৰ বাবে উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালে বিমানবন্দৰত আদৰণি জনোৱা হয়।

সেই সময়চোৱাত সমগ্ৰ বিশ্বই ভাৰতৰ শক্তি দেখিবলৈ পাইছে।মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।

ইয়াৰ পিছত এতিয়া সম্ভাৱনা দেখা গৈছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক, যি মুইজ্জু ৰাষ্ট্ৰপতি হোৱাৰ পিছত বেয়া হৈছিল, সেইবোৰ আকৌ উন্নত হৈছে।

প্ৰধানমন্ত্ৰী মোদীক আদৰণিৰ সময়ত ৰাষ্ট্ৰপতি মুইজ্জুৰ লগতে মালদ্বীপ চৰকাৰৰ কেইবাজনো শীৰ্ষ মন্ত্ৰী, য’ত আছে বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী, আৰু গৃহ সুৰক্ষা মন্ত্ৰী ছামিহ, তেওঁ বিমানবন্দৰত উপস্থিত আছিল।

ৰাষ্ট্ৰপতি মুইজ্জুৱে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি সম্ভাষণ জনোৱা দেখা গ’ল।মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে।

ইয়ে স্পষ্ট ইংগিত দিছে যে, দ্বিপাক্ষিক সম্পর্কক নতুন শক্তি প্রদানৰ বাবে দুয়োখন দেশতে ৰাজনৈতিক ইচ্ছাশক্তি আছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মহম্মদ মুইজ্জুৱে ‘ইণ্ডিয়া আউট’ প্ৰচাৰ চলাইছিল। ৰাষ্ট্ৰপতি হোৱাৰ পিছত মুইজ্জু প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ আছিল চীন।

ইয়াৰ উপৰিও তেওঁ পৰোক্ষভাৱে ভাৰতৰ বিৰুদ্ধে কিছু বক্তব্যও দিছিল।একে সময়তে ২০২৪ চনৰ জানুৱাৰী মাহত মালদ্বীপৰ একাংশ মন্ত্রীয়ে প্রধানমন্ত্রী মোডীৰ লক্ষদ্বীপ ভ্রমণক লৈ অপমানজনক মন্তব্য কৰিছিল,ইয়াৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিবলৈ ধৰিছিল।

লগতে পঢ়ক: ‘ইলন মাস্ক আৰু সকলোৱে আগবাঢ়ি যাওক’; ট্ৰাম্পৰ ইউ টাৰ্ণ, বিতৰ্কৰ অন্ত

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী; বাণিজ্যিক চুক্তিত লাগিব মোহৰ

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী

অহা সপ্তাহত দুখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২৩ৰ পৰা ২৬ জুলাইৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুখন দেশৰ গুৰুত্বপূৰ্ণ ভ্ৰমণলৈ যাব । প্ৰথমে তেওঁ ব্ৰিটেইন ভ্ৰমণ কৰিব আৰু তাৰ পিছত মালদ্বীপলৈ যাব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটেইনত বাণিজ্যিক চুক্তিত মোহৰ লগাব  আনহাতে মালদ্বীপ ভ্ৰমণৰ উদ্দেশ্য হৈছে মালদ্বীপৰ সৈতে উত্তেজিত সম্পৰ্ক উন্নত কৰা ।

২৩ আৰু ২৪ জুলাইৰ পৰা ব্ৰিটেইন ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী মোদী । দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ এক বৃহৎ উন্নয়ন হিচাপে পৰিগণিত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব তেওঁ । এই বাণিজ্যিক চুক্তিয়ে ভাৰতীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিব, যাৰ ফলত ব্ৰিটেইনত বিক্ৰী কৰাটো সহজ হ’ব । ইয়াৰ লগতে ভাৰতত হুইস্কি আৰু গাড়ীৰ দৰে ব্ৰিটিছ সামগ্ৰী বিক্ৰী কৰাটোও সহজ হৈ পৰিব ।

ব্ৰিটেইনত বাণিজ্যিক চুক্তিত লাগিব মোহৰ-

ভাৰত আৰু ব্ৰিটেইনৰ মাজত তিনি বছৰ ধৰি বাণিজ্যিক চুক্তিৰ আলোচনা চলি আছে । ইয়াৰ লক্ষ্য আছিল বজাৰত প্ৰৱেশৰ উন্নতি আৰু দুয়োখন দেশৰ মাজত বাণিজ্য সহজতা আৰু উন্নত কৰা । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সামগ্ৰীৰ বৈচিত্ৰ্য যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে । ভাৰত আৰু ব্ৰিটেইনৰ লক্ষ্য হৈছে বাণিজ্যিক বাধা হ্ৰাস কৰি আৰু সামগ্ৰিক সহযোগিতা বৃদ্ধি কৰি এক শক্তিশালী অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলা ।

ব্ৰিটেইনৰ পিছত আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ । ২৫ জুলাইত দুদিনীয়া মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । দেশখনত তেওঁ ৬০ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ৰাষ্ট্ৰীয় দিৱস উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল ।

লগতে পঢ়ক : ‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’; দুৰ্গাপুৰত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যাহ্বান

মালদ্বীপৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ ভাৰতীয় উচ্চায়ুক্তৰ, সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা

মালদ্বীপত নৱনিযুক্ত ভাৰতীয় উচ্চায়ুক্ত জি বালাসুব্ৰমান্যমে সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতিৰ পৰিচয় দিয়ে । দুয়োপক্ষই উন্নয়ন সহযোগিতা, বিভিন্ন ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ।

বালা সুব্ৰমণ্যম ১৯৯৮ চনৰ বেচৰ আই এফ এছ বিষয়া । তেওঁ মনু মহাৱৰৰ ঠাইত মালদ্বীপত ভাৰতীয় উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । যোৱা বছৰৰ নৱেম্বৰ মাহত মহাৱাৰৰ কাৰ্যকাল শেষ হৈছিল । মালদ্বীপত থকা ভাৰতীয় উচ্চায়ুক্তই টুইটাৰত এক পোষ্টযোগে কয় যে উচ্চায়ুক্ত জি বালাসুব্ৰমণিয়ামে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজুক তেওঁৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । লগতে, প্ৰাকৃতিক অংশীদাৰ হোৱাৰ বাবে ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ।

ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ কাৰ্যালয়ে কয় যে ৰাষ্ট্ৰপতিয়ে ভাৰতীয় উচ্চায়ুক্তগৰাকীৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰি ভাৰতৰ উচ্চায়ুক্ত হিচাপে মালদ্বীপত তেওঁক আদৰণি জনায় । বৈঠকত ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ হৈ ৰাষ্ট্ৰপতি মুইজুলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰপতি আৰু উচ্চায়ুক্তই উন্নয়ন সহযোগিতা বৃদ্ধি, মালদ্বীপত ভাৰত চৰকাৰৰ প্ৰকল্প, বিভিন্ন খণ্ডত বিনিয়োগ বৃদ্ধি আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পূৰ্বে মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ ড্ৰাম এণ্ড ট্ৰাম্পেট বেণ্ডৰ সৈতে হাইকোলহু নামৰ সাংস্কৃতিক শোভাযাত্ৰাত উচ্চায়ুক্তগৰাকীক ৰিপাব্লিক চ’কৰ পৰা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ।

সলনি হ’ল সুৰ…অৰ্থনৈতিক সাহায্যৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰ

মহম্মদ মুইজু ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমে চীনৰ সৈতে ঘনিষ্ঠতা প্ৰদৰ্শন কৰি ভাৰতৰ বিৰুদ্ধে ষঢ়যন্ত্ৰ কৰাৰ পিছত এতিয়া মালদ্বীপে ইউ টাৰ্ণ লৈছে । মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা খলিলে শনিবাৰে কয় যে তেওঁৰ দেশে ভাৰতৰ নিৰাপত্তাক নিজৰ নিৰাপত্তা বুলি গণ্য কৰে । তেওঁ লগতে কয় যে আমি ভাৰত মহাসাগৰৰ নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ ।

বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ ভাৰতত উপস্থিত হৈছে খলিল । তেওঁ কয়, আমি সদায় ভাৰতৰ সৈতে সম্পৰ্কক প্ৰথম স্থানত ৰাখোঁ । খলিলে সংকটৰ সময়ত মালদ্বীপক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে । আব্দুল্লাৰ এই বক্তব্যই দুয়োখন দেশৰ ইতিবাচক সম্পৰ্কক প্ৰতিফলিত কৰিছে । খলিল ২০২৫ চনত ভাৰত ভ্ৰমণ কৰা যিকোনো দেশৰ প্ৰথমজন বৈদেশিক মন্ত্ৰী । মালদ্বীপত উন্নয়নমূলক প্ৰকল্পত ভাৰতীয় সহায়ৰ কথা উল্লেখ কৰি খলিলে কয় যে ভাৰতে নেতৃত্ব দিলেহে অঞ্চলটোৰ উন্নয়ন সম্ভৱপৰ ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণত সুখী হম-

আব্দুল্লা খলিলে কয় যে, আমি বিচাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপ ভ্ৰমণ কৰক । আমি তেওঁক আদৰণি জনাই অতি আনন্দিত হম । আচলতে আমি ভাৰতক আমাৰ হৃদয়ৰ খুব ওচৰত ধৰি ৰাখোঁ  আৰু আমি নিশ্চিত যে ভাৰতেও আমাক একেদৰেই দেখে । আমাৰ সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । আমাৰ নীতি সদায় ইণ্ডিয়া ফাৰ্ষ্ট আৰু আমি ইয়াৰ প্ৰতি দায়বদ্ধ ।

ভাৰতৰ মূল্যত চীনৰ সৈতে কোনো সম্পৰ্ক নাই –

চীনৰ সৈতে মালদ্বীপৰ সম্পৰ্ক আৰু চীনৰ জাহাজ বন্ধ কৰাৰ সন্দৰ্ভত খলিলে কয় যে ভাৰতৰ সৈতে আমাৰ ঐতিহাসিক সম্পৰ্ক আছে । সংকটৰ সময়ত ভাৰতে প্ৰথমে মালদ্বীপক সহায় কৰিছিল । গতিকে চীন বা আন কোনো দেশৰ সৈতে আমাৰ সম্পৰ্ক ভাৰতৰ সৈতে আমাৰ সম্পৰ্কৰ কোনো মূল্যত নহ’ব । ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো ।

ইণ্ডিয়া আউট আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই-

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য বহিষ্কাৰৰ আন্দোলন সন্দৰ্ভত খলিলে কয় যে বৰ্তমান চৰকাৰৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই ।