ধূমপানত নিষেধাজ্ঞা
মালদ্বীপে গ্ৰহণ কৰিছে এক উল্লেখযোগ্য সিদ্ধান্ত । ২০০৭ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্ম হোৱা যুৱক-যুৱতীসকলৰ বাবে এতিয়া দেশত ধূমপান নিষিদ্ধ কৰা হৈছে । এই সিদ্ধান্তৰ লগে লগে মালদ্বীপ বিশ্বৰ একমাত্ৰ দেশ হিচাপে পৰিগণিত হৈছে যিয়ে ধঁপাত সেৱনৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰিছে । শনিবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে ।
দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে যে দেশখনত যুৱক-যুৱতীসকলে ধঁপাত ব্যৱহাৰ, ক্ৰয়, বিক্ৰী কৰা এতিয়াৰে পৰা অবৈধ হ’ব । স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই ঘোষণাই ধঁপাতৰ ক্ষতিৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰাৰ বাবে চৰকাৰৰ দৃঢ় সংকল্প প্ৰতিফলিত কৰিছে । দেশৰ ধঁপাত নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-মুৰব্বীয়ে প্ৰকাশ কৰিছে যে যোৱা বছৰ দেশত ভেপিং নিষিদ্ধ কৰা হৈছিল আৰু ই নতুন প্ৰজন্মক ধঁপাতৰ পৰা আঁতৰাই ৰখাৰ দিশত এক ভাল পদক্ষেপ হিচাপে প্ৰমাণিত হৈছে ।
এই নতুন নিষেধাজ্ঞাৰ দ্বাৰা সকলো ধৰণৰ ধঁপাত নিষিদ্ধ কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, নিষেধাজ্ঞাৰ বাবে খুচুৰা বিক্ৰেতাসকলে বিক্ৰী কৰাৰ পূৰ্বে বয়স পৰীক্ষা কৰিব লাগিব আৰু লগতে কয় যে ই বিশ্ব স্বাস্থ্য সংস্থা কনভেনশ্যন অব্ টোবাক’ কন্ট্ৰল কনভেনচনৰ অধীনত মলদ্বীপৰ দায়িত্বৰ সৈতে লোৱা হৈছে ।
লগতে পঢ়ক : পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ









