পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? আমেৰিকাত পুনৰ পাৰমাণৱিক পৰীক্ষণক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাই এই বিতৰ্কক ইন্ধন যোগাইছে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ইংগিত দিছিল যে আমেৰিকাই ৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা পুনৰ আৰম্ভ

পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ?

আমেৰিকাত পুনৰ পাৰমাণৱিক পৰীক্ষণক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাই এই বিতৰ্কক ইন্ধন যোগাইছে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ইংগিত দিছিল যে আমেৰিকাই ৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা পুনৰ আৰম্ভ কৰিব পাৰে । অৱশ্যে এতিয়া এই পৰিস্থিতি স্পষ্ট কৰি দিছে আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটে । তেওঁ কয় যে বৰ্তমান আলোচনা চলি থকা পৰীক্ষাসমূহত প্ৰকৃত পাৰমাণৱিক বিস্ফোৰণ জড়িত নহয় ।

প্ৰকাশিত এক বাতৰি অনুসৰি ৰাইটে কয় যে এই পৰীক্ষাসমূহ কেৱল ব্যৱস্থা পৰীক্ষা হ’ব, যিবোৰক আমি অপাৰমাণৱিক বিস্ফোৰণ বুলি কওঁ । ইয়াৰ লগত প্ৰকৃত পাৰমাণৱিক বিস্ফোৰণ জড়িত নহয় । তেওঁ বুজাই দিয়ে যে এই পৰীক্ষাসমূহৰ উদ্দেশ্য হৈছে নতুন অস্ত্ৰসমূহৰ ডিজাইন আৰু গঠন পৰীক্ষা কৰা যাতে ইয়াৰ নিৰাপদ আৰু প্ৰয়োজনৰ সময়ত সঠিকভাৱে কাম কৰিব পৰা যায় ।

ৰাইটৰ মতে, ভৱিষ্যতৰ পৰীক্ষাসমূহে নতুন পাৰমাণৱিক ব্যৱস্থাৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব যাতে ভৱিষ্যতৰ অস্ত্ৰসমূহ পুৰণি অস্ত্ৰসমূহতকৈ অধিক সুৰক্ষিত আৰু অধিক ফলপ্ৰসূ হয় । আমেৰিকাই বিশ্বজুৰি পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞাৰ সমৰ্থন কৰা বুলি বাৰে বাৰে উল্লেখ কৰি আহিছে যদিও নিজৰ সুৰক্ষাৰ বাবে প্ৰযুক্তি পৰীক্ষা অব্যাহত ৰাখিব ।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰিছিল যে তেওঁ যুদ্ধ বিভাগক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ফলত ৩৩ বছৰৰ পাছত আমেৰিকাই পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হয় । চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ পূৰ্বে ট্ৰাম্পে এই পোষ্টটো দিছিল, যিটোক এই কথা প্ৰকাশ কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছিল যে আমেৰিকা এতিয়া চীন আৰু ৰাছিয়াৰ দৰে পাৰমাণৱিক শক্তিৰ সমতুল্য হ’বলৈ সাজু হৈছে । কিন্তু ইয়াৰ ভিতৰত ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা অন্তৰ্ভুক্ত হ’ব নেকি বুলি সোধাত তেওঁ পোনপটীয়াকৈ উত্তৰ দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক : পাকিস্তানে সম্পন্ন কৰিছে পাৰমাণৱিক পৰীক্ষা ! ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক দাবী