এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব দেশে… কি বিষয়বস্তুৰে উদযাপন হ’ব এই দিৱস

এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব দেশে

১৫ আগষ্টত দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে । প্ৰতি বছৰে ১৫ আগষ্টই ১৯৪৭ চনত ২০০ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ পৰা আমি যি স্বাধীনতা লাভ কৰিছিলো তাক মনত পেলাই দিয়ে । এই দিনটো সমগ্ৰ ভাৰততে দেশপ্ৰেমমূলক উদ্যম আৰু আনুষ্ঠানিক কাৰ্যসূচীৰে উদযাপন কৰা হয় । এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ত্ৰিৰংগ উত্তোলন কৰি ৰাষ্ট্ৰক সম্বোধন কৰিব । গতিকে জানক এইবাৰ ৭৯ সংখ্যক স্বাধীনতা কেনেদৰে দিৱস উদযাপন কৰা হ’ব আৰু এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ বিষয়বস্তু কি ।

এইবাৰ বিশেষ কি-

এইবাৰ স্বাধীনতা দিৱস উদযাপনত দিল্লীৰ ৫০ গৰাকী শ্ৰেষ্ঠ অনাময় কৰ্মীক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে । প্ৰতিটো খণ্ড কাৰ্যালয়ৰ পৰা পাঁচটাকৈ নাম দিয়া হৈছে, য’ত তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ থাকিব । তেওঁলোকৰ সৈতে তেওঁলোকৰ পত্নীয়েও উদযাপনত অংশগ্ৰহণ কৰিব পাৰিব । কৰ্মচাৰীসকলৰ কাম-কাজ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ ভিত্তিত চূড়ান্ত তালিকা নিৰ্বাচন কৰা হ’ব । এই প্ৰক্ৰিয়াৰ দায়িত্ব দিল্লী পৰিৱেশ ব্যৱস্থাপনা সেৱাক দিয়া হৈছে ।

কেনেদৰে হ’ব অনুষ্ঠান-

এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰেৰে । ত্ৰিৰংগা উত্তোলনৰ পিছত ৰাষ্ট্ৰীয় সংগীত আৰু ২১ টোপেৰে চেলুট দিয়া হ’ব । ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে লালকিল্লাত পুষ্প বৰ্ষণ কৰিব । ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দেশক সম্বোধন কৰিব, য’ত তেওঁ বিগত বছৰৰ সাফল্য আৰু আগন্তুক লক্ষ্যৰ বিষয়ে ক’ব । ভাষণৰ পাছত পুনৰ ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ লগতে ত্ৰিৰংগা বেলুন আকাশত উৰুৱাই অনুষ্ঠানৰ অন্ত পৰিব ।

এইবাৰ বিষয়ূবস্তু কি-

স্বাধীনতা দিৱস ২০২৫ৰ আনুষ্ঠানিক বিষয়বস্তু এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ঐক্য, দেশপ্ৰেম, উন্নয়ন আৰু স্বাধীনতা সংগ্ৰামীসকলৰ উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি বিশ্বাস কৰা হৈছে । শেহতীয়া বছৰবোৰত এই বিষয়বস্তুৱে সামাজিক প্ৰগতি আৰু জাতীয় দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । সেয়ে এইবাৰো এনে কিছু বিশেষ থিম বা বিষয়বস্তু আশা কৰা হৈছে ।

সমগ্ৰ দেশতে কৰা হ’ব উদযাপন-

স্বাধীনতা দিৱসত পতাকা উত্তোলন, সাংস্কৃতিক অনুষ্ঠান, পেৰেড আৰু দেশপ্ৰেমমূলক গীতৰ আয়োজন কৰা হ’ব । কেৱল দিল্লীতে নহয়, সমগ্ৰ দেশৰ ৰাজ্যৰ ৰাজধানী আৰু চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু বিভিন্ন অঞ্চলত এই দিৱস উদযাপন কৰা হ’ব । বিদ্যালয়-মহাবিদ্যালয়ত নাট পৰিবেশন আৰু স্বাধীনতাৰ ইতিহাসৰ ওপৰত বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব । লগতে বহু ঠাইত ৰক্তদান শিবিৰ, বৃক্ষৰোপণ আৰু সামাজিক অভিযানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন

মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী; মুইজুৱে ক’লে-উন্নত ভৱিষ্যতৰ পথ মুকলি…

মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি তেওঁৰ ভ্ৰমণৰ অন্তিমটো দিন । আজি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । দেশখনৰ ৰাজধানী মালেৰ ‘ৰিপাব্লিক স্কোৱাৰ’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ সৈতে একেলগে দেখা যায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীত উপ-ৰাষ্ট্ৰপতি উজ হুছেইন মহম্মদ লতিফ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদকে ধৰি কেইবাজনো নেতাক সাক্ষাৎ কৰে । আন্তঃগাঁথনি, প্ৰযুক্তি আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি লতিফ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত আলোচনা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘আমাৰ দেশে আন্তঃগাঁথনি, প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, শক্তি আৰু অন্যান্য ক্ষেত্ৰত একেলগে কাম কৰি আছে । আমাৰ জনসাধাৰণৰ বাবে ই অতি উপযোগী । আমি এই অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব বিচাৰো ।’

প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপক স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ত দুয়োপক্ষই ভাৰত আৰু মালদ্বীপৰ মাজত গভীৰ আৰু বিশেষ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । সংকটৰ (দুৰ্যোগ) সময়ত ভাৰতৰ পৰা অহা সহায়ৰ বাবে উপ-ৰাষ্ট্ৰপতি লতিফে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় ।’

কি ক’লে মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে ?

মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি লাতিফে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো এক গৌৰৱৰ কথা । এইবাৰ ভাৰতৰ সৈতে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী । আমি এই সময়ছোৱাত বন্ধুত্ব আৰু সহযোগিতাৰ যাত্ৰাৰ বিষয়ে কথা পাতিলোঁ । ভৱিষ্যতেও ভাৰতৰ সৈতে শক্তিশালী সহযোগিতা অব্যাহত থাকিব বুলি আশা কৰিলোঁ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সামৰ্থ্য বিকাশ আৰু উন্নয়ন সহযোগিতাৰ জৰিয়তে মালদ্বীপক সহায় কৰি যাব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক অতি ভাল ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ সৈতে বিতং আলোচনাত মিলিত হয় আৰু মালদ্বীপলৈ ৪৮৫০ কোটি টকাৰ ক্ৰেডিট লাইন ঘোষণা কৰে ।

মালদ্বীপত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বৈঠক-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপত বসতি স্থাপন কৰা ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰি তেওঁলোকৰ অৱদানৰ শলাগ লয় । তেওঁ কয়, ভাৰতীয় সম্প্ৰদায়ে মালদ্বীপৰ প্ৰগতিৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগাইছে আৰু ভাৰতৰ সৈতেও সংযুক্ত হৈ আছে সেয়া প্ৰশংসনীয় ।

তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকল  বিশ্ব আৰু ভাৰতৰ মাজত এক শক্তিশালী সেতু হৈয়েই আছে । আমাৰ প্ৰৱাসীসকলক লৈ আমি গৌৰৱান্বিত ।

প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ-

ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে এক্সত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছে । তেওঁ লিখিছে, ‘মালদ্বীপলৈ ৰাজকীয় ভ্ৰমণলৈ অহাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । বহু গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ মাজত ফলপ্ৰসূ আলোচনা হয় । আমি ৪খন বুজাবুজি চুক্তি আৰু ৩খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিলো  আৰু লগতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ আলোচনা আৰম্ভ হোৱাৰ কথাও ঘোষণা কৰিলোঁ ।’

লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ