জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
১৯৭৫ চনৰ ২৫ জুনত দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰে । জৰুৰীকালীন দিনবোৰ সোঁৱৰাই তেওঁ কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ আজি পঞ্চাশ বছৰ পাৰ হৈ গ’ল । এই সময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পণবন্দী কৰি ৰাখিছিল ।
সংসদৰ মাত দমন কৰা হ’ল-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ সংবিধানৰ আত্মাক কেনেকৈ উলংঘা কৰা হ’ল সেয়া কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে । সংসদৰ কণ্ঠ দমন কৰি আদালত নিয়ন্ত্ৰণৰ চেষ্টা কৰা হ’ল । ৪২ সংখ্যক সংশোধনী তেওঁলোকৰ এই কাৰ্য্যৰ এক উদাহৰণ । দুখীয়া, প্ৰান্তীয় আৰু দলিতক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল, য’ত তেওঁলোকৰ মৰ্যাদাক অপমান কৰা আছিল ।
জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া সকলক চেলুট-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজত দৃঢ়তাৰে থিয় দিয়া সকলোকে আমি প্ৰণাম জনাইছো । এইসকল লোক সমগ্ৰ ভাৰতৰ পৰা, প্ৰতিটো অঞ্চলৰ পৰা, বিভিন্ন মতাদৰ্শৰ পৰা আহিছিল যিয়ে ইজনে সিজনৰ লগত একেলগে এটা উদ্দেশ্যত কাম কৰিছিল । তেওঁলোকৰ লক্ষ্য আছিল ভাৰতৰ গণতান্ত্ৰিক গাঁথনি ৰক্ষা কৰা আৰু যি আদৰ্শৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল সেই আদৰ্শক ৰক্ষা কৰা । তেওঁলোকৰ সামূহিক সংগ্ৰামেই নিশ্চিত কৰিছিল যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । য’ত তেওঁলোক দুৰ্ভাগ্যজনকভাৱে হাৰিছিল ।
আমি দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰিম-
প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে আমি আমাৰ সংবিধানত সন্নিৱিষ্ট নীতিসমূহ শক্তিশালী কৰাৰ লগতে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰি আছো । আমি প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰি দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰিম ।
মানুহে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব লাগে-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দ্য ইমাৰ্জেন্সি ডায়েৰীছ হৈছে জৰুৰীকালীন সময়ত মোৰ যাত্ৰাৰ বিৱৰণী । সেই সময়ৰ বহু স্মৃতি মনত পেলাই দিলে । যিসকলে জৰুৰীকালীন অৱস্থাৰ সেই ক’লা দিনবোৰ মনত পেলাইছে বা যিসকলৰ পৰিয়ালে সেই সময়ত ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোকৰ অভিজ্ঞতাসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো । ইয়াৰ ফলত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে লজ্জাজনক সময়খিনিৰ বিষয়ে যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টি হ’ব ।
লগতে পঢ়ক : দেশৰ জনসাধাৰণে কেতিয়াও একনায়কত্ববাদ মানি ল’ব নোৱাৰে… ‘জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ’ সন্দৰ্ভত অমিত শ্বাহ