পাকিস্তানে সম্পূৰ্ণ ৰূপে বিশ্বাস কৰিছে যে ভাৰতে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব। সেয়েহে ভাৰতীয় সেনাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ পাকিস্তানে প্ৰতিটো স্তৰতে প্ৰস্তুতি আৰম্ভ কৰিছে।
খাইবাৰ পখতুনখোৱাত এয়াৰ ৰেইড চাইৰেন স্থাপন কৰাৰ লগতে সীমান্তৰ কাষৰীয়া গাঁৱৰ চাৰিওফালে বাংকাৰ নিৰ্মাণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ পিছত এতিয়া পাকিস্তান চৰকাৰে পি অ’ কেৰ নাগৰিকসকলক দীৰ্ঘদিনৰ বাবে খাদ্য শস্য মজুত ৰাখিবলৈ আহ্বান জনাইছে।যাতে যুদ্ধৰ সময়ত তাত থকা নাগৰিকে খাদ্য আৰু পানীৰ নাটনিৰ সন্মুখীন হ’ব নালাগে।
পাকিস্তান প্ৰশাসিত কাশ্মীৰে এই নিৰ্দেশ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতৰ সৈতে থকা প্ৰকৃত সীমান্তৰ ওচৰত বৰ্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে।
পাকিস্তানে এল অ’ চিৰ বাসিন্দাসকলক পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত কৰিবলৈ কৈছে। ইয়াৰ পৰা দেখা যায় যে পাকিস্তানে মানি লৈছে যে ভাৰতীয় সেনাই এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ নিশ্চিতভাৱে ল’ব।
পাকিস্তানে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কয়, তেওঁ সেই কথা আখৰে আখৰে পালন কৰে।