ভাৰতে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তত কৰ্মৰত এজন বিষয়াক persona non grata বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিছে । পাকিস্তানী বিষয়াজন তেওঁৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত অন্যান্য সন্দেহজনক কামত জড়িত আছিল বাবে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰতে আজি এই সন্দৰ্ভত পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰৰ সন্দৰ্ভত ডেমাৰ্চ (আন এখন দেশৰ বিৰুদ্ধে লোৱা কূটনৈতিক পদক্ষেপ) জাৰি কৰি বিষয়াজনক ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে ।
কিন্তু পাকিস্তানী বিষয়াগৰাকীৰ পৰিচয় আৰু তেওঁ কেনেধৰণৰ সন্দেহজনক কামত জড়িত আছিল সেই সন্দৰ্ভত চৰকাৰে কোনো তথ্য প্ৰদান কৰা নাই । বৈদেশ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, “ভাৰতত চৰকাৰী মৰ্যাদাৰ সৈতে অসংগতিপূৰ্ণ কাৰ্যকলাপত জড়িত হোৱাৰ বাবে ভাৰত চৰকাৰে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত এজন পাকিস্তানী বিষয়াক নন গ্ৰেটা বুলি ঘোষণা কৰিছে । বিষয়াগৰাকীক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে । এই সন্দৰ্ভত আজি পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰ্ছলৈ এখন ডেমাৰ্চ জাৰি কৰা হয় ।”
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নতুন দিল্লীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি স্থান ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই অভিযানত ভাৰতে বিমান আক্ৰমণত জয়ছ, লস্কৰ আৰু হিজবুলৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে, য’ত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হয় ।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছত ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, য’ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বিষয়াৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰাকে ধৰি ভাৰতে পাকিস্তানৰ সকলো প্ৰতিৰক্ষা উপদেষ্টাক বহিষ্কাৰ কৰি এসপ্তাহৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে । ভাৰতে ইছলামবাদত থকা উচ্চায়ুক্তৰ পৰাও প্ৰতিৰক্ষা উপদেষ্টাসকলক প্ৰত্যাহাৰ কৰি কূটনীতিবিদৰ সংখ্যাও হ্ৰাস কৰে ।