নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী
নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ Gen-Z ল’ৰা-ছোৱালী ৰাজপথলৈ ওলাই আহিছে আৰু ছচিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে ।
কাঠমাণ্ডুৰ বিভিন্ন চহৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ বিৰুদ্ধে Gen-Z ৰ বিপ্লৱ আৰম্ভ হৈছে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে সংসদ ভৱনত প্ৰৱেশ কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰে।চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পৰা আৰম্ভ কৰি দুৰ্নীতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ নতুন যুৱ প্ৰজন্মই।
এই বিক্ষোভত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে পথত সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা যায়।প্ৰতিবাদৰ সময়ত চৰকাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোন আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰে।
নেপাল চৰকাৰে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আদি ২৬টা ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰাত ক্ষুব্ধ যুৱক-যুৱতীসকলে ৮ ছেপ্টেম্বৰৰ পৰা জেন-জি বিপ্লৱৰ নাম দি প্ৰতিবাদ আৰম্ভ কৰিছে।
লগতে পঢ়ক: আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু