Meta AI Ads ক লৈ উত্থাপিত গোপনীয়তাৰ প্ৰশ্ন! বিচলিত হৈছে Facebookআৰু WhatsApp ৰ ব্যৱহাৰকাৰীসকল

Meta ৰ নতুন গোপনীয়তা নীতিক লৈ প্ৰশ্ন উত্থাপন হৈছে। চিন্তিত হৈ পৰিছে যে Facebook, Instagram আৰু WhatsApp ৰ ব্যৱহাৰকাৰীসকল

Meta ৰ নতুন গোপনীয়তা নীতি ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু থ্ৰেডছ ব্যৱহাৰকাৰীসকলে এতিয়া চিন্তিত হৈ পৰিছে যে কোম্পানীটোৱে AI ৰ জৰিয়তে তেওঁলোকৰ অনলাইন কাৰ্যকলাপ পূৰ্বতকৈ অধিক নিৰীক্ষণ কৰিবলৈ ওলাইছে।

Meta ই কয় যে ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে নিজৰ পছন্দৰ বিজ্ঞাপন চাব পাৰিব, কিন্তু সমালোচকসকলে কয় যে ইয়াৰ ফলত গোপনীয়তাৰ প্ৰতি ভাবুকি আহি পৰিছে।

এয়া কোনো সৰু পৰিৱৰ্তন নহয়। মেটা এ এতিয়া AI ৰ সহায়ত নিজৰ সমগ্ৰ বিজ্ঞাপন ব্যৱসায় চলাবলৈ সাজু হৈছে। অৰ্থটো স্পষ্ট: কোম্পানীটোৱে ইয়াৰ সকলো প্লেটফৰ্মতে ব্যৱহাৰকাৰীৰ তথ্য পূৰ্বতকৈ অধিক গভীৰভাৱে ব্যৱহাৰ কৰিবলৈ ওলাইছে, যাতে বিজ্ঞাপনবোৰ অধিক সঠিক কৰি তুলিব পৰা যায়।

নতুন নীতি অনুসৰি মেটাৰ এআইয়ে আপুনি যি ভাল পায় তাক অনুসৰণ কৰিব, আপুনি কি বিচাৰে, কেনেধৰণৰ পোষ্টত ৰৈ যায়, আনকি AI সহায়কৰ সৈতে কি কথা-বতৰা হয় সকলো।

কেৱল বাৰ্তাবোৰেই নহয়, ইয়াৰ লগত জড়িত মেটাডাটা যেনে বিষয়, মূল শব্দ বা ভইচ চেটৰ সৈতে জড়িত তথ্যও এলগৰিদমটোত উপনীত হ’ব পাৰে।

মেটাই দাবী কৰে যে ই আপোনাৰ ব্যক্তিগত বাৰ্তাবোৰ মানুহৰ দৰে “নপঢ়ে”, কিন্তু এই তথ্যৰ ভিত্তিত বিজ্ঞাপন দেখুওৱাৰ ধাৰণাটোৱে গোপনীয়তা বিশেষজ্ঞসকলক সতৰ্ক কৰি তুলিছে। এতিয়া মেটা এআই পোনপটীয়াকৈ ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ অংশ হৈ পৰিছে।

কিন্তু গ্ৰাহকৰ অধিকাৰ, গোপনীয়তা আৰু নাগৰিক অধিকাৰৰ সৈতে জড়িত ৩৬টা সংস্থাই আমেৰিকাৰ ফেডাৰেল ট্ৰেড কমিছনত অভিযোগ দাখিল কৰিছে।

তেওঁলোকে কয় যে ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন দেখুওৱাটোৱে গোপনীয়তাৰ সীমা অতিক্ৰম কৰে আৰু সন্মতি আৰু তথ্য সুৰক্ষাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: নতুন টাইমুৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণত বিফল পাকিস্তান; ভেদ কৰিব নোৱাৰিলে লক্ষ্য

নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী; ফেচবুক-এক্স-ইউটিউবৰ নিষেধাজ্ঞাক লৈ হুলস্থুল

নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী

নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ Gen-Z ল’ৰা-ছোৱালী ৰাজপথলৈ ওলাই আহিছে আৰু ছচিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে ।

কাঠমাণ্ডুৰ বিভিন্ন চহৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ বিৰুদ্ধে Gen-Z ৰ বিপ্লৱ আৰম্ভ হৈছে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে সংসদ ভৱনত প্ৰৱেশ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰে।চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পৰা আৰম্ভ কৰি দুৰ্নীতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ নতুন যুৱ প্ৰজন্মই।

এই বিক্ষোভত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে পথত সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা যায়।প্ৰতিবাদৰ সময়ত চৰকাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোন আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰে।

নেপাল চৰকাৰে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আদি ২৬টা ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰাত ক্ষুব্ধ যুৱক-যুৱতীসকলে ৮ ছেপ্টেম্বৰৰ পৰা জেন-জি বিপ্লৱৰ নাম দি প্ৰতিবাদ আৰম্ভ কৰিছে।

লগতে পঢ়ক: আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু

নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Facebook, YouTube, X, Instagram সহ ২৬টা ছ’চিয়েল মিডিয়া এপক নিষিদ্ধ কৰা হৈছে। Facebook, YouTube, X, Instagram  আদি প্লেটফৰ্ম নেপালত এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।

২৮ আগষ্টত নেপালৰ উচ্চতম ন্যায়ালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক দেশত কাম কৰিবলৈ পঞ্জীয়ন কৰিবলৈ কৈছিল।

কিন্তু ফেচবুক, ইউটিউবৰ দৰে প্লেটফৰ্মসমূহে সময়সীমাৰ পিছতো পঞ্জীয়ন কৰা নাছিল, যাৰ বাবে চৰকাৰে এই প্লেটফৰ্মসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৰাজহুৱা জাননী জাৰি কৰি কয় টেলিকম কৰ্তৃপক্ষই দেশৰ সকলো পঞ্জীয়নবিহীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি কয় তেওঁ আশা কৰে যে বুধবাৰৰ ভিতৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে তেওঁৰ সৈতে যোগাযোগ কৰিব, ইয়াৰ পিছত চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত নেপাল টেলিকম কৰ্তৃপক্ষই এই সকলোবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা সপ্তাহত তাত থকা উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু পৰিচালনাৰ নিৰ্দেশনাৰ ভিত্তিত ৩ ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ সকলো দেশীয় আৰু বিদেশী ছ’চিয়েল মিডিয়া প্লেটফৰ্মক নিৰ্দেশনা জাৰি কৰিছিল।

ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অবাঞ্চিত বিষয়বস্তু নিৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই আদেশ জাৰি কৰা হৈছে।

লগতে পঢ়ক: মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

Meta ৰ ডাঙৰ পদক্ষেপ; বন্ধ কৰিলে ১ কোটি ফেচবুক একাউন্ট

Meta ৰ ডাঙৰ পদক্ষেপ

Meta ই এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰাৰ তথ্য দিছে। তেওঁলোকে কৈছে যে, যি সকল লোকে ফেক একাউন্ট চলাই আছিলে, তেনে ১ কোটি ফেচবুক একাউণ্ট ব্লক কৰা হৈছে।

চলিত বৰ্ষৰ প্ৰথমাৰ্ধত কোম্পানীটোৱে এই ফেচবুকএকাউণ্টসমূহ ডিলিট কৰিছে, যাক কোম্পানীয়ে স্পেমি কন্টেন্ট বুলি নাম দিছে।

আচলতে কোম্পানীটোৰ লক্ষ্য হৈছে ফেচবুক ফিডক অধিক প্ৰাসংগিক, পৰিষ্কাৰ আৰু প্ৰামাণিক কৰি তোলা। বিশেষকৈ বৰ্তমান সামাজিক মাধ্যমত এআইয়ে সৃষ্টি কৰা কন্টেন্ট ইমান দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে যেন ইয়াত বানপানী হৈছে।

কোম্পানীটোৱে কয় যে এই ভুৱা একাউণ্টসমূহে ফেচবুকৰ এলগৰিদম আৰু দৰ্শকৰ কাৰণৰ সুবিধা ল’ব বিচৰা বুলি অভিযোগ উঠিছে, তাৰ বাবে তেওঁলোকে ডাঙৰ ডাঙৰ কন্টেন্ট ক্ৰিয়েটৰৰ ডুপ্লিকেট একাউণ্ট তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল।

কোম্পানীটোৱে জনাইছে যে, অন্য ৫ লাখ একাউণ্টৰ বিৰুদ্ধে ভুল কাৰ্যকলাপৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই একাউণ্টসমূহ মন্তব্য স্পেম, বটৰ দৰে এংগেজমেণ্ট আৰু কন্টেন্ট পুনঃব্যৱহাৰৰ সৈতে জড়িত আছিল।

Meta ই নিজৰ ব্লগপোষ্টত কয় যে মেটাই মূল কনেন্ট ক্ৰিয়েতৰ বিশেষভাৱে অনন্য ছবি বা ভিডিঅ’ বনোৱা ক্ৰিয়েতৰ্চ সকলক পুৰস্কৃত কৰিবলৈ নতুন নীতিৰ বিষয়ে তথ্য দিছে।

লগতে, কোম্পানীয়ে এতিয়া ডুপ্লিকেট কন্টেন্ট ধৰা পেলাবলৈ আৰু ইয়াৰ কাৰণ হ্ৰাস কৰিবলৈ এটা প্ৰযুক্তি ব্যৱহাৰ কৰিব।

Meta ৰ এই পদক্ষেপ এনে এটা সময়ত গ্ৰহণ কৰা হৈছে যেতিয়া কোম্পানীটোৱে নিজেই বৃহৎ পৰিসৰত AI আন্তঃগাঁথনিৰ কাম কৰি আছে।

লগতে, CEO মাৰ্ক জুকাৰবাৰ্গে ইয়াৰ ছুপাৰ কম্পিউটিং ক্ষমতা বিকাশৰ কৰা আৰু অহা বছৰ ইয়াৰ প্ৰথমটো AI ছুপাৰ ক্লাষ্টাৰ মুকলি কৰিবলৈ বিপুল পৰিমাণৰ ধন ব্যয় কৰাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক: সপোন পূৰণ হ’ল এলন মাস্কৰ; ভাৰতত মুকলি হ’ল প্ৰথমটো টেছলাৰ শ্ব’ৰুম

লাখ লাখ Facebook ব্যৱহাৰকাৰীয়ে লাভ কৰিব Passkey ফীচাৰ; পাছৱৰ্ড অবিহনে হ’ব লগ ইন

Facebook ব্যৱহাৰকাৰীয়ে লাভ কৰিব Passkey ফীচাৰ

যদি আপুনি মেটাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Facebook ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আছে।ফেচবুকৰ লাখ লাখ ব্যৱহাৰকাৰীক মেটাই নতুন প্ৰাইভেচি ফিচাৰ দিছে।

Meta ৰ তৰফৰ পৰা ফেচবুকৰ কাৰণে Passkey ফীচাৰ মুকলি কৰিছে। ফেচবুকৰ এই নতুন ফীচাৰ পাছৱৰ্ডৰ সৈতে একাউণ্ট লগ ইনৰ হেঁচা সম্পূৰ্ণৰূপে শেষ হৈ যাব।

শেষ হ’ল পাছৱৰ্ড মনত ৰখা সমস্যা

মেটাই Facebook Passkey ফীচাৰক বৰ্তমান iOS আৰু এণ্ড্ৰইড মোবাইল ব্যৱহাৰকাৰীৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। কোম্পানীয়ে অতি সোনকালে মেচেঞ্জাৰৰ বাবেও এই ফীচাৰ প্ৰৱৰ্তন কৰিব।

এই বৈশিষ্ট্যৰ সহায়ত ফেচবুক ব্যৱহাৰকাৰীয়ে পাছৱৰ্ড অবিহনেও নিজৰ একাউণ্টত সুৰক্ষিতভাৱে লগইন কৰিব পাৰিব।

Passkey ফীচাৰত ব্যৱহাৰকাৰীসকলে ফিংগাৰপ্ৰিণ্ট, ফেচ আইডি, বা পিনৰ জৰিয়তে তেওঁলোকৰ একাউণ্টত লগইন কৰিব পাৰিব।

ফেচবুকে শ্বেয়াৰ কৰা তথ্য অনুসৰি Passkey প্ৰযুক্তিক FIDO নামৰ এটা সংস্থাই ডিজাইন কৰিছে।একাউণ্টত লগ ইন কৰাৰ এই পদ্ধতিটো পুৰণি পদ্ধতিতকৈ পাছৱৰ্ড বা OTPৰ দৰে বহুত ভাল আৰু সুৰক্ষিত।

এতিয়া আপুনি দীঘলীয়া পাছৱৰ্ড তৈয়াৰ কৰাৰ প্ৰয়োজন নহ’ব আৰু এই পাছৱৰ্ডবোৰ মনত ৰখাৰ হেঁচাও নাথাকিব।

Facbook এ কৈছে যে, Passkey ৰ সৈতে জড়িত ফিংগাৰপ্ৰিণ্ট, ফেচ আইডি বা পিনৰ সবিশেষ ফোনটোতে চেভ হৈ থাকে। এই তথ্য ফেচবুক বা আন কোনোৱেও চাব নোৱাৰে।

Passkey অহাৰ পিছত ব্যৱহাৰকাৰীসকলে সুৰক্ষাৰ অতিৰিক্ত স্তৰ লাভ কৰিবলৈ গৈ আছে। যদি আপুনি এই নতুন গোপনীয়তা বৈশিষ্ট্য ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি ফেচবুকৰ ‘একাউণ্ট চেণ্টাৰ’ত গৈ ইয়াক সক্ষম কৰিব লাগিব।

ফীচাৰ ইনবেল কৰাৰ পিছত যেতিয়া আপুনি একাউণ্টত লগইন কৰে, আপুনি Passkey সংহতি কৰিবলৈ কোৱা হ’ব। Passkey ব্যৱহাৰকাৰীয়ে নামৰ সলনি ইমেইল বা মোবাইল নম্বৰ দেখা পাব।কিন্তু মনত ৰাখিব লাগিব যে এবাৰ ছেট কৰিলে ইয়াক সলনি কৰিব নোৱাৰি।

লগতে পঢ়ক: ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ; ষ্টাৰশ্বিপ পৰীক্ষণৰ সময়তে ঘটিল অঘটন

সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰা সকল সাৱধান; মুকলি কৰা হ’ব এআই ভিত্তিক নিৰীক্ষণ প্লেটফৰ্ম

ফেচবুক, ইনষ্টাগ্ৰাম, এক্স ইত্যাদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উৰাবাতৰি প্ৰচাৰ কৰাসকল এতিয়া সাৱধান। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিয়পি থকা উৰাবাতৰি ৰোধ কৰিবলৈ AI ভিত্তিক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰা হ’ব।এই ব্যৱস্থাই ছ’চিয়েল মিডিয়াৰ লগতে ডিজিটেল প্লেটফৰ্মত বিয়পি থকা ভুৱা বিষয়বস্তু নিৰীক্ষণ কৰিব।

বেংগালুৰু আৰক্ষীয়ে এই এআই ভিত্তিক ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্ম নিৰীক্ষণ ব্যৱস্থা মুকলি কৰিবলৈ সাজু হৈছে।

এই AI ভিত্তিক প্লেটফৰ্মটো ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ যিকোনো ভুৱা বা ভুল তথ্য নিৰীক্ষণৰ কাম কৰিব।

ইয়াৰ বাবে আপুনি মাত্ৰ কীৱৰ্ড এন্টাৰ কৰাৰ প্ৰয়োজন আছে ।এআইৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা বিষয়বস্তু শুদ্ধ নে নহয় সেইটো জানিব পৰা যাব।

জানিব পৰা মতে এই AI ভিত্তিক ব্যৱস্থাৰ বাবে নিবিদা জাৰি কৰা হৈছে।এই ব্যৱস্থাই ব্যৱহাৰকাৰী, নিৰ্দিষ্ট সত্তা, ব্ৰেণ্ড, সংস্থা বা বিষয়ৰ ওপৰত ভিত্তি কৰি ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মত বিয়পি থকা মিছা কথাবোৰ ধৰিবলৈ কাম কৰিব।

এআই ভিত্তিক ব্যৱস্থা হোৱাৰ বাবে ছ’চিয়েল মিডিয়াত কৰা যোগাযোগত কোনো আপত্তিজনক শব্দ বা ভাষা ব্যৱহাৰ কৰা হৈছে নেকি সেয়া জানিব পৰা যাব।

গোপনীয়তা ভংগ… মেটাই ভৰিলে ২২৩৯ কোটিৰ জৰিমনা

সোমবাৰে ইউৰোপীয় সংঘৰ গোপনীয়তা নিৰীক্ষণ সংস্থাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ মালিকনাধীন কোম্পানী মেটাক ২২৩৯ কোটি টকা (২৫১ মিলিয়ন ইউৰো) জৰিমনা বিহিছে । ২০১৮ চনত ফেচবুকৰ ডাটা উলংঘনৰ তদন্তৰ পিছতে এই জৰিমনা বিহা হৈছে, যিয়ে লাখ লাখ একাউণ্টত প্ৰভাৱ পেলাইছিল । আয়াৰলেণ্ডৰ ডাটা প্ৰটেকচন কমিছনে এই উলংঘনৰ তদন্ত সম্পূৰ্ণ কৰাৰ পিছতে এই জৰিমনা বিহে । এই উলংঘনত হেকাৰে ফেচবুকৰ ক’ডত থকা বাগৰ সুবিধা গ্ৰহণ কৰি ইউজাৰ একাউণ্টত প্ৰৱেশ কৰে । ইয়াৰ ফলত হেকাৰে এক্সেছ টোকেন নামেৰে জনাজাত ডিজিটেল কী চুৰি কৰাত সহায় লাভ কৰে ।

সমগ্ৰ ২৭খন দেশৰ ইউৰোপীয় সংঘত কঠোৰ গোপনীয়তা ব্যৱস্থাৰ অধীনত, আয়াৰলেণ্ডৰ তথ্য সুৰক্ষা আয়োগ হৈছে মেটাৰ বাবে মুখ্য গোপনীয়তা নিয়ন্ত্ৰক আৰু মেটাৰ আঞ্চলিক মুখ্য কাৰ্যালয় ডাবলিনত অৱস্থিত । মেটাই এক বিবৃতিত কয় যে এই সিদ্ধান্ত ২০১৮ চনৰ এটা কাণ্ডৰ সৈতে জড়িত । সমস্যাটো চিনাক্ত হোৱাৰ লগে লগে আমি ইয়াক সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিলোঁ । ইয়াৰ দ্বাৰা আক্ৰান্ত লোক আৰু আইৰিছ নিয়ন্ত্ৰকক এই বিষয়ে অৱগত কৰা হৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে আপীল কৰিব বুলি জানিবলৈ দিছে ।

৫ কোটি একাউণ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছিল-

নিয়ন্ত্ৰকে কয় যে যেতিয়া প্ৰথমবাৰৰ বাবে তথ্য ফাদিল হোৱাৰ কথা প্ৰকাশ কৰিছিল তেতিয়া ফেচবুকে ৫ কোটি একাউণ্ট প্ৰভাৱিত হোৱা বুলি দাবী কৰিছিল । কিন্তু ইউৰোপৰ ৩০ লাখ একাউণ্টকে ধৰি প্ৰকৃত সংখ্যা আছিল প্ৰায় ২.৯ কোটি । কোম্পানীটোৱে কয় যে এফ বি আইয়ে এই বাগ আৱিষ্কাৰ কৰাৰ পিছত আমেৰিকা আৰু ইউৰোপৰ নিয়ন্ত্ৰকসকলক সতৰ্ক কৰি দিছিল ।

হঠাতে বন্ধ হৈ গ’ল ইনষ্টাগ্ৰাম আৰু ফেচবুক সেৱা; চিন্তিত হৈ পৰিল  হোৱাটছএপ ব্যৱহাৰকাৰীসকলো

আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে পুনৰবাৰ মেটা সেৱা বিচ্ছিন্ন হোৱাৰ খবৰ প্ৰকাশ পাইছে । বুধবাৰে গভীৰ নিশা হঠাৎ কাম কৰা বন্ধ হৈ যায় ফেচবুক আৰু ইনষ্টাগ্ৰামৰ । ইয়াৰ বাবে লাখ লাখ লোকে অভিযোগ কৰিবলৈ আৰম্ভ কৰে । লগে লগে ফেচবুক আৰু ইনষ্টাগ্ৰামে কাম নকৰাৰ খবৰ সকলোতে প্ৰকাশ পায় ।

আউটেজ ট্ৰেকিং ৱেবছাইট DownDetector.com ৰ তথ্য অনুসৰি ফেচবুকৰ এক লাখৰো অধিক ব্যৱহাৰকাৰী আৰু ইনষ্টাগ্ৰামৰ প্ৰায় ৭০ হাজাৰ ব্যৱহাৰকাৰীয়ে সেৱা বন্ধ হোৱাৰ অভিযোগ উত্থাপন কৰিছে । কিন্তু কম সময়ৰ ভিতৰতে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ সেৱা পুনৰুদ্ধাৰ হয় ।

এই সন্দৰ্ভত মেটাই টুইট কৰি তথ্য দিছে । প্ৰতিষ্ঠানটোৱে কয় যে ‘আমি জানো যে এটা কাৰিকৰী সমস্যাই কিছুমান ব্যৱহাৰকাৰীৰ আমাৰ এপসমূহত প্ৰৱেশ কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাইছে । আমি অতি সোনকালে কামবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাম কৰি আছো আৰু যিকোনো অসুবিধাৰ বাবে ক্ষমা বিচাৰিছো ।‘