গৰমত সুস্থ আৰু শক্তিশালী হৈ থাকক
গ্ৰীষ্মকালত প্ৰখৰ ৰ’দ, আৰ্দ্ৰতা আৰু উচ্চ উষ্ণতাৰ বাবে শৰীৰ ডিহাইড্ৰেট হয় । যাৰ বাবে প্ৰায়ে ভাগৰুৱা অনুভৱ হয় আৰু মন খিংখিঙীয়া হৈ পৰে । গতিকে এই সমস্যাৰ পৰা হাস সাৰিবলৈ গ্ৰীষ্মকালত নিজৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিব লাগে । এই ঋতুত কিছু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰি আপুনি নিজকে শক্তিশালী আৰু সুখী কৰি ৰাখিব পাৰে । গতিকে গ্ৰীষ্মকালত নিজকে কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰি জানো আহক ।
পুৱা সোনকালে উঠক-
দেৰিকৈ উঠাৰ অভ্যাসে আপোনাৰ দিনটোৰ ৰুটিনত ব্যাঘাত জন্মায় । এনে পৰিস্থিতিত গৰমৰ দিনত পুৱা সোনকালে উঠাটো অভ্যাস কৰি লওক । পুৱা যিমানেই সোনকালে উঠিব, দিনটো সিমান সোনকালে আৰম্ভ হ’ব । ইয়াৰ ফলত সমগ্ৰ দিনটো আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব । ইয়াৰ লগতে ৰাতি সোনকালে শুৱাৰ অভ্যাস কৰি লওক যাতে আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি যাব পাৰে আৰু পুৱা সোনকালে উঠিব পাৰে ।
নিজকে হাইড্ৰেটেড কৰি ৰাখক-
গ্ৰীষ্মকালত শৰীৰত পানী কমি যোৱাৰ বাবে অধিক ভাগৰুৱা অনুভৱ হয় । গতিকে গৰমৰ দিনত পৰ্যাপ্ত পানী খাব লাগে । ইয়াৰ বাবে লেমনেড, নাৰিকল পানী, চাট্টু আৰু বেলৰ চৰ্বতৰ দৰে বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । এই অভ্যাসৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব ।
ৱৰ্কআউট কৰক-
যদি আপোনাৰ ৱৰ্কআউট কৰাৰ অভ্যাস আছে তেন্তে ৰাতিপুৱা কৰিব পাৰে । পুৱা ৱৰ্কআউট কৰিলে আপুনি গোটেই দিনটো শক্তিশালী হৈ থাকিব আৰু আপোনাৰ মনো ভালে থাকিব । ইচ্ছা কৰিলে মৰ্নিং ৱাকো কৰিব পাৰে, ইয়াৰ দ্বাৰা আপুনি বিশুদ্ধ বতাহ লাভ কৰিব ।
প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট কৰক-
প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্টে আপোনাক ওজন বৃদ্ধি নকৰাকৈয়ে গোটেই দিনটো শক্তিশালী কৰি ৰাখে । ইয়াৰ বাবে আপুনি পুৱাৰ ব্ৰেকফাষ্টত সতেজ ফল, স্মুদি, অটছ, শুকান ফল আৰু কণী খাব পাৰে । সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ আপুনি এই অভ্যাস গ্ৰহণ কৰিব পাৰে ।
নিজৰ লগত কিছু সময় কটাওক-
পুৱা নিজৰ লগত কিছু সময় কটাওক । এই সময়ছোৱাত আপুনি উশাহ-নিশাহৰ ব্যায়াম বা ধ্যান কৰিব পাৰে । যদি আপুনি বিচাৰে, তেন্তে যিবোৰ কথাৰ বাবে আপুনি ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে, সেইবোৰ কথা লিখিব পাৰে ।
লগতে পঢ়ক : ৰাতিপুৱা গৰম পানীত দি খাওক নেমুৰ ৰস; দৈনিক সেৱন কৰিলে হ’ব উপকাৰ