মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা
ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই সন্মান লাভ কৰিছে ।
অভেল টেষ্টত দলক দিলে জয়-
ইংলেণ্ডৰ বিৰুদ্ধে এই নিৰ্ণায়ক টেষ্ট মেচখনত মহম্মদ ছিৰাজে মুঠ ৯টা উইকেট দখল কৰে । বিশেষকৈ শেষৰ দিনটোত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । এই জয়েৰে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী অক্ষুণ্ণ ৰাখে ।
বঁটা লাভ কৰাৰ পিছত ডি এছ পি ছিৰাজৰ বক্তব্য-
বঁটা লাভ কৰি সুখ প্ৰকাশ কৰি মহম্মদ ছিৰাজে কয় যে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক বিশেষ সন্মান । এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী আছিল এক স্মৰণীয় শৃংখলা । ইংলেণ্ডত তেওঁলোকৰ শক্তিশালী বেটিঙৰ বিৰুদ্ধে বলিং কৰাটো প্ৰত্যাহ্বানজনক আছিল যদিও ই মোক মোৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত কৰিছিল ।’
ইংলেণ্ড ভ্ৰমণত ছিৰাজৰ প্ৰদৰ্শন-
ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ পাঁচখন টেষ্ট খেলা একমাত্ৰ বলাৰ আছিল মহম্মদ ছিৰাজ । পাঁচখন টেষ্টত সৰ্বাধিক ২৩টা উইকেট দখল কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ সৰ্বাধিক ১৮৫.৩ অভাৰ বলিং কৰাৰ লগতে মুঠ ১১১৩টা বল কৰে । এই সময়ছোৱাত তেওঁ দুবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰে । ইংলেণ্ডত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭০ ৰানত ৬ উইকেট ।
লগতে পঢ়ক : এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ