থাই সুন্দৰীৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ
শনিবাৰে হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ৰ গ্ৰেণ্ড ফিনালে । থাইলেণ্ডৰ ২১ বছৰীয়া মডেল ওপাল সুচাটা চুৱাংশ্ৰীয়ে ২০২৫ৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰে । এই সৌন্দৰ্য্য প্ৰতিযোগিতাত ১০৮খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । অৱশ্যে ভাৰতৰ নন্দিনী গুপ্তাই শীৰ্ষ ৮ ত স্থান লাভ কৰাত ব্যৰ্থ হয় । ইথিওপিয়াৰ হাছেট ডেৰেজে আদমাছুক ৰানাৰ্ছ আপ বিবেচিত হয় । উল্লেখ্য যে, ভাৰতৰ সুন্দৰী নন্দিনী গুপ্তাক মিছ ৱৰ্ল্ড ২০২৫ খিতাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল ।
ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় নন্দিনী গুপ্তাই । আত্মবিশ্বাস, ব্যক্তিত্ব আৰু সামাজিক বিষয়ৰ বুজাবুজিৰে তেওঁ কেৱল বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিছিল । তেওঁৰ হাঁহি আৰু বুদ্ধিমত্তাই তেওঁক ভিৰৰ মাজৰ পৰা আঁতৰাই ৰাখিছিল ।
পোন হয় ওপাল সুচাটা ?
২০০৩ চনৰ ২০ ছেপ্টেম্বৰত থাইলেণ্ডত জন্মগ্ৰহণ কৰিছিল সুচাটা ওপালে । থাই মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপো লাভ কৰিছে তেওঁ । মিছ ৱৰ্ল্ড খিতাপ দখল কৰা তেওঁ প্ৰথমগৰাকী থাই মহিলা । ইয়াৰ পূৰ্বেও তেওঁ ‘মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২৪’ হৈছিল ।
সুচাতা চুৱাংশ্ৰীয়ে ‘মিছ ইউনিভাৰ্ছ ২০২৪’তো অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাত তৃতীয় ৰানাৰ্ছ আপ আছিল তেওঁ । সুচাটাই ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত ডিগ্ৰী লাভ কৰিছে ।
লগতে পঢ়ক : ফাইনেলত আধৰুৱা হৈ ৰ’ল ভাৰতৰ সপোন… শীৰ্ষ ৮ৰ পৰা বাহিৰ নন্দিনী গুপ্তা