হৰমুজ প্ৰণালীত গুজৰাট অভিমুখী জাহাজত আক্ৰমণ, ওমান নৌসেনাৰ উদ্ধাৰ অভিযান

আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়

পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ১১ মাৰ্চত হৰমুজ প্ৰণালীত এক বৃহৎ ঘটনা সংঘটিত হয় । থাইলেণ্ডৰ পতাকা থকা এখন মালবাহী জাহাজ গুজৰাট অভিমুখে আহি থকা অৱস্থাত কোনো অজ্ঞাত বস্তুৱে আঘাত কৰে । আক্ৰমণৰ পিছতে জাহাজখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় । ওমানৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ১১ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছে এই ঘটনা ।

জাহাজখনৰ নাম “ময়ুৰী নাৰী” বুলি চিনাক্ত কৰা হৈছে । থাইলেণ্ড চৰকাৰে কয় যে আক্ৰমণৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । জাহাজখনত মুঠ ২৩ জন ক্ৰু মেম্বাৰ আছিল । ওমানৰ নৌসেনাই ক্ষিপ্ৰতাৰে অভিযান চলাই ২০ জনক নিৰাপদে উদ্ধাৰ কৰে । অৱশ্যে জাহাজখনত এতিয়াও তিনিজন ক্ৰু মেম্বাৰ আছে । তেওঁলোকৰ অৱস্থা বা জাহাজখনৰ ক্ষতিৰ পৰিসৰৰ তথ্য এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে ।

ৰয়েল থাই নেভি আৰু ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনে এই আক্ৰমণৰ খবৰ দিয়ে । তদন্তত প্ৰকাশ পাইছে যে জাহাজখন প্ৰিচিয়াছ শ্বিপিং নামৰ কোম্পানী এটাৰ মালিকানাধীন বাল্ক কেৰিয়াৰ আছিল । ইয়াৰ পৰিচয় ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ নম্বৰ আৰু জাহাজখনৰ কামৰ দ্বাৰা নিশ্চিত কৰা হৈছিল । এই আক্ৰমণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডক সময়মতে নিয়ন্ত্ৰণলৈ অনা হয় ।

সামুদ্ৰিক অনুসৰণ ব্যৱস্থাৰ তথ্য অনুসৰি এই আক্ৰমণ সংঘটিত হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জাহাজ পথ হৰমুজ প্ৰণালীৰ ভিতৰত, যিয়ে বিশ্বৰ শক্তি যোগানৰ এক উল্লেখযোগ্য অংশ । জাহাজখনৰ শেষৰটো লিপিবদ্ধ স্থান আছিল ১১ মাৰ্চত ওমানৰ উপকূলৰ ওচৰত ।

লগতে পঢ়ক : ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণ, এগৰাকী ভাৰতীয়ৰ লগতে ৪জন আহত

ভয়ংকৰ; চলন্ত ৰে’লৰ ওপৰত পৰিল ক্ৰেন,নিহত ২২ গৰাকীকৈ যাত্ৰী  

থাইলেণ্ডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । চলন্ত ৰে’লৰ ওপৰত পৰিল এখন ক্ৰেন। বৰ্তমানলৈকে ২২ গৰাকীকৈ যাত্ৰী নিহত হয়।

থাইলেণ্ডত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে।চলন্ত ৰে’লৰ ওপৰত পৰিল এখন ক্ৰেন। দুৰ্ঘটনাটোৰ ফলত ২২ গৰাকী যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ৩০ তকৈ অধিক লোক আহত হয়।

জানিব পৰা মতে, এই দুৰ্ঘটনাটো বুধবাৰে পুৱা ৰাজধানী বেংককৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত ছিখিঅ’ জিলাত সংঘটিত হয়।

দুৰ্ঘটনাত পতিত  যাত্ৰীবাহী ৰে’লখন উবন ৰাটচাথানি প্ৰদেশ অভিমুখে গৈ আছিল। দুৰ্ঘটনাটোৰ ফলত যাত্ৰীবাহী ৰেলখন ৰেলপথৰ পৰা বাগৰি পৰে।

খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে বুলি জানিব পাৰে।

লগতে পঢ়ক: চৰকাৰ বিৰোধী প্ৰতিবাদত জ্বলিছে ইৰাণ… হিংসাত্মক ঘটনাত ৫৩৮ জনৰ মৃত্যু

থাইলেণ্ড-কম্বোডিয়া সংঘাত সমাধানৰ বাবে আগবাঢ়ি আহিল আছিয়ান দেশ, কুৱালালামপুৰত বৈদেশিক মন্ত্ৰীৰ বৈঠক

থাইলেণ্ড-কম্বোডিয়া সংঘাত সমাধানৰ চেষ্টা আছিয়ান দেশৰ । বিবাদ সমাধানৰ বাবে এইবাৰ দ্বিতীয়বাৰৰ বাবে আছিয়ান দেশসমূহ একত্ৰিত হৈছে ।

থাইলেণ্ড আৰু কম্বোডিয়াৰ সংঘাত সমাধানৰ বাবে আগবাঢ়ি আহিছে আছিয়ান দেশসমূহ । সোমবাৰে মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত সমবেত হয় আছিয়ান দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকল । বৈদেশিক মন্ত্ৰীসকলৰ এই বৈঠকত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত চলি থকা সংঘাত বন্ধ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হয় । উল্লেখযোগ্য যে আছিয়ান দেশসমূহৰ মাজত হোৱা বিবাদ সমাধানৰ বাবে এইবাৰ দ্বিতীয়বাৰৰ বাবে আছিয়ান দেশসমূহে একত্ৰিত হৈছে ।

ট্ৰাম্পৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতি ভংগ-

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমা বিবাদৰ ফলতে যোৱা জুলাই মাহত দুয়োখন দেশৰ মাজত সংঘাত সৃষ্টি হৈছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জুলাই মাহত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত মালয়েছিয়াত অনুষ্ঠিত হোৱা আছিয়ান সন্মিলনৰ সময়ত এই যুদ্ধবিৰতি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হয় । কিন্তু দুসপ্তাহ পূৰ্বে এই যুদ্ধবিৰতি ভংগ হোৱাৰ ফলত দুয়োখন দেশে পুনৰ আক্ৰমণ আৰম্ভ কৰে ।

থাইলেণ্ড আৰু কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰীয়ে বৈঠকত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰে-

দেওবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি থাইলেণ্ড আৰু কম্বোডিয়াক শত্ৰুতা বন্ধ কৰিবলৈ, গধুৰ অস্ত্ৰ আঁতৰাবলৈ, লেণ্ডমাইন নিক্ষেপ কৰা বন্ধ কৰিবলৈ আৰু কুৱালালামপুৰ শান্তি চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় । থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰী ছিহাছাক ফাউংকেটকেওৱে দেওবাৰে ছ’চিয়েল মিডিয়াত কয় যে তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতিছে আৰু যুদ্ধবিৰতিৰ দিশত কাম কৰাৰ থাইলেণ্ডৰ দৃঢ় উদ্দেশ্য প্ৰকাশ কৰিছে ।

তেওঁ কয় যে সোমবাৰে কুৱালালামপুৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত থাইলেণ্ডে অংশগ্ৰহণ কৰিব । দেওবাৰে কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰী প্ৰাক ছ’খনে এই বৈঠকত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে আৰু সকলো শান্তিপূৰ্ণ উপায়, আলোচনা আৰু কূটনীতিৰ জৰিয়তে মতানৈক্য আৰু বিবাদ সমাধানৰ চেষ্টা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে ঢাকাত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

থাইলেণ্ডত গ্ৰেপ্তাৰ পলাতক লুথ্ৰা ভাতৃদ্বয়ক, গোৱা আৰক্ষীৰ দল ৰাওনা

গোৱাত এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ অভিযুক্ত লুথ্ৰা ভাতৃদ্বয়ক থাইলেণ্ডত আটক কৰা হৈছে । এই ভাতৃদ্বয়ক ভাৰতলৈ আনিবলৈ থাইলেণ্ড ৰাওনা হৈছে গোৱা আৰক্ষীৰ এটা দল ।

ভাৰতৰ অনুৰোধত থাইলেণ্ড আৰক্ষীয়ে লুথ্ৰা ভাতৃদ্বয়ক ফুকেটত আটক কৰিছে । শেহতীয়াকৈ গোৱাত নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছিল । এই নাইট ক্লাবটোৰ প্ৰতিষ্ঠাপক লুথ্ৰা ভাতৃদ্ব এই ঘটনাৰ পিছত পলাতক হৈ আছিল । যোৱা সপ্তাহত ৬ ডিচেম্বৰত গোৱাৰ আৰ্পোৰাৰ বাৰ্চ বাই ৰোমিঅ’ নাইটক্লাবত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত ২৫ জন লোকৰ কৰুণ মৃত্যুৰ লগতে বহু লোক আহত হয় । এই ঘটনাৰ পিছত ক্লাবটোৰ প্ৰতিষ্ঠাপক ভাতৃদ্বয় ফুকেটলৈ পলায়ন কৰে আৰু এই গোচৰৰ অভিযুক্ত হিচাপে তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে ।

ইতিমধ্যে এই ঘটনাৰ ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ মূল অভিযুক্ত গৌৰৱ আৰু সৌৰভ লুথ্ৰাৰ পাছপ’ৰ্ট স্থগিত ৰাখিছে । ফুকেটৰ পৰা আগলৈ যাব নোৱাৰাকৈয়ে এই নিলম্বন কৰা হৈছিল । বিষয়াসকলে কয় যে এই পদক্ষেপ এক বৃহৎ অগ্ৰগতি আৰু ইণ্টাৰপ’ল আৰু কূটনৈতিক মাধ্যমেৰে তেওঁলোকক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত সহায় কৰিব পাৰে । অৱশ্যে তেওঁলোকক আটক কৰাটো এতিয়া এক উল্লেখযোগ্য পদক্ষেপ ।

এই ঘটনাৰ পিছতে লুথ্ৰা ভাতৃদ্বয়ে আদালতত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰে । বুধবাৰে আদালতে এই গোচৰত লুথ্ৰা ভাতৃদ্বয়ক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে আৰু তেওঁলোকৰ আবেদনৰ শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ

বিনাচৰ্ত যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছে থাইলেণ্ড-কম্বোডিয়া; নিশাৰ পৰা হ’ব কাৰ্যকৰী

বিনাচৰ্ত যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছে থাইলেণ্ড-কম্বোডিয়া

বিশ্বৰ বিভিন্ন প্ৰান্তত সীমান্ত সংঘাত চলি আছে । ক’ৰবাত যুদ্ধৰ ৰূপ লৈছে আৰু ক’ৰবাত অনিৰ্দিষ্টকালীন আলোচনাৰ পৰ্যায় চলি আছে । ইয়াৰ মাদতে দক্ষিণ এছিয়াত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমান্ত সংঘাত আৰম্ভ হয় আৰু পঞ্চম দিনা যুদ্ধবিৰতিৰে সমাপ্ত হয় । এই উত্তেজনাৰ চতুৰ্থ দিনলৈকে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু ২ লাখৰো অধিক লোকক পলায়ন কৰিবলগীয়া হৈছে । কিন্তু সকাহৰ খবৰটো হ’ল দুয়োখন দেশে বিনাচৰ্তে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

সোমবাৰে মালয়েছিয়াত শান্তি বৈঠকৰ বাবে থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতা বৈঠকত মিলিত হয় । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মধ্যস্থতাত কুৱালালামপুৰত এই আলোচনা অনুষ্ঠিত হয় । বৰ্তমান মালয়েছিয়া দক্ষিণ এছিয়াৰ সংগঠন আছিয়ানৰ অধ্যক্ষ, যাৰ দুয়োখন দেশ সদস্য । ছ’চিয়েল মিডিয়াত বহু সাংবাদিকে নিশ্চিত কৰিছে যে দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

বৃহস্পতিবাৰে লেণ্ডমাইন বিস্ফোৰণত ৫ গৰাকী থাইলেণ্ডৰ জোৱান আহত হোৱাৰ পিছতে এই সংঘাত আৰম্ভ হয় । ইয়াৰ পিছত দুয়োপক্ষই টেংক, জেট আৰু কামানেৰে আক্ৰমণ আৰম্ভ কৰে । থাইলেণ্ডে কম্বোডিয়াক চিকিৎসালয় আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কম্বোডিয়াই দাবী কৰিছে যে থাইলেণ্ডৰ সেনাই ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল । থাইলেণ্ডৰ তথ্য অনুসৰি ৮ জন জোৱান আৰু ১৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে কম্বোডিয়াই ৫ জন জোৱান আৰু ৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । থাইলেণ্ডৰ ১,৩৮০০০ আৰু কম্বোডিয়াৰ ৮০ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । দেওবাৰে আকৌ এবাৰ দুটা প্ৰাচীন মন্দিৰৰ সমীপত কামানৰ শব্দ শুনা যায় । অৱশেষত দুয়োখন দেশে শান্তি আলোচনাত সন্মতি দিয়ে আৰু ইয়াৰ ফলত যুদ্ধবিৰতি হয় ।

লগতে পঢ়ক : যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ

যুদ্ধ বন্ধ কৰক অন্যথা… কম্বোডিয়া আৰু থাইলেণ্ডক সকীয়নি ট্ৰাম্পৰ

যুদ্ধ বন্ধ কৰক অন্যথা…

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কম্বোডিয়া আৰু থাইলেণ্ডক যুদ্ধবিৰতি ঘোষণা নকৰিলে তেওঁলোকৰ সৈতে বাণিজ্যিক চুক্তি নকৰে বুলি সকীয়াই দিয়ে । ট্ৰাম্পে লগতে কয় যে এই সংঘাতে তেওঁক ভাৰত আৰু পাকিস্তানৰ মাজৰ সেই সংঘাতৰ কথা মনত পেলাই দিছে, যিটো তেওঁ সফলতাৰে বন্ধ কৰা বুলি দাবী কৰে ।

ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত কয় যে, “মই এই মাত্ৰ কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলোঁ আৰু তেওঁক থাইলেণ্ডৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছো । এতিয়া মই থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিম, যাতে যুদ্ধ আৰু হিংসাৰ অন্ত পৰে ।”

যদি কোনো দেশ যুদ্ধত আছে, তেন্তে আমেৰিকাই ব্যৱসায় নকৰে: ট্ৰাম্প

ট্ৰাম্পে আৰু কয়, আমি দুয়োখন দেশৰ সৈতে বাণিজ্যৰ আলোচনা কৰি আছো । কিন্তু যদি কোনো দেশ যুদ্ধত আছে, তেন্তে আমেৰিকাই তেনে দেশৰ সৈতে ব্যৱসায় নকৰে আৰু মই তেওঁলোকক এই কথা স্পষ্টকৈ কৈছো । থাইলেণ্ডৰ সৈতে আলোচনা কিছু সময়ৰ পিছত হ’ব । ইতিমধ্যে কম্বোডিয়াৰ সৈতে আলোচনা হৈছে । থাইলেণ্ডৰ লগত হোৱা কথা-বতৰাৰ পিছত আকৌ কথা পাতিব পাৰিম । এই কঠিন পৰিস্থিতিৰ সমাধানৰ বাবে চেষ্টা কৰিছো ।

দুয়োখন দেশৰ সৈতে আলোচনাৰ অন্তত শান্তি আৰু যুদ্ধবিৰতিৰ আশা-

ট্ৰাম্পে আৰু কয় যে এই যুদ্ধত বহু লোকৰ মৃত্যু হৈছে । তেওঁ কয় যে ইয়াৰ দ্বাৰা পাকিস্তান আৰু ভাৰতৰ মাজৰ সংঘাতৰ কথা মনত পৰিছে, যিটো সফলতাৰে বন্ধ হৈ গ’ল । ইয়াৰ পিছতে ট্ৰাম্পে থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি কয়, ‘কম্বোডিয়াৰ দৰে তেওঁলোকেও যুদ্ধবিৰতি বিচাৰে । এই কথা-বতৰা ভাল আছিল । এতিয়া মই এই বাৰ্তাটো আকৌ কম্বোডিয়ালৈ প্ৰেৰণ কৰিম । দুয়োখন দেশৰ লগত কথা পতাৰ পাছত শান্তি আৰু যুদ্ধবিৰতিৰ আশাৰ সৃষ্টি হৈছে । ফলাফল সোনকালে দেখা যাব ।’

দুয়োপক্ষই যুদ্ধবিৰতিৰ দাবী জনাইছে : ট্ৰাম্প

আন এটা পোষ্টত ট্ৰাম্পে কয় যে দুয়োপক্ষই যুদ্ধবিৰতিৰ দাবী জনাইছে যদিও যুদ্ধ বন্ধ নোহোৱালৈকে আমেৰিকাই বাণিজ্যৰ কথা নাপাতে । তেওঁ কয়, ‘কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা কথা-বতৰাত থাইলেণ্ডৰ মতামতো ভাগ কৰিলোঁ । দুয়োখন দেশে এতিয়া শীঘ্ৰে সাক্ষাৎ কৰি যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হৈছে । তেওঁলোকৰ সৈতে ব্যৱসায় কৰিবলৈ আমেৰিকা সন্মানিত হ’ব, কিন্তু যেতিয়া শান্তি থাকিব তেতিয়াহে ।’

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ

থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ

থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক

শেহতীয়াকৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত হোৱা সীমান্ত সংঘাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্বেগ বৃদ্ধি কৰিছে । ইফালে শনিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হয় । এই বৈঠক ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি’ বিষয়ৰ অধীনত অনুষ্ঠিত হয় । কম্বোডিয়াই এই বৈঠকৰ দাবী জনাইছিল, তাৰ পিছত ৰাষ্ট্ৰসংঘৰ ১৫খন সদস্য দেশেই বিষয়টোক গুৰুত্বসহকাৰে লয় ।

কম্বোডিয়াই অভিযোগ উত্থাপন কৰিছে যে থাইলেণ্ডে কোনো প্ৰৰোচনা নোহোৱাকৈ আক্ৰমণ কৰি বৌদ্ধ মন্দিৰ আৰু সীমান্তৱৰ্তী অঞ্চলক লক্ষ্য কৰি লৈছে । কম্বোডিয়াই কয় যে থাইলেণ্ডৰ সেনাই ইচ্ছাকৃতভাৱে প্ৰথমে গুলীচালনা কৰিছিল আৰু পূৰ্বনিৰ্ধাৰিত সীমান্ত চুক্তি উলংঘা কৰিছিল । আনহাতে, থাইলেণ্ডেও নিৰাপত্তা পৰিষদলৈ এখন পত্ৰ প্ৰেৰণ কৰি স্পষ্ট কৰি দিছে যে এই সংঘাত কম্বোডিয়াই আৰম্ভ কৰিছিল আৰু দেশখনৰ সৈন্যই থাইলেণ্ডৰ ভূখণ্ডত গুলীচালনা কৰিছিল ।

সীমান্তৰ উত্তেজনা বৃদ্ধিৰ ফলত ক্ষতিগ্ৰস্ত লাখ লাখ লোক-

থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্যন্ত ১.৩ লাখতকৈ অধিক লোক সংঘাত আক্ৰান্ত অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ পলায়ন কৰিছে । কম্বোডিয়াৰ হাজাৰ হাজাৰ লোকেও ঘৰ এৰি যাবলৈ বাধ্য হৈছে । দুয়োখন দেশে ইখনে সিখনৰ ৰাষ্ট্ৰদূতক পুনৰ আহ্বান কৰাৰ লগতে বহু সীমান্ত চেকপইণ্ট বন্ধ কৰি দিয়া হৈছে ।

আছিয়ান আৰু বিশ্ব নেতাৰ আবেদন-

বৰ্তমান আছিয়ানৰ অধ্যক্ষ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে দুয়োখন দেশক আলোচনা কৰিবলৈ আহ্বান জনাইছে আৰু মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়াইছে । আমেৰিকা, চীন, জাপান, ফ্ৰান্সৰ দৰে দেশসমূহেও দুয়োপক্ষক সংযম ৰক্ষা কৰি কূটনৈতিক সমাধান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

প্ৰাচীন মন্দিৰক লৈ পুৰণি বিবাদ-

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ ৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত দশক দশক ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে । এই বিবাদৰ কেন্দ্ৰবিন্দু হৈছে প্ৰাচীন হিন্দু মন্দিৰ ‘প্ৰসাত তা মুয়েন থম’ আৰু ‘প্ৰেহ ভিহেৰ’ । ২০১১ চনতো একেধৰণৰ সংঘাতত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়াও নিৰাপত্তা পৰিষদে নিজাকৈ বৈঠক অনুষ্ঠিত কৰি হস্তক্ষেপ কৰিছিল ।

শেহতীয়া পৰিস্থিতি-

১৬ আৰু ২৩ জুলাইত থাইলেণ্ডৰ জোৱান আহত হোৱাৰ লগতে সীমান্তত লেণ্ডমাইন বিস্ফোৰণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । যদিও কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীয়ে ২৪ জুলাইৰ পৰা যুদ্ধবিৰতিৰ কথা কৈছিল, তথাপিও থাইলেণ্ডে ইয়াক কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল । বৰ্তমান দুয়োখন দেশ কূটনৈতিক হেঁচা আৰু আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণৰ অধীনত আছে । আগন্তুক দিনত শান্তিৰ দিশত আছিয়ানৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : থাইলেণ্ডৰ সীমান্তত এতিয়াও যুদ্ধৰ দামামা; কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী

থাইলেণ্ডৰ সীমান্তত এতিয়াও যুদ্ধৰ দামামা; কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী

কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমা বিবাদে বিপদজনক ৰূপ ধাৰণ কৰিছে আৰু ২৭ জন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে কম্বোডিয়াতবিমান, আৰ্টিলাৰী আৰু স্থল সৈন্যৰ সৈতে চলি থকা হিংসাত্মক সংঘৰ্ষত ১৫ জন লোকৰ মৃত্যু হৈছে আৰু বৃহৎ সংখ্যক লোকে প্ৰব্ৰজন কৰিবলগীয়া হৈছে।

ইফালে, থাইলেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, এই সংঘাতত এতিয়ালৈকে ১২ জন থাইলেণ্ডৰ নাগৰিকৰো মৃত্যু হৈছে।

এই তীব্ৰ সংঘাতৰ মাজতে কম্বোডিয়াই শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছত তাৎক্ষণিকভাৱে বিনাচৰ্ত যুদ্ধবিৰতিৰ বাবে আবেদন জনায়।

ৰাষ্ট্ৰসংঘত কম্বোডিয়াৰ ৰাষ্ট্ৰদূত চিয়া কেওৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে, “কম্বোডিয়াই তাৎক্ষণিকভাৱে বিনা চৰ্তত এই বিৰতিৰ আহ্বান জনাইছে, আৰু আমি বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবেও আহ্বান জনাইছো।”

চেয়া কিয়’ৱে থাইলেণ্ডৰ এই দাবীকো নাকচ কৰে য’ত কোৱা হৈছিল যে এই সংঘাতৰ আগ্ৰাসী আছিল কম্বোডিয়া। তেখেতে প্ৰশ্ন কৰে, “কম্বোডিয়াৰ দৰে সৰু চুবুৰীয়াই থাইলেণ্ডৰ দৰে সামৰিক শক্তিক কেনেকৈ আক্ৰমণ কৰিব পাৰে?”

তেওঁ আৰু কয় যে নিৰাপত্তা পৰিষদে দুয়োপক্ষকে ‘সৰ্বোচ্চ সংযম দেখুৱাবলৈ আৰু কূটনৈতিক সমাধানৰ আশ্ৰয় লোৱা’ৰ আহ্বান জনাইছে, “আমিও একে দাবী কৰিছো।”

একে সময়তে থাইলেণ্ডে এই বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ কোনো মধ্যস্থতা সম্পূৰ্ণৰূপে নাকচ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাত গুৰুত্ব দিছে।

লগতে পঢ়ক: থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত তীব্ৰ হৈছে যুদ্ধ; থাইলেণ্ডৰ F-16 যুদ্ধ বিমান ধ্বংস

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত তীব্ৰ হৈছে যুদ্ধ; থাইলেণ্ডৰ F-16 যুদ্ধ বিমান ধ্বংস

থাইলেণ্ডৰ F-16 যুদ্ধ বিমান ধ্বংস

থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত তীব্ৰ যুদ্ধ অব্যাহত আছে।এই পৰ্যন্ত দুয়োপক্ষৰ মাজত চলি থকা সংঘাতত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

ইফালে কম্বোডিয়াৰ ৰকেট আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই থাইলেণ্ডে F-16  যুঁজাৰু বিমানেৰে ফ্নম পেনত আক্ৰমণ কৰিছে।

থাইলেণ্ডে বৃহস্পতিবাৰে কম্বোডিয়াক ছখন F-16 যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে।এই সময়ছোৱাত কম্বোডিয়াই থাইলেণ্ডৰ এখন যুদ্ধ বিমান ধ্বংস কৰিছে।

কম্বোডিয়াৰ টা মুয়েন থম মন্দিৰ, টা ক্ৰাবেই মন্দিৰ, মম বেই অঞ্চল আৰু প্ৰেহ ভিহেয়াৰ মন্দিৰৰ আশে-পাশে আক্ৰমণ সংঘটিত হৈছে।ৰাতিপুৱাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে।

এই স্থানসমূহ সংঘাতৰ মূল বিন্দু হিচাপে চিনাক্ত কৰা হৈছে। কম্বোডিয়াৰ নেতৃত্বই কয় থাই সেনাই আক্ৰমণ আৰম্ভ কৰিছিল, যিটো তেওঁলোকে ঘোষণা কৰা “চাকপং ফুলনাট সামৰিক কৌশল”ৰ অধীনত আৰম্ভ কৰা প্ৰথমটো বৃহৎ আক্ৰমণ।

প্ৰধানমন্ত্ৰী হুন মানেটে কয় যে থাইলেণ্ডৰ বাহিনীয়ে অ’ডাৰ মেয়ানচেই প্ৰদেশত কম্বোডিয়াৰ সেনাৰ চকীত আক্ৰমণ চলাইছিল আৰু তাৰ পিছত আক্ৰমণটো মম বেই অঞ্চললৈকে সম্প্ৰসাৰিত কৰিলে।

“কম্বোডিয়াই সদায় শান্তিৰ জৰিয়তে সমস্যা সমাধানৰ পক্ষত আছে, কিন্তু এইবাৰ আমাৰ হাতত বলপূৰ্বক সঁহাৰি দিয়াৰ বাহিৰে আন কোনো বিকল্প নাছিল।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে কম্বোডিয়া চৰকাৰ, সেনা আৰু প্ৰশাসনে সম্পূৰ্ণ শক্তিৰে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ কামত নিয়োজিত।

ইয়াৰ উপৰিও থাইলেণ্ডৰ আক্ৰমণত ক্ষতিগ্ৰস্ত সাধাৰণ নাগৰিকক সহায় আগবঢ়োৱা হৈছে।

থাইলেণ্ডৰ আক্ৰমণৰ পিছত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন চেনে নাগৰিকসকলক আতংকিত হোৱা, মজুত ৰখা বা মূল্য বৃদ্ধিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: ৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ, চীন সীমান্তৰ সমীপত হৈছিল যোগাযোগ বিচ্ছিন্ন