থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰাক নিলম্বন; সাংবিধানিক আদালতৰ নিৰ্দেশ

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাট্ৰাক নিলম্বন

কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ফোন কলৰ অডিঅ’ ভাইৰেল হোৱাৰ পিছতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন কৰা হয় । প্ৰধানমন্ত্ৰীগৰাকীক গুৰুতৰ নৈতিক উলংঘাৰ অভিযোগ উত্থাপন কৰি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি সাংবিধানিক আদালতে এই নিৰ্দেশ দিয়ে । তদন্ত শেষ নোহোৱালৈকে প্ৰধানমন্ত্ৰীক নিলম্বন কৰাৰ সপক্ষে ন্যায়াধীশসকলে ৭ৰ বিপৰীতে ২ ভোটত ভোটদান কৰে । আনহাতে, সংকটত পৰা মিত্ৰজোঁটৰ চৰকাৰ সন্দৰ্ভত মঙলবাৰে থাইলেণ্ডৰ ৰজাই চৰকাৰত নতুন কেবিনেট সদস্য নিযুক্তিৰ ক্ষেত্ৰত অনুমোদন জনায় ।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰা আৰু কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’ ফাদিল হৈছিল । ইয়াৰ পিছতে থাইলেণ্ডত হুলস্থুলৰ সৃষ্টি হয় আৰু প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ আৰম্ভ হয় । অডিঅ’ ভাইৰেল হোৱাৰ প্ৰধানমন্ত্ৰী শিনাৱাট্ৰাক গুৰুতৰ নৈতিকতা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা আবেদনখন সাংবিধানিক আদালতে বিবেচনা কৰিব নেকি তাকে লৈ থাইলেণ্ডত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল ।

পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই কয় যে তেওঁ এই প্ৰক্ৰিয়াটো মানি ল’ব আৰু অনুসৰণ কৰিব, যদিও তেওঁৰ কামত ব্যাঘাত জন্মাটো তেওঁ নিবিচাৰে । বিষয়টো লৈ চিন্তিত বুলিও কয় থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে । ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আয়োগৰ কাৰ্যালয়ে আচৰণ বিধি উলংঘাৰ অভিযোগত তদন্তৰ সন্মুখীন হৈছে পাটংটাৰ্ণ ।

এই ফোন কল ভাইৰেল হোৱাৰ পিছতে থাইলেণ্ডৰ মিত্ৰজোঁটৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰে প্ৰধান দল ভুমজাইথাই । ইয়াৰ পিছত মঙলবাৰে থাইলেণ্ডৰ ৰজা মহা বাজিৰালংকৰ্ণে প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ নতুন মন্ত্ৰীসভাত অনুমোদন জনায় । নতুন মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিছে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা ভূমজাইথাই পাৰ্টিৰ নেতা অনুতিন চৰবিৰাকুলক । অডিঅ’ লিক হোৱাৰ বাবে তেওঁ মিত্ৰজোঁটৰ চৰকাৰ ত্যাগ কৰিছিল । অনুটিনৰ ঠাইত ফুমথুম ভেচাইয়াচাইক নিযুক্তি দিয়া হৈছে । ফুমথুম আছিল প্ৰতিৰক্ষা মন্ত্ৰী । এতিয়া তেওঁ গৃহ মন্ত্ৰালয়ৰ দায়িত্বও ল’ব ।

লগতে পঢ়ক : ট্ৰেড ডিল লক….; ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিৰ চৰ্তত সহমত

থাইলেণ্ডৰ ওপাল সুচাটাৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ…

থাই সুন্দৰীৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ

শনিবাৰে হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ৰ গ্ৰেণ্ড ফিনালে । থাইলেণ্ডৰ ২১ বছৰীয়া মডেল ওপাল সুচাটা চুৱাংশ্ৰীয়ে ২০২৫ৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰে । এই সৌন্দৰ্য্য প্ৰতিযোগিতাত ১০৮খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । অৱশ্যে ভাৰতৰ নন্দিনী গুপ্তাই শীৰ্ষ ৮ ত স্থান লাভ কৰাত ব্যৰ্থ হয় । ইথিওপিয়াৰ হাছেট ডেৰেজে আদমাছুক ৰানাৰ্ছ আপ বিবেচিত হয় । উল্লেখ্য যে, ভাৰতৰ সুন্দৰী নন্দিনী গুপ্তাক মিছ ৱৰ্ল্ড ২০২৫ খিতাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল ।

ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় নন্দিনী গুপ্তাই । আত্মবিশ্বাস, ব্যক্তিত্ব আৰু সামাজিক বিষয়ৰ বুজাবুজিৰে তেওঁ কেৱল বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিছিল । তেওঁৰ হাঁহি আৰু বুদ্ধিমত্তাই তেওঁক ভিৰৰ মাজৰ পৰা আঁতৰাই ৰাখিছিল ।

পোন হয় ওপাল সুচাটা ?

২০০৩ চনৰ ২০ ছেপ্টেম্বৰত থাইলেণ্ডত জন্মগ্ৰহণ কৰিছিল সুচাটা ওপালে । থাই মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপো লাভ কৰিছে তেওঁ । মিছ ৱৰ্ল্ড খিতাপ দখল কৰা তেওঁ প্ৰথমগৰাকী থাই মহিলা । ইয়াৰ পূৰ্বেও তেওঁ ‘মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২৪’ হৈছিল ।

সুচাতা চুৱাংশ্ৰীয়ে ‘মিছ ইউনিভাৰ্ছ ২০২৪’তো অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাত তৃতীয় ৰানাৰ্ছ আপ আছিল তেওঁ । সুচাটাই ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত ডিগ্ৰী লাভ কৰিছে ।

লগতে পঢ়ক : ফাইনেলত আধৰুৱা হৈ ৰ’ল ভাৰতৰ সপোন… শীৰ্ষ ৮ৰ পৰা বাহিৰ নন্দিনী গুপ্তা

থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোদী…বিমানবন্দৰত বিপুল আদৰণি

বৃহস্পতিবাৰে (৩ এপ্ৰিল) বেংককত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বেংককত থকা ভাৰতীয় প্ৰবাসীসকলে ‘মোদী-মোদী’ আৰু ‘বন্দে মাতৰম’ৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেয়াংকিটৰ লগতে আন কেইবাজনো শীৰ্ষ বিষয়াই ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰে । এই পোষ্টটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “থাইলেণ্ডৰ বেংককত অৱতৰণ কৰিলোঁ । আগন্তুক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ, ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ বান্ধোন শক্তিশালী কৰিবলৈ আগ্ৰহী ।”

উল্লেখযোগ্য যে ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডৰ ৰাজধানী বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । শুকুৰবাৰে (৪ এপ্ৰিল) তেওঁ আঞ্চলিক নেতাসকলৰ সৈতে সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ নেতৃত্বৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হৈ ভাৰত-থাইলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰিব ।

বেংককত ভাৰতীয় সম্প্ৰদায়ৰ লোকক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে-

বেংককত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক সম্পৰ্কক আলোকপাত কৰি প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ কথা ।

ইয়াৰ পূৰ্বে প্ৰস্থান বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ আমন্ত্ৰণত আজি মই থাইলেণ্ডলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আৰু ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিছো । তেওঁ কয়, “যোৱা দশকত বিমষ্টেক বংগোপসাগৰ অঞ্চলত আঞ্চলিক উন্নয়ন, সংযোগ, অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ উত্তৰ-পূব অঞ্চল বিমষ্টেকৰ কেন্দ্ৰবিন্দুত আছে ।”

বিমষ্টেকৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ-

বিমষ্টেকৰ নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে উৎসাহ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বিমষ্টেক দেশসমূহৰ নেতাসকলক লগ পাই আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে গঠনমূলকভাৱে জড়িত হ’বলৈ মই আগ্ৰহী ।”

বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী…

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া থাইলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক (BIMSTEC) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্ৰমণ । ইয়াৰ পিছতে শ্ৰীলংকালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী ।

প্ৰথমে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে য’ত ৭খন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব । এই সন্মিলনত থাইলেণ্ড, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ম্যানমাৰ আৰু ভূটানৰ নেতাসকলে অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ শ্ৰীলংকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী । ভাৰতৰ আৰ্থিক সাহায্যত দেশখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক প্ৰকল্পসমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

বিমষ্টেকৰ অধ্যক্ষতা কৰিছে থাইলেণ্ডে-

এই সন্মিলনৰ মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলন ঘোষণাপত্ৰ গ্ৰহণ কৰা, যিয়ে নেতাসকলৰ দৃষ্টিভংগী আৰু দিশসমূহৰ ওপৰত আলোকপাত কৰিব । লগতে, ঐতিহাসিক বেংকক ভিজন ২০৩০ ভৱিষ্যতৰ সহযোগিতা বৃদ্ধিৰ বাবে প্ৰথম কৌশলগত ৰোডমেপ হ’ব । আঞ্চলিক সংযোগৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে সকলো দেশৰ নেতাই সামুদ্ৰিক পৰিবহণ সহযোগিতা চুক্তিতো স্বাক্ষৰ কৰিব, যাৰ লক্ষ্য হৈছে বংগোপসাগৰত বাণিজ্য আৰু ভ্ৰমণ সম্প্ৰসাৰণ কৰা ।

বিমষ্টেক সন্দৰ্ভত এক বিবৃতি জাৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “বিমষ্টেকৰ কাঠামোৰ ভিতৰত সহযোগিতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু সামৰ্থ্য বিকাশৰ ব্যৱস্থাৰ বিষয়েও নেতাসকলে আলোচনা কৰাৰ আশা কৰা হৈছে । নিৰাপত্তা বৃদ্ধি, বাণিজ্য আৰু বিনিয়োগৰ সুবিধা প্ৰদান, ভৌতিক, সামুদ্ৰিক আৰু ডিজিটেল সংযোগ স্থাপন, জলবায়ু, শক্তি, মানুহৰ মাজত সম্পৰ্ক বৃদ্ধি কৰা আৰু মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাকে ধৰি আঞ্চলিক সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ভাৰতে বিমষ্টেকত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।”

ভাৰত আটাইতকৈ প্ৰভাৱশালী সদস্য-

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই বিমষ্টেক শীৰ্ষ সন্মিলনে ইয়াৰ কৌশলগত দিশ গঢ় দিয়াত সহায়ক বুলি প্ৰমাণিত হ’ব । ইয়াৰ উপৰিও বংগোপসাগৰ অঞ্চলত অৰ্থনৈতিক বিকাশ, নিৰাপত্তা সহযোগিতা আৰু বহনক্ষম উন্নয়নৰ বাবে ই এক গুৰুত্বপূৰ্ণ শক্তি হৈ থাকিব । নিৰাপত্তা, শক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাৰ নেতৃত্ব দিয়া বিমষ্টেকৰ চাৰি প্ৰতিষ্ঠাপক সদস্যৰ ভিতৰত ভাৰত অন্যতম ।

২০১৮ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা চতুৰ্থ বিমষ্টেক শীৰ্ষ সন্মিলনৰ পিছত এইখন হ’ব বিমষ্টেকৰ নেতাসকলৰ প্ৰথমখন অফলাইন বৈঠক । এইবাৰ ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনৰ বিষয়বস্তু “বিমষ্টেক – সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি” হিচাপে ৰখা হৈছে ।

ভয়ংকৰ পথ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত ১৮ জন লোকৰ মৃত্যু

পূৱ থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

খবৰ অনুসৰি বুধবাৰে ৰাতিপুৱা এখন চাৰ্টাৰ্ড বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ পৰা বাগৰি পৰে। যাৰ ফলত ১৮ জন লোকৰ মৃত্যু হয় আৰু ৩১ জন আহত হয়।

আহত সকলক ততাতৈকায়ৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, দুৰ্ঘটনাটো প্ৰাচিনবুৰি প্ৰদেশত সংঘটিত হৈছিল। বাছখনৰ লোকসকল উত্তৰ থাইলেণ্ডৰ পৰা উপকূলীয় ৰয়ং প্ৰদেশৰ স্থানীয় চৰকাৰৰ সৈতে সম্পৰ্কিত এটা অধ্যয়নৰ বাবে ভ্ৰমণত আহিছিল।জানিব পৰা মতে আৰক্ষীয়ে পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।