থাইলেণ্ডৰ ওপাল সুচাটাৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ…
থাই সুন্দৰীৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ
শনিবাৰে হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ৰ গ্ৰেণ্ড ফিনালে । থাইলেণ্ডৰ ২১ বছৰীয়া মডেল ওপাল সুচাটা চুৱাংশ্ৰীয়ে ২০২৫ৰ মিছ ৱৰ্ল্ড খিতাপ লাভ কৰে । এই সৌন্দৰ্য্য প্ৰতিযোগিতাত ১০৮খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । অৱশ্যে ভাৰতৰ নন্দিনী গুপ্তাই শীৰ্ষ ৮ ত স্থান লাভ কৰাত ব্যৰ্থ হয় । ইথিওপিয়াৰ হাছেট ডেৰেজে আদমাছুক ৰানাৰ্ছ আপ বিবেচিত হয় । উল্লেখ্য যে, ভাৰতৰ সুন্দৰী নন্দিনী গুপ্তাক মিছ ৱৰ্ল্ড ২০২৫ খিতাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল ।
ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় নন্দিনী গুপ্তাই । আত্মবিশ্বাস, ব্যক্তিত্ব আৰু সামাজিক বিষয়ৰ বুজাবুজিৰে তেওঁ কেৱল বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিছিল । তেওঁৰ হাঁহি আৰু বুদ্ধিমত্তাই তেওঁক ভিৰৰ মাজৰ পৰা আঁতৰাই ৰাখিছিল ।
পোন হয় ওপাল সুচাটা ?
২০০৩ চনৰ ২০ ছেপ্টেম্বৰত থাইলেণ্ডত জন্মগ্ৰহণ কৰিছিল সুচাটা ওপালে । থাই মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপো লাভ কৰিছে তেওঁ । মিছ ৱৰ্ল্ড খিতাপ দখল কৰা তেওঁ প্ৰথমগৰাকী থাই মহিলা । ইয়াৰ পূৰ্বেও তেওঁ ‘মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২৪’ হৈছিল ।
সুচাতা চুৱাংশ্ৰীয়ে ‘মিছ ইউনিভাৰ্ছ ২০২৪’তো অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাত তৃতীয় ৰানাৰ্ছ আপ আছিল তেওঁ । সুচাটাই ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত ডিগ্ৰী লাভ কৰিছে ।
লগতে পঢ়ক : ফাইনেলত আধৰুৱা হৈ ৰ’ল ভাৰতৰ সপোন… শীৰ্ষ ৮ৰ পৰা বাহিৰ নন্দিনী গুপ্তা