‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
অসমীয়াৰ আপোন, মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিছাৰি সামাজিক মাধ্যমৰ লগতে সংগ্ৰ ৰাজ্য এতিয়া উত্তাল । সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিক তদন্ত আৰু এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা সকলো ব্যক্তিক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে ৰাজ্যবাসীয়ে । জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ এদিন পিছতে এতি এই দাবী সজোৰে উত্থাপন হৈছে । জুবিন অনুৰাগী, বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যবাসীয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ প্ৰতি এই ঘটনাৰ উচতি তদন্তৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে ।
ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মন্ত্ৰী হাজৰীকাই কয় যে, ৰাইজে যি কৈছে সেয়া মুখ্যমন্ত্ৰীয়ে কৰিব । সকলোৱে দেখিছে জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে প্ৰত্যেকটো বস্তু বা বিষয়ৰ নিজাকৈ উদ্যোগ লৈছিল । গতিকে আজি পুৱা মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত দিছে যে, ছিংগাপুৰৰ যিটো ফেষ্টিভেলত জুবিন দা গৈছিল সেই ফেষ্টিভেল অনুষ্ঠিত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । গতিকে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আৰু উচিত সিদ্ধান্ত লব বুলি আশাবাদী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে নিজেও কথা পাতি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এই বিষয়ত উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো অন্ত্যন্ত গুৰুত্বসহকাৰে লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । সেই কেইটা দিনত জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্বাচনকে ধৰি সকলো কথাই বাদ দিছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে । উক্ত কেইদিন মুখ্যমন্ত্ৰীয়ে কেৱল জুবিন গাৰ্গৰ অন্তিম বিদায়কে ধৰি এই বিষয়সমূহৰ ওপৰতহে মনোযোগ দিছিল বুলি কয় মন্ত্ৰী হাজৰীকাই ।
জুবিন গাৰ্গ অসমৰ সম্পদ বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে, এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অন্ত্যন্ত গুৰুত্বসহকাৰে লৈছে । জুবিন গাৰ্গ প্ৰত্যেকগৰাকী অসমীয়াৰ নিকটাত্মীয় । গতিকে জুবিন দাক কোনোবাই যদি বিপদত পেলাইছিল তেন্তে তেনে ব্যক্তিক সাৰি যাবলৈ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যেই নিদিয়ে ।
লগতে পঢ়ক : মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি : গৰিমা শইকীয়া গাৰ্গ