চুডানত ভয়ংকৰ ভূমিস্খলন
চুডানৰ পশ্চিম অঞ্চল দাৰফুৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । দেশখন নিয়ন্ত্ৰণ কৰা বিদ্ৰোহী সংগঠন- চুডান মুক্তি লিবাৰেশ্যন মুভমেন্ট সেনাই সোমবাৰে জনোৱা মতে, কেইবাদিনো হৈ থকা ধাৰাসাৰ বৰষুণৰ অন্তত দেওবাৰে টাৰ্চিন গাঁৱত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয় । খবৰ অনুসৰি এই গাঁওখন মধ্য দাৰফুৰৰ মাৰা পৰ্বতমালাত অৱস্থিত । এই ভূমিস্খলনক শেহতীয়া বছৰবোৰৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰা হৈছে ।
প্ৰায় সকলো গাঁওবাসীৰ মৃত্যু-
চুডান লিবাৰেশ্যন মুভমেন্ট- সেনাই জনোৱা মতে, প্ৰাথমিক তথ্য অনুসৰি ভয়ংকৰ ভূমিস্খলনত টাৰ্চিন গাঁৱত বাস কৰা প্ৰায় সকলো লোকৰ মৃত্যু হৈছে । মাত্ৰ এজন ব্যক্তিৰহে এই দুৰ্যোগৰ পৰা প্ৰাণৰক্ষা পৰে । এই দুৰ্যোগত প্ৰায় এক হাজাৰ লোকৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে । ভয়ংকৰ ভূমিস্খলনত গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে ।
মৃতদেহ উদ্ধাৰ কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ আবেদন-
ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সাহায্য গোটসমূহক সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাত সহায় কৰিবলৈ আৰু ধ্বংসাৱশেষৰ তলত পোত যোৱা মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে । স্থানীয় সংবাদ মাধ্যমে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে যে পাহাৰৰ মাজৰ সমগ্ৰ অঞ্চলটো সমতল হৈ পৰিছে আৰু তাত থকা ধ্বংসাৱশেষত মানুহে উদ্ধাৰ অভিযানত নামিছে ।
২০২৩ৰ পৰা সেনা আৰু আৰ এছ এফৰ অব্যাহত যুদ্ধ-
ইতিমধ্যে চুডানে ভয়ংকৰ গৃহযুদ্ধৰ সৈতে যুঁজি থকাৰ সময়তে এই দুৰ্যোগ সংঘটিত হৈছে । ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজধানী খাৰ্টুমকে ধৰি বহু ঠাইত দেশৰ সেনা আৰু অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত যুদ্ধ চলি আহিছে । সেনা আৰু আৰ এছ এফৰ মাজত হোৱা যুদ্ধৰ বাবে মাৰা পৰ্বতমালাকে ধৰি দাৰফুৰ অঞ্চলৰ বহু অংশ ৰাষ্ট্ৰসংঘ আৰু সাহায্য গোটৰ সহায়ৰ হাতৰ বাহিৰত ।
মাৰা পাহাৰত আশ্ৰয় লৈছে হাজাৰ হাজাৰ স্থানচ্যুত পৰিয়ালে-
মাৰা পৰ্বতমালা অঞ্চলত চুডান লিবাৰেশ্যন মুভমেন্ট-সেনা দাৰফুৰ আৰু কৰ্ডোফানত সক্ৰিয় কেইবাটাও বিদ্ৰোহী গোটৰ ভিতৰত অন্যতম । চলি থকা গৃহযুদ্ধত ই কোনো পক্ষৰ সৈতে জড়িত নহয় । মাৰা পৰ্বতমালা হৈছে আল-ফাশ্বাৰৰ দক্ষিণ-পশ্চিমে বিস্তৃত ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আগ্নেয়গিৰিৰ পৰ্বতমালা । ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলত সংঘাতত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ পৰিয়ালে ইয়াত আশ্ৰয় লৈছে ।
সংঘাতত এতিয়ালৈকে ৪০ হাজাৰৰো অধিক লোকৰ মৃত্যু-
চুডানত এতিয়ালৈকে এই সংঘাতত ৪০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, আৰু ১.৪ কোটিতকৈ অধিক লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে । দেশৰ বহু ঠাইত দুৰ্ভিক্ষ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ বাবে মানুহে জীয়াই থাকিবলৈ ঘাঁহ খাবলৈ বাধ্য হৈছে । ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংগঠনৰ মতে এই সংঘাতত জাতিগত হিংসা, গণহত্যা, ধৰ্ষণ আদি গুৰুতৰ অপৰাধ সংঘটিত হৈছে । আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়েও যুদ্ধাপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ… একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ